5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Solar Eclipse 2025: ২০২৫ৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া? ইয়াৰ সৈতে সম্পৰ্কিত বিশেষ কথাবোৰ জানক…

Solar Eclipse 2025 Date: সূৰ্যগ্ৰহণ হৈছে এক বিশেষ জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা। যাক লৈ বিশেষ ধৰ্মীয় বিশ্বাস আছে। ২০২৫ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ কেতিয়া হ'ব আৰু কোনবোৰ দেশত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব সেয়া জানো আহক...

Solar Eclipse 2025: ২০২৫ৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া? ইয়াৰ সৈতে সম্পৰ্কিত বিশেষ কথাবোৰ জানক…
সূৰ্যগ্ৰহণ
trishna-kalita
Trishna Kalita | Published: 05 Jan 2025 17:18 PM

Surya Grahan 2025:  নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে মানুহে ব্ৰত-উৎসৱৰ লগতে গ্ৰহণৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে। গ্ৰহণ হৈছে প্ৰতি বছৰে সংঘটিত হোৱা এক গুৰুত্বপূৰ্ণ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা। ২০২৫ চনত ৪টা গ্ৰহণ হ’ব। যাৰ ভিতৰত ২টা সূৰ্যগ্ৰহণ হ’ব আৰু ২টা চন্দ্ৰগ্ৰহণ হ’ব। সূৰ্যগ্ৰহণ সদায় বৈজ্ঞানিক, জ্যোতিষীয় আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা চৰ্চাত থাকে। সূৰ্যগ্ৰহণৰ সময়ত বহু লোকে বহু নীতি-নিয়ম পালন কৰা দেখা যায়। ২০২৫ চনত প্ৰথমটো সূৰ্যগ্ৰহণক লৈ বহুতো সম্ভাৱনা ব্যক্ত কৰা হৈছে।

কিছুমান লোকে বিশ্বাস কৰে যে ২০২৫ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ বিপদজনক হ’ব। আনহাতে এই সন্দৰ্ভত বিজ্ঞানীসকলৰ বেলেগ মতামত আছে। এতিয়া সময়ই ক’ব যে বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ বিপদজনক হ’ব নে নহয়। কিন্তু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ নিশ্চিতভাৱে ১২টা বিভিন্ন ৰাশিৰ ওপৰত দেখা যাব।

নতুন বছৰ ২০২৫ৰ প্ৰথমটো সূৰ্যগ্ৰহণ হিন্দু নৱবৰ্ষৰ এদিন পূৰ্বে হ’ব। ২০২৫ চনৰ ৩০ মাৰ্চ ২০২৫ তাৰিখে আৰম্ভ হ’ব হিন্দু নৱবৰ্ষ। হিন্দু নৱবৰ্ষৰ প্ৰথম মাহ হৈছে চ’ত মাহ, যাক গুড়ি পড়ৱা বুলিও কোৱা হয়। ২০২৫ চনত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া আৰু ক’ত হ’ব জানো আহক।

২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া হ’ব? (Surya Grahan 2025 Date)

২০২৫ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ ২৯ মাৰ্চ, ২০২৫ তাৰিখে দেখা যাব। এই সূৰ্যগ্ৰহণ আংশিক হ’ব। অৱশ্যে এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব। ভাৰতীয় সময় মতে, আংশিক সূৰ্যগ্ৰহণ ২৯ মাৰ্চৰ আবেলি ২:২০ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৩ বজাত সমাপ্ত হ’ব।

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ ক’ত দেখা যাব?

২০২৫ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ উত্তৰ আমেৰিকা, আইচলেণ্ড, গ্ৰীণলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ, ইউৰোপ আৰু উত্তৰ-পশ্চিম ৰাছিয়াত দৃশ্যমান হ’ব। ২০২৫ বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২১-২২ ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা আছে। এই সূৰ্যগ্ৰহণো এটা আংশিক সূৰ্যগ্ৰহণ হ’ব। ভাৰতীয় সময় মতে, দ্বিতীয়টো আংশিক সূৰ্যগ্ৰহণ ২১ ছেপ্টেম্বৰৰ নিশা ১০:৫৯ বজাত আৰম্ভ হ’ব আৰু ভাৰতীয় সময় মতে পুৱতি নিশা ৩:২৩ বজাত সমাপ্ত হ’ব।

Latest News