Saraswathi puja 2025: সৰস্বতী পূজা কেতিয়া? জানক দিন, শুভ সময় আদি সকলো…

Saraswathi puja 2025: প্ৰতি বছৰে সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী মাৰ পূজা। মান্যতা অনুসৰি এই দিনটো সৰস্বতী মাৰ পূজা কৰিলে ভাল ফল লাভ কৰা যায়।

Saraswathi puja 2025: সৰস্বতী পূজা কেতিয়া? জানক দিন, শুভ সময় আদি সকলো...

সৰস্বতী পূজা কেতিয়া

Published: 

19 Jan 2025 20:39 PM

হিন্দু ধৰ্মত বসন্ত পঞ্চমীক অতি শুভ বুলি গন্য কৰা হয়। প্ৰতি বছৰে  মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়। বসন্ত পঞ্চমী জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী সৰস্বতীৰ নামত উৎসৰ্গিত। কোৱা হয়, এই দিনটোতে দেৱী সৰস্বতীৰ আৱিৰ্ভাৱ হৈছিল। বসন্ত পঞ্চমীৰ দিনা বসন্ত আগমনকো উদযাপন কৰা হয়। কোৱা হয় এই দিনটোত দেৱী সৰস্বতীৰ পূজা কৰিলে ভাল ফলাফল লাভ কৰা হয় আৰু শিক্ষাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হয়। সেয়ে প্ৰায় সকলো শিক্ষাৰ্থীয়ে সৰস্বতী পূজা পালন কৰে।

দিন

হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাৰ পৰা আৰম্ভ হ’ব। এই তিথি পিছদিনা অৰ্থাৎ ৩ ফেব্ৰুৱাৰীৰ পুৱা ৬:৫২ বজাত শেষ হ’ব। উদয় তাৰিখ অনুসৰি অহা ২ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হ’ব।  অৰ্থাৎ  চলিত বৰ্ষত সকলোৱে ২ ফেব্ৰুৱাৰীত সৰস্বতী পূজা পালন কৰিব।

শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি, বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতী পূজাৰ শুভ সময় ২ ফেব্ৰুৱাৰীৰ পুৱা ৭:০৯ বজাৰ দুপৰীয়া ১২ বাজি ৩৫ মিনিটলৈ থাকিব। গতিকে পূজা কৰিবলৈ ভক্তৰ হাতত শুভ সময় থাকিব মুঠ ৫ ঘন্টা ২৬ মিনিট পাব। মান্যতা অনুসৰি এই শুভ সময়ত পূজা কৰিলে সৰস্বতী মাৰ কৃপা লাভ কৰা যাব।

সৰস্বতীৰ মন্ত্ৰ

  • ওমঃ সৰস্বতী নম।।
  • যা দেৱী সৰ্বভূতেশু বিদ্যাৰূপে সংস্থিত নমস্তস্যই নমস্তস্যই নমস্তস্যই নমো নমঃ
  • ওম মন্দাকিন সমনিতাইহ, হেমামভোৰহ-বসিতাইহ স্নানাম কুৰুশ্ব দেৱেশী, সলিলাম চ সুগন্ধিভিঃ

সৰস্বতী পূজা

উল্লেখ্য যে, অসমৰো প্ৰায়ভাগ শিক্ষানুষ্ঠানে সৰস্বতী পূজা পালন কৰা হয়। এই দিনটো শিক্ষাৰ্থীসকলে সুন্দৰকৈ সাজ-পাৰ পৰিধান কৰি সৰস্বতী পূজাত অংশ গ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ অন্তত মাহ-প্ৰসাদ বিলোৱা হয়। পৰৱৰ্তী সময়ত সকলোৱে মিলি প্ৰীতিভোজন কৰে। বসন্ত পঞ্চমী হিন্দুসকলৰ এক উৎসৱ, য’ৰ পৰা বসন্ত উদযাপন প্ৰস্তুতিৰ আৰম্ভণি হয়। এই দিনটোতেই সৰস্বতী পূজা পালন কৰা হয়। এই উৎসৱত কৃষি পথাৰ পকা শস্যৰ হালধীয়া ফুলেৰে সৰস্বতীক আদৰা হয়, ই সৰস্বতীৰ প্ৰিয় ৰঙৰ সৈতে সম্পৃক্ত কৰে। এই দিনটোত বহুতে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰে।

 

বিঃদ্ৰঃ (ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সৈতে টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া