Surya grahan 2025: দিনতে হ’ব ৪ ঘন্টা আন্ধাৰ! বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ দিন, সময় আদি জানক সকলো…

Surya grahan 2025: কিছুদিন পাছতেই হব ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ। এই সময়চোৱাত বিশ্বৰ বিভিন্ন প্ৰান্ত প্ৰায় ৪ ঘন্টাৰ বাবে আন্ধাৰ হৈ পৰিব। ই এক আংশিক সূৰ্যগ্ৰহণ হ'ব।

Surya grahan 2025: দিনতে হব ৪ ঘন্টা আন্ধাৰ! বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ দিন, সময় আদি জানক সকলো...

সূৰ্যগ্ৰহণ

Published: 

27 Feb 2025 08:47 AM

অহা ২৯ মাৰ্চত হ’ব ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ। অৱশ্যে এয়া সম্পূৰ্ণ নহয়, ই এক আংশিক সূৰ্যগ্ৰহণহে হ’ব। এই সময়চোৱাত চন্দ্ৰৰ কেন্দ্ৰীয় ছাঁ পৃথিৱীৰ দক্ষিণে পাৰ হৈ যাব। এই সময়খিনিত বিশ্বৰ বিভিন্ন প্ৰান্ত আন্ধাৰ হৈ পৰিব। টাইম এণ্ড ডাটা ৱেবছাইটৰ তথ্য অনুসৰি ৮১৪ নিযুত লোকে আংশিক সূৰ্যগ্ৰহণ চাব পাৰিব।

সময়

এই গ্ৰহণ প্ৰায় ৪ ঘন্টা ধৰি চলিব। পুৱা ৭:৫০ বজাৰ পৰা (পেৰিছৰ সময় অনুসৰি) গ্ৰহণ আৰম্ভ হ’ব। ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ পুৱা ১১:৪৭ বজালৈকে থাকিব আৰু ইয়াৰ অন্ত পৰিব প্ৰায় ১:৪৩ বজাত। যিসকলে সূৰ্যগ্ৰহণৰ কেন্দ্ৰীয় ৰেখাৰ ওচৰত থাকিব তেওঁলোকে সূৰ্যৰ এটা বৃহৎ অংশ আৱৰি থকা দেখিব। এই সময়চোৱাত ইউৰোপ আৰু নৰ্থ পোলৰ কিছু অংশ ৪ ঘন্টা ধৰি আন্ধাৰ হৈ থাকিব।

ভাৰতৰ সময়

এই আংশিক সূৰ্যগ্ৰহণ ভাৰতত দেখা পোৱা নাযায়। ভাৰতীয় সময় অনুসৰি এই এই আংশিক সূৰ্যগ্ৰহণ অহা ২৯ মাৰ্চৰ দিনৰ ২:২০ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৩ বজাত শেষ হ’ব।  এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব। ইয়াৰ লগতে পাকিস্তান, শ্ৰীলংকা, নেপাল, আফগানিস্তান, ফিজি, মৰিচাছ আৰু সংযুক্ত আৰব আমিৰশ্বাহীত আদিতো ইয়াক দেখা নাযাব।

এই সূৰ্যগ্ৰহণ উত্তৰ-পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকাৰ উত্তৰ-পূব অংশ, ইউৰোপ আৰু উত্তৰ ৰাছিয়াৰ পৰা দেখা পোৱা যাব।  কানাডা, পৰ্তুগাল, স্পেইন, আয়াৰলেণ্ড, ফ্ৰান্স, যুক্তৰাজ্য, ডেনমাৰ্ক, জাৰ্মানী, নৰৱে, ফিনলেণ্ড আৰু ৰাছিয়াতো এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব।

সূৰ্য গ্ৰহণ কি

যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত আহি সূৰ্যৰ পোহৰ আংশিকভাৱে বা সম্পূৰ্ণৰূপে পৃথিৱীত পৰাত বাধা প্ৰান কৰে তেতিয়া   সূৰ্যগ্ৰহণ হয়। বিজ্ঞানৰ লগতে ধৰ্মীয় দৃষ্টিকোনৰ পৰাও ইয়াৰ বিশেষ মহত্ব আছে।

সূৰ্যগ্ৰহণ ৪ প্ৰকাৰৰ –

  • পূৰ্ণ সূৰ্যগ্ৰহণঃ যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আবৰি ধৰে আৰু সূৰ্যৰ বাহিৰৰ স্তৰ (ক’ৰ’না) দেখা যায়। তেতিয়া ই পূৰ্ণ সূৰ্যগ্ৰহণ হয়।
  • বলয়াকাৰ গ্ৰহণঃ যেতিয়া চন্দ্ৰ সূৰ্যৰ মাজভাগত আহে, কিন্তু ইয়াৰ সৰু আকাৰৰ বাবে সূৰ্যৰ চাৰিওফাল এটা জিলিকি থকা আঙুঠিৰ দৰে দেখা যায়।
  • আংশিক গ্ৰহণ: যেতিয়া চন্দ্ৰই সূৰ্যৰ এটা অংশহে আবৰি ৰাখে। ২০২৫ চনৰ ২৯ মাৰ্চত এইটো হ’ব।
  • সংকৰ গ্ৰহণঃ এই সূৰ্যগ্ৰহণটো কিছুমান ঠাইত সম্পূৰ্ণ সূৰ্যগ্ৰহণ আৰু কিছুমান ঠাইত আনুষংগিক গ্ৰহণৰ দৰে দেখা যায়।

 

 

অন্য খবৰ পঢ়কঃ Grahan 2025: চলিত বৰ্ষত হ’ব ৪টাকৈ গ্ৰহণ: জানক চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ দিন, সময়…

কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