Shardiya Navratri 2024 2nd Day : কাইলৈ নৱৰাত্ৰিৰ দ্বিতীয় দিন, জানক ব্ৰহ্মচাৰিণী পূজাৰ তাৎপৰ্য | shardiya navratri 2024 dusra din maa brahmacharini puja significance Assam news - Assam Tv9

Shardiya Navratri 2024 2nd Day : কাইলৈ নৱৰাত্ৰিৰ দ্বিতীয় দিন, জানক ব্ৰহ্মচাৰিণী পূজাৰ তাৎপৰ্য

নৱৰাত্ৰিৰ দ্বিতীয় দিনটো মা ব্ৰহ্মচাৰিণীক উৎসৰ্গিত কৰা হয়। মা ব্ৰহ্মচাৰিণীক জ্ঞান আৰু তপস্যাৰ দেৱী বুলি কোৱা হয়। পৌৰাণিক গ্ৰন্থসমূহত মা দুৰ্গাৰ এই ৰূপটো ভক্তসকলৰ বাবে অসীম ফলপ্ৰসূ বুলি বৰ্ণনা কৰা হৈছে।

Shardiya Navratri 2024 2nd Day : কাইলৈ নৱৰাত্ৰিৰ দ্বিতীয় দিন, জানক ব্ৰহ্মচাৰিণী পূজাৰ তাৎপৰ্য

কাইলৈ নৱৰাত্ৰিৰ দ্বিতীয় দিন

Updated On: 

03 Oct 2024 22:45 PM

৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শাৰীয় নৱৰাত্ৰি। প্ৰথম দিনাই মা শৈলপুত্ৰীৰ পূজা কৰা হয়। মা শৈলপুত্ৰীৰ পূজাৰে জীৱনত স্থিৰতা আৰু বৈবাহিক জীৱনত সুখ আৰু শান্তি আনে। নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়।

ব্ৰহ্মচাৰিণী নামৰ অৰ্থ হৈছে এগৰাকী নিষ্ঠাৱান নাৰী শিষ্যা যি তেওঁৰ গুৰুৰ সৈতে আন শিক্ষাৰ্থীৰ লগত আশ্ৰমত বাস কৰে। এইটো দেৱী দুৰ্গাৰ (পাৰ্বতী) দ্বিতীয় ৰূপ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা (নৱদুৰ্গাৰ প্ৰতি উৎসৰ্গিত নটা নিশা) দেৱীক পূজা কৰা হয়। ব্ৰহ্মচাৰিণী দেৱীয়ে শুকুলা বস্ত্ৰ পৰিধাণ কৰে। তেওঁ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু ধাৰণ ধৰে।

দেৱীৰ কাহিনীৰ বিভিন্ন সংস্কৰণ অনুসৰি, প্ৰথমে পাৰ্বতীয়ে শিৱক বিয়া কৰাবলৈ সংকল্প লয়। এই কথা পাৰ্বতীৰ মাক-দেউতাকে গম পাই আৰু তেওঁক নিৰুৎসাহিত কৰি এই বিবাহ কাৰ্যত বাধা আৰোপ কৰে, কিন্তু দেৱীয়ে যি বিচাৰে তাকেই অনুসৰণ কৰে সেয়ে তেওঁ প্ৰায় ৫০০০ বছৰ ধৰি তাপস্যাত বহে। ইয়াৰ মাজতে ঈশ্বৰে কামদেৱৰ কাষ চাপি দেৱী পাৰ্বতীৰ প্ৰতি শিৱৰ মনত আকাংক্ষা, কামোদ্দীপক প্ৰেম, আকৰ্ষণ সৃষ্টি কৰিবলৈ কৈছিল। সমগ্ৰ দেৱগনে এই পৰিকল্পনা কৰিছিল তাৰকাসুৰ নামৰ এজন অসুৰক বধ কৰাৰ উদ্দেশ্যে, কিয়নো তাৰকাসুৰে বৰ লাভ কৰিছিল যে তেওঁক কেৱল শিৱৰ সন্তানে হে হত্যা কৰিব পাৰিব। কামদেৱ শিৱৰ ওচৰ চাপে আৰু তপস্যাত লিপ্ত শিৱলৈ ইচ্ছাবান নিক্ষেপ কৰে।এই কাৰ্যত ক্ৰোধান্বিত হৈ শিৱই তেওঁৰ কপালত তৃতীয় চকু মেলি কামদেৱক পুৰি ছাই কৰি পেলায়। পাৰ্বতীয়ে শিৱৰ ওপৰত জয় লাভ কৰাৰ আশা বা সংকল্প পূৰণৰ বাবে তেওঁ শিৱৰ দৰে পৰ্বতত বাস কৰিবলৈ আৰম্ভ কৰে, শিৱৰ দৰে একে কাৰ্যকলাপত লিপ্ত হয়, যি হৈছে তপস্যা, যোগীন আৰু তপসৰ এটা স্বৰূপ – পাৰ্বতীৰ এই স্বৰূপটোক দেৱী ব্ৰহ্মচাৰিণী বুলি গণ্য কৰা হয়। তেওঁৰ তপস্বী অনুসৰণে শিৱৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰে। শিৱই দেৱীৰ ওচৰত ছদ্মবেশৰে উপস্থিত হৈ তেওঁক নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰে, ছদ্মবেশত শিৱই নিজৰ দুৰ্বলতা আৰু ব্যক্তিত্বৰ সমস্যাবোৰ দেৱীৰ ওচৰত ব্যক্ত কৰে। পাৰ্বতীয়ে এই কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু নিজৰ সংকল্পত অটল থাকে। এই সময়ছোৱাতে প্ৰকাণ্ডসুৰ নামৰ এটা অসুৰে তেওঁৰ অযুত সংখ্যক অসুৰ সেনাক লগত লৈ পাৰ্বতীক আক্ৰমণ কৰে। সেইসময়ত পাৰ্বতী আছিল তেওঁ তপস্যাৰ অন্তিম ক্ষণত। সেয়েহে, তেওঁ এই তপস্যা ভংগ হ’বলৈ দিব নোৱাৰে, কিন্তু ৰাক্ষসটোৱে দেৱীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত পাৰ্বতীক সহায়ৰ বাবে দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতী উক্ত স্থানত উপস্থিত হৈ অসুৰৰে যুঁজ দিয়ে কিন্তু অসুৰৰ সংখ্যা অসংখ্য হোৱা বাবে দুয়োগৰাকী দেৱী বিফল হয়। সেই সময়তে দেৱী পাৰ্বতীৰ কমণ্ডলু মাটিত পৰি যায় আৰু ইয়াৰ পানীয়ে সেই অসুৰ বোৰৰ বিনাশ সাধে। অৱশেষত প্ৰচণ্ডসুৰক বধৰ বাবে অত্যন্ত ক্ৰোধত দেৱীয়ে তেওঁৰ চকু মেলে আৰু ক্ৰোধৰ অগ্নিত প্ৰচণ্ডসুৰ জ্বলি ছাই হৈ যায়। দেৱী পাৰ্বতীৰ এই তপস্যাৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড প্ৰভাৱিত হয়। শিৱই অৱশেষত দেৱীক গ্ৰহণ কৰে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয়।দেৱী ব্ৰহ্মচাৰিণীৰ অৱস্থান স্বধিষ্ঠান চক্ৰত। ব্ৰহ্মচাৰিণীয়ে কৌমাৰ্য আৰু তেওঁৰ অংগবস্ত্ৰৰ বগা ৰঙে বিশুদ্ধতাক সূচায়।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...