Saraswati Puja 2025: সমাগত সৰস্বতী পূজা, ৰাজ্য চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি…
বসন্ত পঞ্চমীত শুভক্ষণত সৰস্বতীৰ পূজা কৰা হয়। এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ নামত উৎসৰ্গিত।বিশ্বাস আছে যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয়। সেয়েহে বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী মাতা সৰস্বতীক ঘৰ, কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিত পূজা কৰা হয়।
সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ ব্য়াপক প্ৰস্তুতি। বাগদেৱী বীণাপাণিৰ বন্দনাৰে মুখৰিত হ’ব প্ৰতিখন শিক্ষানুষ্ঠান। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বসন্ত পঞ্চমীত শুভক্ষণত সৰস্বতীৰ পূজা কৰা হয়। এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ নামত উৎসৰ্গিত।বিশ্বাস আছে যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয়। সেয়েহে বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী মাতা সৰস্বতীক ঘৰ, কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিত পূজা কৰা হয়।
হিন্দু বৰ্ষপঞ্জী অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাত আৰম্ভ হ’ব। এই তিথি পিছদিনা, ফেব্ৰুৱাৰী ৩ তাৰিখে পুৱা ৬:৫২ বজাত সমাপ্ত হ’ব। উদয় তিথিৰ মতে, ২ ফেব্ৰুৱাৰীত পালন কৰা হ’ব বসন্ত পঞ্চমী। বসন্ত পঞ্চমীত দেৱী সৰস্বতীৰ পূজা কৰাৰ শুভ সময় হ’ব ২ ফেব্ৰুৱাৰীৰ পুৱা ৭:০৯ বজাৰ পৰা ১২:৩৫ বজালৈ।
ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পীসকলৰো। সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। বিক্ৰীৰ বাবে সাজু কৰিছে দেৱী সৰস্বতীৰ প্ৰতিমা। ৰং তুলিকাৰে আকৰ্ষণীয় কৰি তুলিছে বাগদেৱীৰ প্ৰতিমা। ইতিমধ্যে পূজাৰ মৃন্ময় মূৰ্তি আৰু পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ। কাইলৈ বা পূজাৰ দিনা পূৱা মন্দিৰ আৰু শিক্ষানুষ্ঠানলৈ নিয়া হ’ব সৰস্বতীৰ মূৰ্তিসমূহ। য’ৰ ৰীতি-নীতি অনুসৰি কৰা হ’ব বাগদেৱীৰ পূজা।
এই দিনটো বিশেষকৈ সাজ-পোছাক আৰু দেৱীৰ পূজাক প্ৰাধান্য দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি পূজাত তাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম-প্ৰসংগ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে বিভিন্ন খাদ্যৰে অতিথিসকলক আপ্যায়ন কৰা হয়। সৰস্বতীৰ পূজাত খিচিৰি আটাইতকৈ বিশেষ। কোৱা হয় যে, দেৱী সৰস্বতীৰ প্ৰিয় ৰং হালধিয়া। সেয়েহে, এই দিনটোত প্ৰায়ভাগ লোকে হালধীয়া পৰম্পৰাগত সাজ পিন্ধে। লগতে হালধীয়া ৰঙৰ জলপান আৰু মিঠাই বিতৰণ কৰে।
পূব ভাৰতত প্ৰধানকৈ পশ্চিমবংগ, অসম, ত্ৰিপুৰা আৰু বিহাৰ ৰাজ্যৰ লগতে নেপালত সৰস্বতী মন্দিৰ দৰ্শন কৰাৰ লগতে ঘৰতে সৰস্বতী দেৱীক পূজা কৰা হয়।ওড়িশাত এই উৎসৱক বসন্ত পঞ্চমী/শ্ৰী পঞ্চমী /সৰস্বতী পূজা হিচাপে পালন কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ দৰে দক্ষিণৰ ৰাজ্যসমূহত একেদিনাই শ্ৰী পঞ্চমী বুলি কোৱা হয়, ইয়াত “শ্ৰী” অংশই তেওঁক এক দেৱীৰ আন এটা ভাল দিশ বুলি উল্লেখ কৰে। বাংলাদেশতো সকলো প্ৰধান শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়ে বন্ধৰ দিন আৰু বিশেষ পূজাৰে পালন কৰে।