Shardiya Navratri 2024 8th Day: নৱৰাত্ৰিৰ সপ্তম আৰু অষ্টম দিনা কোন দেৱীক পূজা কৰা হয়? জানক পূজাৰ সকলো নীতি-নিয়ম
নৱৰাত্ৰিৰ সপ্তম আৰু অষ্টম দিনা দেৱী দুৰ্গাৰ অন্য ৰূপৰ পূজা কৰা হয়। বহুতো ঘৰত, অষ্টমীৰ দিনা উপাসনা কৰাৰ পিছত নৱৰাত্ৰি উপবাস খোলা হয় আৰু কন্যা পূজনৰ পৰম্পৰা আছে।
Shardiya Navratri 2024 Date, Time And Puja Vidhi: হিন্দু ধৰ্মত নৱৰাত্ৰিৰ উৎসৱ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত ভক্তসকলে দুৰ্গা দেৱীৰ ৯ ৰূপক পূজা কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰে। ‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।
নৱৰাত্ৰিৰ সপ্তম আৰু অষ্টম দিনা কালৰাত্ৰি আৰু মহাগৌৰীৰ পূজা কৰা হয়।
কালৰাত্ৰি কোন?
কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।
খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭-ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক চল কৰি বধ কৰা হয়। তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পুত্ৰ পাঁচোজনৰ শিৰশ্ছেদ কৰে। এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয়। কালৰাত্ৰিৰ এই বৰ্ণনাই যুদ্ধৰ বীভিষিকাময় নগ্ন স্বৰূপটোকে মূৰ্তমান ৰূপত প্ৰতিফলিত কৰে বুলি কোৱা হয়।
মাৰ্কণ্ডেয় পুৰাণ
দুৰ্গা সপ্তসতীৰ প্ৰথম অধ্যায়ৰ ৭৫ সংখ্যক শ্লোকত সকলো পুৰাণতে বৰ্ণিত কালৰাত্ৰিৰ সংহাৰী ৰূপৰ উল্লেখ পোৱা যায়।
স্কন্দ পুৰাণ
স্কন্দ পুৰাণৰ আখ্যান অনুসৰি মহাদেৱে পাৰ্বতীক দুৰ্গমাসুৰক বধ কৰি দেৱতাসকলক পৰিত্ৰাণ দিবলৈ অনুৰোধ কৰে। এই কথাত সন্মৰি জনাই পাৰ্বতীয়ে এই কাৰ্যৰ বাবে কালৰাত্ৰিক প্ৰেৰণ কৰে।
দেৱী ভাগৱত পুৰাণ
দেৱী পাৰ্বতীৰ দেহৰ পৰা দেৱী অম্বিকা (কৌশিকি বা চণ্ডিকা) নিৰ্গত হোৱাৰ পিছত পাৰ্বতীৰ দেহ ক’লা মেঘৰ দৰে কৃষ্ণবৰ্ণ হৈ পৰে। সেয়ে পাৰ্বতীয়ে কালিকা আৰু কালৰাত্ৰি নাম পায়। তেওঁক দ্বিভূজা ৰূপত এখন হাতেৰে খড়্গ আৰু আনহাতে লাওখোলাৰ পাত্ৰ ধাৰণ কৰা অৱস্থাত বৰ্ণনা কৰা হয়। তেওঁ অসুৰৰাজ শুম্ভৰ নিধন কৰে।
বৰাহ পুৰাণ
বৰাহ পুৰাণত দেৱী কালৰাত্ৰিক বুজাবলৈ ৰৌদ্ৰী নামটো ব্যৱহাৰ কৰা হৈছে। ৯০-৯৬ সংখ্যক অধ্যায়ত ৰৌদ্ৰী অৰ্থাৎ কালৰাত্ৰিয়ে ৰূৰু নামৰ অসুৰ বধ কৰাৰ বৰ্ণনা পোৱা যায়।
বিষ্ণুধৰ্মোত্তৰ পুৰাণ
বিষ্ণুপুৰাণৰ পৰিশিষ্ট হিচাপে পৰিগণিত বিষ্ণুধৰ্মোত্তৰ পুৰাণৰ তৃতীয় খণ্ডৰ ৪৮ সংখ্যক অধ্যায়ত কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। ইয়াত তেওঁক মৃত্যুৰ দেৱতা যমৰ সহধৰ্মিণী দুমূৰ্ধনা হিচাপে বৰ্ণোৱা হৈছে। লক্ষ্মী সহস্ৰনামা স্ত্ৰোতম আৰু ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা সহস্ৰনামা স্ত্ৰোতমতো দেৱী কালৰাত্ৰিৰ উল্লেখ আছে।
মহাগৌৰী কোন?
