Saraswati Puja: দেৱী সৰস্বতীৰ স্বামী কোন! সততে চৰ্চিত এই প্ৰশ্ন সন্দৰ্ভত কি কয় আখ্যানে?

বাগদেৱী সৰস্বতীৰ পূজা-অৰ্চনাৰ ধাৰ্মিক চেতনাৰে কাইলৈ মুখৰিত হ’ব চৌপাশ। দেৱী সৰস্বতীৰ আশীৰ্বাদেৰে জ্ঞান, বুদ্ধি, প্ৰজ্ঞা লাভ কৰা যায় বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে সদায়েই বিশ্বাস কৰি আহিছে। অৱশ্যে এই পবিত্ৰ দিনটোত দেৱীৰ ওচৰত সেৱা জনোৱাৰ লগতে বহু লোকৰ মনত এক বিশেষ প্ৰশ্নই আউল লগোৱা দেখা যায়। এই বিশেষ প্ৰশ্নটি হৈছে দেৱী সৰস্বতীৰ স্বামী কোন?

Saraswati Puja: দেৱী সৰস্বতীৰ স্বামী কোন! সততে চৰ্চিত এই প্ৰশ্ন সন্দৰ্ভত কি কয় আখ্যানে?

দেৱী সৰস্বতীৰ স্বামী কোন!

Published: 

02 Feb 2025 23:31 PM

কাইলৈ সৰস্বতী পূজা। বাগদেৱী সৰস্বতীৰ পূজা-অৰ্চনাৰ ধাৰ্মিক চেতনাৰে মুখৰিত হ’ব চৌপাশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আশীৰ্বাদ গ্ৰহণেৰে মনোকামনা পূৰণৰ প্ৰাৰ্থনা জনাব সকলোৱে। দেৱী সৰস্বতীৰ আশীৰ্বাদেৰে জ্ঞান, বুদ্ধি, প্ৰজ্ঞা লাভ কৰা যায় বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে সদায়েই বিশ্বাস কৰি আহিছে। অৱশ্যে এই পবিত্ৰ দিনটোত দেৱীৰ ওচৰত সেৱা জনোৱাৰ লগতে বহু লোকৰ মনত এক বিশেষ প্ৰশ্নই আউল লগোৱা দেখা যায়। এই বিশেষ প্ৰশ্নটি হৈছে দেৱী সৰস্বতীৰ স্বামী কোন?

দেৱী সৰস্বতী সন্দৰ্ভত বহু আখ্যান মানুহৰ মুখে মুখে শুনা যায়। কোনো কোনোৱে সৰস্বতী দেৱী সৃষ্টিকৰ্তা ব্ৰহ্মৰ মানস কন্যা কন্যা বুলি উল্লেখ কৰাৰ বিপৰীতে আন কোনোৱে তেওঁ স্বয়ং নাৰায়ণৰ অংগ বুলিও কয়। ইফালে সৰস্বতী দেৱী ভগৱান ব্ৰহ্মাৰ পত্নী বুলিও কোৱা হয়। পিছে দেৱী সৰস্বতীৰ স্বামী কোন?- এই প্ৰশ্নৰ সঠিক উত্তৰ কি, সেই সন্দৰ্ভত আখ্যানে কি কয় চাওঁ আহক।

সৰস্বতীৰ স্বামী কোন সেই সম্পৰ্কে বিভিন্ন আাখ্যানৰ মতামত বেলেগ বেলেগ। প্ৰাচীন বিশ্বাস অনুসৰি দেৱী সৰস্বতী হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কন্যা। মানস কন্যাৰ জন্মৰ পিছত ব্ৰহ্মাই নিজেই তেওঁৰ সৌন্দৰ্য্য দেখি প্ৰেমত পৰিছিল। দেৱী পিতৃৰ আচৰণত অসন্তুষ্ট হয় যদিও ব্ৰহ্মাই মদন দেৱৰ সহায় লৈ সৰস্বতীক পত্নী হিচাপে গ্ৰহণ কৰে।

আন এক মতামত অনুসৰি ব্ৰহ্মা হৈছে আদি আৰু অবিনাশী। তেওঁ এই পৃথিৱীৰ সৃষ্টিকৰ্তা। তেওঁৰ পৰাই পুৰুষ আৰু নাৰীৰ সৃষ্টি হৈছিল। স্থবিৰ যিকোনো বস্তু পুৰুষত্বৰ প্ৰতীক আৰু যিকোনো গতিশীল বস্তু নাৰীত্বৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই সকলোৰে নিয়ন্ত্ৰক ত্ৰিদেৱ ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ আৰু এই ত্ৰিদেৱৰে পত্নী দেৱী সৰস্বতী-লক্ষ্মী-চণ্ডী।

ব্ৰহ্মাক জ্ঞানৰ প্ৰতীক বুলি কোৱা হয়। জ্ঞান হৈছে হৃদয়ৰ সত্তা। ইয়াক শব্দৰ যোগেদি, বাক্যৰ দ্বাৰা প্ৰকাশ কৰা হয়। সেই প্ৰশাকেই হৈছে দেৱী সৰস্বতী। আন এক বিশ্বাস অনুসৰি ব্ৰহ্মাই যেতিয়া জগত সৃষ্টি কৰিছিল তেতিয়া তেওঁ নিজৰ লাভৰ বাবে এগৰাকী সুন্দৰী নাৰীক জন্ম দিছিল। কিন্তু ব্ৰহ্মাদেৱ সেই মহিলাগৰাকীৰে প্ৰেমত পৰিল। তেতিয়া ব্ৰহ্মাই তেওঁৰ পাণি গ্ৰহণ কৰে। সেই নাৰীগৰাকীকে দেৱী সৰস্বতী বুলি জনা যায়।

ইয়াৰ উপৰিও আন এটা আখ্যানে দেৱী সৰস্বতীৰ স্বামী ভগৱান বিষ্ণু বুলি কয়। বিষ্ণু ভক্তিৰ মূৰ্তি। দেৱী সৰস্বতী লক্ষ্মী দেৱীৰ আন এক ৰূপ। লক্ষ্মী ভগৱান বিষ্ণুৰ পত্নী। সৰস্বতী লক্ষ্মী দেৱীৰ আন এক প্ৰকাশ। অৰ্থাৎ এইদৰে ধৰিলে ভগৱান বিষ্ণুৱেই হৈছে দেৱী সৰস্বতীৰ স্বামী।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া