Shadiya Navratri: নৱৰাত্ৰিৰ ষষ্ঠ দিনা কোনগৰাকী দেৱীৰ পূজা কৰা হয়? ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত পৌৰাণিক কাহিনী | shardiya navratri 2024 worship maa katyayani history lord krishna connection know more Assam news - Assam Tv9

Shadiya Navratri: নৱৰাত্ৰিৰ ষষ্ঠ দিনা কোনগৰাকী দেৱীৰ পূজা কৰা হয়? ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত পৌৰাণিক কাহিনী

Maa Katyayani ki Puja:কাইলৈ শাৰদীয় নৱৰাত্ৰিৰ ষষ্ঠ দিন। এই দিনটোত মা কাত্যায়নীক পূজা কৰা হয় আৰু ভক্তসকলেও ইয়াৰ ফল পায়। মা কাত্যায়নীৰ ৰূপ অতি বিশাল আৰু উজ্জ্বল বুলি গণ্য কৰা হয়। মা কাত্যায়নীৰ লগত জড়িত পৌৰাণিক কাহিনীটো জানো আহক।

Shadiya Navratri: নৱৰাত্ৰিৰ ষষ্ঠ দিনা কোনগৰাকী দেৱীৰ পূজা কৰা হয়? ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত পৌৰাণিক কাহিনী
Updated On: 

08 Oct 2024 17:14 PM

কাত্যায়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ। তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ। কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়। দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল।

শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰংৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে।

যজুৰবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ। ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয়।

দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে। বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায়ম দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।

মা কাত্যায়নীৰ পৌৰাণিক কাহিনী

​বামন পুৰাণৰ মতে মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয়। এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পুঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে। সেয়ে কাত্যায়নীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায়। কালিকা পুৰাণত থকা বৰ্ণনা অনুসৰি ঋষি কাত্যায়নে তেওঁক সৰ্বপ্ৰথমে উপাসনা কৰাৰ বাবে তেওঁ কাত্যায়নী নাম পায়। দুয়ো ক্ষেত্ৰতে তেওঁক দুৰ্গাৰ ৰূপ হিচাপে নৱৰাত্ৰিৰ ষষ্ঠ দিনা উপাসনা কৰা হয়।

পূজাৰ মহত্ব

মা কাত্যায়নীৰ উপাসনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। কোৱা হয় যে যদি ভক্তসকলে প্ৰকৃত হৃদয়েৰে মাতা ৰাণীৰ উপাসনা কৰে, তেন্তে তেওঁলোকে যথেষ্ট সুফল লাভ কৰে। তেওঁলোকে অৰ্থ, ধৰ্ম, কাম আৰু মোক্ষ সকলো লাভ কৰে। ইয়াৰ উপৰিও, মাতা ৰাণীয়ে তেওঁৰ ভক্তসকলক বিশেষ অনুগ্ৰহ প্ৰদান কৰে। যদি কোনোবাই বিবাহত বাধাৰ সন্মুখীন হৈছে, তেন্তে এনে লোকসকলে মাৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁলোকৰ বিবাহ সম্পৰ্কীয় সমস্যাবোৰ সমাধান হয়।

দেৱীৰ শক্তি

আখ্যান অনুসৰি কলহাসুৰৰ সংগী ৰক্তবীজ নামৰ এক অসুৰৰ এনে এক শক্তি আছিল যাৰ ফলত তেওঁৰ শৰীৰৰ পৰা নিৰ্গত প্ৰতিটোপাল তেজ মাটিত পৰাৰ লগে লগে একোটা অসুৰৰ জন্ম হয়। সেয়ে ভৈৰৱৰ বাবে ৰক্তবীজক বধ কৰাটো অসম্ভৱ হৈ পৰে। কাত্যায়নীয়ে ৰক্তবীজৰ এটোপালো তেজ মাটিত পৰিবলৈ নিদিয়াকৈ পান কৰে। তেওঁ আনকি ভৈৰৱৰ সৈন্যবাহিনীক পুনৰ্জীৱন দিবৰ বাবে এক অমৃত কুণ্ডৰো সৃষ্টি কৰে।

তন্ত্ৰৰ মতে কাত্যায়নী শিৱৰ ছখন মুখৰ এখনৰ (উত্তৰমুখী) যোগেদি আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁৰ মুখমণ্ডল নীলৰঙী আৰু ত্ৰিনয়নযুক্ত। এই মুখেৰে তেওঁ দক্ষিণকালিকা, মহাকালী, শ্মশানকালী, উগ্ৰতাৰা, চিন্নমস্তা, ধূমাৱতী আদি দেৱীসকলৰ ধৰ্মীয় আচাৰ আৰু মন্ত্ৰকো প্ৰকাশ কৰে।

ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত কাহিনী

মা কাত্যায়নীৰ কৃষ্ণৰ লগত জড়িত পৌৰাণিক কাহিনীও আছে৷ বিশ্বাস কৰা হয় যে কৃষ্ণ লাভৰ বাবে ৰাধাকে ধৰি সকলো গোপীয়ে মাতা কাত্যায়নীক পূজা কৰিছিল যাৰ বাবে মাতা কাত্যায়নী অতি সুখী হৈছিল। তেওঁৰ উপদেশৰ পিছতহে গোপীসকলে কৃষ্ণ লাভ কৰিছিল। কৃষ্ণৰ ৰাসলীলা মা কাত্যায়নীৰ কাহিনীৰ সৈতে জড়িত।

 

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?