মহাগৌৰী হৈছে পাৰ্বতীৰ অষ্টম অৱতাৰ আৰু নৱদুৰ্গাসকলৰ অন্যতম। নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়। হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে। যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়। মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়। দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে।
মহাগৌৰী নামৰ অৰ্থ হৈছে অত্যন্ত উজ্জ্বল, পৰিষ্কাৰ বৰণৰ বা চন্দ্ৰৰ দৰে উজ্জ্বল (মহা = মহান; গৌৰী = উজ্জ্বল, পৰিষ্কাৰ)। মহাগৌৰীক সাধাৰণতে চতুৰ্ভূজ ৰূপত চিত্ৰায়িত কৰা হয়। তেওঁ চাৰিও হাতত ত্ৰিশূল, পদুম ফুল আৰু ডম্বৰু ধাৰণ কৰে। এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গীত থাকে। পদুম ফুলৰ সলনি কেতিয়াবা জপমালাও ধাৰণ কৰা দেখা যায়। ইয়াৰ সলনি কোনো সময়ত তেওঁক অভয় মুদ্ৰাতো দেখা যায়। তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে। তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে।
মহাগৌৰীৰ উৎপত্তিৰ কাহিনী এনেধৰণৰ: ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ বৰ আছিল কেৱল পাৰ্বতীৰ কুমাৰী, অবিবাহিত ৰূপৰ দ্বাৰা বধ কৰিব পৰা যাব। সেয়েহে ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি শিৱই পাৰ্বতীক তেওঁৰ ছালৰ ৰঙৰ বাবে বাৰে বাৰে উপহাস কৰে। পাৰ্বতী এই উপহাসৰ দ্বাৰা উত্তেজিত হয় আৰু নিজৰ দেহৰ বৰণ শুকুলা কৰিবৰ বাবে তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাক উদ্দ্যেশ্যি গভীৰ তপস্যাত লীণ হয়। ব্ৰহ্মাই তেওঁক এই বৰদান দিবলৈ নিজৰ অক্ষমতাৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পৰিৱৰ্তে পাৰ্বতীক তপস্যা সমাপ্ত কৰি শুম্ভ আৰু নিশুম্ভ ৰাক্ষসক বধ কৰিবলৈ অনুৰোধ কৰে। এই কথাত পাৰ্বতী সন্মত হয় আৰু হিমালয়ৰ গংগা নদীত স্নান কৰিবলৈ যায়। পাৰ্বতীয়ে গংগা নদীত প্ৰৱেশ কৰি স্নান কৰাৰ লগে লগে তাইৰ কৃষ্ণবৰ্ণ ছাল সম্পূৰ্ণৰূপে নোহোৱা হয় আৰু তেওঁ শুভ্ৰ পোছাক আৰু আ-অলংকাৰেৰে ভূষিতা ৰূপ লাভ কৰে। সেয়েহে তেওঁ মহাগৌৰী নাম পায়। ইয়াৰ পিছত তেওঁ হিমালয়ত শুম্ভ আৰু নিশুম্ভৰ ধ্বংসৰ বাবে প্ৰাৰ্থনা কৰি থকা দেৱতাসকলৰ সন্মুখত উপস্থিত হয় আৰু চিন্তিত হৈ তেওঁলোকে কাক পূজা কৰিছে জানিবলৈ বিচাৰে। তেতিয়াই তেওঁ কৃষ্ণবৰ্ণা দেৱী কৌশিকী হিচাপে প্ৰকাশিত হয় আৰু নিজকে এই কথাৰ উত্তৰ দি কয় যে ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ হাতত পৰাজিত হোৱাৰ পিছত দেৱতাসকলে তেওঁকে আৰাধনা কৰি আছিল। পাৰ্বতীয়ে তেতিয়া দেৱতাসকলৰ প্ৰতি দয়াপৰৱশ হৈ কৃষ্ণবৰ্ণ ৰূপ ধাৰণ কৰে আৰু কালিকা নাম পায়। পৰৱৰ্ত্তী সময়ত তেওঁ চণ্ডীলৈ (চন্দ্ৰঘণ্টা) ৰূপান্তৰিত হয় আৰু ৰাক্ষস ধুম্ৰলোচনক বধ কৰে। দেৱী চণ্ডীৰ তৃতীয় নয়নৰ পৰা নিৰ্গত দেৱী চামুণ্ডাই চণ্ড আৰু মুণ্ডক বধ কৰে। চণ্ডীয়ে ৰক্তবীজ আৰু তেওঁৰ ৰক্তৰপৰা নিৰ্গত ৰক্তবীজৰ অংশসমূহক বধ কৰে। আনহাতে চামুণ্ডাই তেওঁলোকৰ ৰক্ত পান কৰে। পাৰ্বতী পুনৰ কৌশিকীলৈ পৰিণত হৈ শুম্ভ আৰু নিশুম্বক বধ কৰে আৰু ইয়াৰ পিছত তেওঁ পুনৰ মহাগৌৰীৰ ৰূপ ধাৰণ কৰে। তেওঁক শিৱ পুৰাণত মহাসৰস্বতী আৰু দেৱী মাহাত্ম্যত (মাৰ্কণ্ডেয় পুৰাণৰ অংশ) অম্বিকা নামেৰে সম্বোধন কৰা হৈছে। ইয়াৰ পিছত এটা বৃষভৰ পিঠিত আৰোহণ কৰি তেওঁ কৈলাসলৈ উলটি আহে আৰু মহাদেৱ, কাৰ্তিক আৰু গণেশৰ সৈতে মিলিত হয়।
(স্পষ্টীকৰণঃ ওপৰোক্ত কথাখিনি ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই)