শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Mahashivratri 2025: অসমৰ কেইটামান উল্লেখযোগ্য শিৱ মন্দিৰ, এই মন্দিৰত সেৱা ল’লে পূৰ্ণ হয় মনৰ আশা!

আজি মহাশিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰীচৰণত আশিষ ল'বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন ।

Mahashivratri 2025: অসমৰ কেইটামান উল্লেখযোগ্য শিৱ মন্দিৰ, এই মন্দিৰত সেৱা ল’লে পূৰ্ণ হয় মনৰ আশা!
অসমৰ কেইটামান উল্লেখযোগ্য শিৱ মন্দিৰৰ বিষয়ে জানকImage Credit source: tv9 hindi
barasha-misra
Barasha Misra | Published: 26 Feb 2025 17:39 PM

আজি মহাশিৱৰাত্ৰি, চৌদিশে চলিছে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। মনোবাঞ্চা পূৰণাৰ্থে পুৱাৰে পৰা ভোলানাথক সেৱা কৰিছে ভক্তসকলে। মহাশিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয় । হাতে হাতে মহাদেৱৰ পূজাৰ সামগ্ৰী লৈ প্ৰতিটো মন্দিৰত শাৰী পাতিছে ভক্তই । আজি জানো আহক অসমৰ কেইটামান উল্লেখযোগ্য শিৱ মন্দিৰৰ বিষয়ে। বিশ্বাস কৰা হয়, এই মন্দিৰত সেৱা ল’লে পূৰ্ণ হয় মনৰ আশা!

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল

প্ৰথমে অসমৰ সকলো দৌলতকৈ ওখ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ কথা ক’ব লাগিব। শিৱসাগৰৰ শিৱদৌলৰ আছে বহু মাহাত্ম্য। মহাশিৱৰাত্ৰিৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে আহি পূজা আগবঢ়ায়। এই মন্দিৰটো শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা কৰে।

মহামৃত্যুঞ্জয় মন্দিৰ

ইয়াৰ পিছত নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ অন্যতম । বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। প্ৰতিবছৰে মহাশিৱৰাত্ৰিৰ দিনটোত মহাদেৱৰ আশিষ ল’বলৈ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰে ভক্তই। মহা মৃত্যুঞ্জয় মন্দিৰ (Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।

টিলিঙা মন্দিৰ

প্ৰতিবছৰৰ দৰে এইবাৰো টিলিঙা মন্দিৰত মহাশিৱৰাত্ৰিত দেখা গৈছে ভক্তৰ ভিৰ । মহাদেৱৰ বন্দনাত মুখৰিত হৈ পৰিছে তিনিচুকীয়াৰ বৰডুবিস্থিত ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰ । কাষৰীয়া জিলাসমূহৰ পৰাও ভক্তপ্ৰাণ লোকসকল আহি ভগৱান শিৱক কৰিছে আৰাধনা । ধৰ্মীয় বিশ্বাস অনুসৰি, এই মন্দিৰত চাকি জ্বলাই, টিলিঙা বান্ধি সেৱা আগৱঢ়ালে মনৰ আশা পূৰণ হয় ।

টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়। অৰ্থাৎ মন্দিৰটোক প্ৰাচীন কালৰ বুলি ক’ব নোৱাৰি। ১৯৬৫ চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লিখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে-কামে আগবাঢ়ে। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।

দিন বাগৰাৰ লগে লগে মন্দিৰটোলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ’লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰে। অৱশ্যে কিছু কিছু ভক্তই একেবাৰেই টিলিঙা দান দি যায়। লাহে লাহে মন্দিৰটোলৈ ভক্তৰ সমাগম হ’বলৈ আৰম্ভ কৰে। তাৰ পাছতেই ভক্তসকলে মনৰ ইচ্ছা পূৰণৰ বাবে মন্দিৰৰ চৌহদত থকা বটগছজোপাত টিলিঙা বান্ধিবলৈ আৰম্ভ কৰে। লোকবিশ্বাস অনুসৰি, তেতিয়াৰ পৰাই এই মন্দিৰত ভক্তসকলে টিলিঙা বান্ধিবলৈ আৰম্ভ কৰে। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে, সেইসমূহ স্তূপীকৃত কৰি ৰাখিবলগীয়া হৈছে। ৫০ গ্ৰাম ওজনৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছুলোকে পাৰ চৰাই উৰুৱাই দিয়ো মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। মহাশিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত বিভিন্ন প্ৰন্তৰ পৰা অহা ভক্তই ভিৰ কৰে।

