Rongali Bihu: কোনে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিল বিহু নাচৰ প্ৰচলন? বিহুত ব্যৱহাৰ কৰা বিশেষ লোকবাদ্যৰ বিষয়ে জানক…
বিহু হৈছে পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি।

পদূলিৰ মূখত হেঁপাৰ ৰঙালী। ত’ত নাই ডেকা-গাভৰুৰ গাত। নাচনীৰ কঁকাল ভাঙিবলৈ সাজু হৈছে ঢুলীয়াসকল। বিহু অসমীয়া সংস্কৃতিৰ আত্মা, অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়া আবেগ। ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হৈছে বিহুগীত আৰু বিহু নৃত্য। বিহুগীত আৰু বিহু নৃত্য অবিহনে ৰঙালী বিহুটি অস্তিত্বহীন।
কেতিয়া হৈছিল বিহু নাচৰ আৰম্ভণি?
অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিহু নাচৰ উৎসৰ বিষয়ে সঠিক তথ্য নাই। তথাপিও প্ৰচলি মতবাদ অনুসৰি আহোমসকলৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি অহা চুতীয়া,মৰাণ,দেউৰী, সোণোৱাল, ঠেঙাল আদি জনজাতীয় লোকৰ মাজত বিহু নৃত্যৰ প্ৰচলন আছিল বুলি জনা যায়। প্ৰায় ১৬ শ (খ্ৰীষ্টাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত বিহু নৃত্যৰ প্ৰচলন হৈছিল বুলি তথ্য পোৱা যায়। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে।
এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা, “কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাও।
বিহু হৈছে পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।
বিহুত ব্যৱহৃত প্ৰধান কেইটিমান লোকবাদ্য হ’ল:
ঢোল- বিহুৰ মূল অনবদ্য বাদ্য ঢোল
ম’হৰ শিঙৰ পেঁপা বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য
গগনা – পাতল এচটি বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্যৰ অন্তৰ্গত এবিধ হ’ল গগনা ।
বাঁহী – বাঁহেৰে তৈয়াৰী এবিধ বাদ্য
বাঁহৰ টকা – বাঁহেৰ তৈয়াৰী ঘণবাদ্য
সুতুলি – মাটিৰে তৈয়াৰী সুষিৰ বাদ্য
তাল – কাঁহ, ৰূপ আদি মিশ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য
ৰঙালী বিহুত বিহুৱা-বিহুৱতীৰ সাজযোৰত কিছুমান বস্তু অপৰিহাৰ্য । যেনে- বিহুৱান, হাঁচতি, কমৰ বান্ধনী বা টঙালি, মূৰত বন্ধা পাগ, চেলেং চাদৰ, ফুলৰ জাপি ইত্যাদি। বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক ৷ অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সুতা এক অপৰিহাৰ্য অংগ ৷ বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া ( ধুতি ) পৰিধান কৰে ৷ পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে ৷
মহিলা বা নাচনীসকলৰ অলংকাৰৰ ক্ষেত্ৰত ডিঙিত জোনবিৰি, ঢোলবিৰি, জাপিপতীয়া অলংকাৰ পিন্ধে ৷ হাতত গাম খাৰু আৰু কাণত কেৰু মণি থুৰীয়া পিন্ধে ৷ আজিকালি মহিলাসকলে মুগাৰ সলনি টচৰ মেখেলা-চাদৰ পিন্ধাও দেখা যায় ৷ কাপোৰযোৰৰ লগতে দীঘল হাতৰ ৰঙা ব্লাউজ পিন্ধে ৷ নাচনীয়ে খোপাত কপৌ ফুল (Foxtail Orchid) আৰু হাতত জেতুকা(Henna)ৰ প্ৰলেপ লগায় ৷ ওঠত বৰহমঠুৰিৰ পাত দি ৰঙীন বোল আকে ৷
লগতে পঢ়ক: কেতিয়া পালন কৰা হ’ব ব’হাগ বিহু? জানক ৰঙালীৰ পৰম্পৰা, তাৎপৰ্য, ইতিহাস সকলো…