শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণত শনিদেৱৰ দুৰ্লভ সংযোগ! কি কি কৰিব, কি নকৰিব সবিশেষ জানক

 Surya Grahan 2025 and shani amavasya: ২৯ মাৰ্চ ২০২৫ শনিবাৰে হ'ব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। এই সময়ছোৱাতে শনি অমাৱস্যা আৰু শনিৰ গতিৰ এক বিৰল সংমিশ্ৰণ হ’ব। এনে পৰিস্থিতিত সূৰ্যগ্ৰহণৰ সময়ত কিছু কথা মনত ৰখাটো উচিত, আনহাতে সূৰ্যগ্ৰহণৰ দিনটোত নিয়ম আওকাণ কৰাসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণত শনিদেৱৰ দুৰ্লভ সংযোগ! কি কি কৰিব, কি নকৰিব সবিশেষ জানক
সূৰ্যগ্ৰহণ
trishna-kalita
Trishna Kalita | Updated On: 29 Mar 2025 09:51 AM

পঞ্চাঙৰ মতে, এইবাৰ শনি অমাৱস্যাৰ দিনটোত কৰ্ম শনিদেৱ মীন ৰাশিত প্ৰৱেশ কৰিব আৰু এই দিনটোতে হ’ব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এই দিনটো অতি বিশেষ। অৱশ্যে এই আংশিক সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। কিন্তু ইয়াৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। শাস্ত্ৰত সূৰ্যগ্ৰহণৰ সময়ত কিছুমান কাম কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোৱা হয় যে, সূৰ্যগ্ৰহণৰ সময়ত হোৱা ভুলৰ বাবে এজন ব্যক্তিয়ে বহু বিপদৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব আৰু কি নকৰিব সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয়।

ভাৰতত সূৰ্যগ্ৰহণ ২০২৫ সময়

ভাৰতীয় সময় অনুসৰি ২৯ মাৰ্চৰ দুপৰীয়া ২:২০ বজাৰ পৰা আৰম্ভ হ’ব এই সূৰ্যগ্ৰহণ আৰু সন্ধিয়া ৪:১৭ বজাত শেষ হ’ব। এই গ্ৰহণ মীন আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত সংঘটিত হ’ব। সেয়েহে ইয়াৰ জ্যোতিষীয় গুৰুত্বৰ বিষয়ে অধিক বিবেচনা কৰা হৈছে।

সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব নালাগে?

  • সূৰ্যগ্ৰহণৰ সময়ত ভুলতেও মন্দিৰ বা ঈশ্বৰৰ মূৰ্তি স্পৰ্শ নকৰিব, সেইবাবেই সূৰ্যগ্ৰহণৰ সময়ত সকলো মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে।
  • গ্ৰহণৰ সময়ত ৰন্ধা-বঢ়া আৰু খাদ্য খোৱাৰ পৰা বিৰত থাকক। কোৱা হয় যে, ইয়াৰ ফলত শিশু আৰু বৃদ্ধৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
  • শনি অমাৱস্যাৰ দিনা এই সূৰ্যগ্ৰহণ হ’ব, এই দিনটোত চুলি আৰু নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে আপুনি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
  • সূৰ্যগ্ৰহণৰ সময়ত মাংস আৰু সুৰাৰ দৰে যিকোনো ধৰণৰ তামসিক খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।
  • সূৰ্যগ্ৰহণৰ সময়ত মহিলাসকলে শৃংগাৰ কৰিব নালাগে।
  • গ্ৰহণৰ সময়ত কেঁচি, কটাৰী আৰু বেজী আদিৰ দৰে চোকা আৰু ধাৰ থকা বস্তু ব্যৱহাৰ নকৰিব।
  • সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই ঘৰতে থাকিব লাগে। কোনো ধৰণৰ নেতিবাচক স্থানলৈ যোৱাৰ পৰা বিৰত থাকিব।

গ্ৰহণৰ সময়ত কি কৰিব?

  • সুতককাল আৰম্ভ হোৱাৰ আগতে ঘৰত ৰখা সকলো খাদ্যবস্তুত তুলসীৰ পাত বা কুশ দিব লাগে, যাতে সেইবোৰ দূষিত নহয়।
  • গ্ৰহণৰ সময়ত ধৰ্মীয় গ্ৰন্থৰ মন্ত্ৰ পাঠ কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে গ্ৰহণৰ নেতিবাচক প্ৰভাৱ কমি যায়।
  • সূৰ্যগ্ৰহণৰ পিছত মন্দিৰ পৰিষ্কাৰ কৰি পূজা কৰাৰ পিছত নিশ্চয়কৈ দান দিব।
  • সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব।

লগতে পঢ়ক: ২৯ মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতত ইয়াৰ কি প্ৰভাৱ পৰিব?

( স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ আধাৰত কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)