কলিবাৰী থান

দেৱাদিদেৱ মহাদেৱৰ আৰাধনা বজালীৰ জালিখাটাত থকা কলিবাৰী থানতো কৰা হৈছে । এই স্থানত আছে এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বৰগছ জোপা । এছিয়াৰ দ্বিতীয় এই গছডালৰ বয়স ২১২ বছৰ বুলি স্থানীয় লোকে উল্লেখ কৰে । জনশ্ৰুতি মতে এই গছডালৰ ওচৰত থকা শিৱ মন্দিৰত সেৱা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় ।

উমানন্দ দেৱালয়

উমানন্দ দেৱালয়ত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰে। মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দ্বীপটোলৈ আহে অগণন ভক্ত। এই দ্বীপটোত দেৱাদিদেৱ মহাদেৱৰ লগতে উমাৰো পূজা কৰা হয়। ১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।

যদিও এই মন্দিৰটো ভগৱান শিৱক উৎসৰ্গিত, তথাপিও ইয়াত গণেশ, হনুমান মন্দিৰৰ উপৰিও কেইবাটাও মন্দিৰ আছে। উমানন্দ মন্দিৰত সূৰ্য্য, গণেশ, শিৱ আৰু দেৱীৰ প্ৰতিমা আৰু বিষ্ণুৰ দহ অৱতাৰ পোৱা যায়। মন্দিৰটো নিজৰ মাজতে অসমীয়া শিল্পী আৰু স্থপত্যবিদসকলৰ নিপুণতাৰ প্ৰতিমূৰ্তি। ভগৱান শিৱই ধ্যান কৰিবলৈ বহি থকা শিলটোক বহু গছ-গছনিয়ে আগুৰি আছে। ইয়াৰোপৰি এই দ্বীপত বিপন্ন প্ৰজাতিৰ চৰাই আৰু বান্দৰো দেখিবলৈ পোৱা যায়।

পাঠশালাৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।

পৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহটো হৈছে শিৱ গোসাঁইৰ। প্ৰায় ২১০ বৰ্গফুট আয়তনৰ গহ্বৰৰ ভিতৰত এচটা শিলৰ ওপৰত সংলগ্ন হৈ বিগ্ৰহটো আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২ ফুটমান তলত এই বিগ্ৰহ অৱস্থিত। লিংগপীঠটো উত্তৰফালে আৰু যোনিপীঠ বা গৌৰীপীঠটো তাৰে তলত অৱস্থিত। শিৱ লিংগত দিয়া পদ্য অৰ্ঘ্য যোনিপীঠেৰে গৈ মন্দিৰ সংলগ্ন কুণ্ডত পৰাৰ ব্যৱস্থা আছে। পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰ ফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে।

মহাভৈৰৱ মন্দিৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। পৰুৱা-মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়।

বিল্বেশ্বৰ দেৱালয়

মহাশিৱৰাত্ৰি উপলক্ষে ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়তো চলিছে ব্যাপক আয়োজন। ভক্ত সকলে মনৰ আশা পূৰণৰ অৰ্থে ধূপ চাকি শৰাই নৈবেদ্য আগবঢ়াইছে। মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। এই দেৱালয়ৰ সৈতে বহু জনবিশ্বাস জড়িত হৈ আছে। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।

নেঘেৰিটিং শিৱদৌল

নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়। চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত।

আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত (ইংৰাজী ১৭৬৫ চনত) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য। এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল। এই নৃত্য কৰা সকলক “নটী” বোলা হৈছিল। নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক “নেঘেৰী খোপা” বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰাণী পাতিছিল।