শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Surya Grahan 2025: বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত! জানক দিন আৰু সময়…

Surya Grahan 2025: মাৰ্চ মাহত পৰিব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ধৰ্মীয় মান্যতা অনুসৰি এই গ্ৰহণে কিছু ৰাশিৰ ওপৰত ভাল ফল কঢ়িয়াই আনিব।

Surya Grahan 2025: বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত! জানক দিন আৰু সময়…
সূৰ্যগ্ৰহণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 02 Mar 2025 22:32 PM

জ্যোতিষ শাস্ত্ৰ অনুসৰি, সূৰ্যগ্ৰহণ (Surya grahan) আৰু চন্দ্ৰগ্ৰহণে ১২ টা ৰাশিকে প্ৰভাৱিত কৰে। কিন্তু নতুন বছৰত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ এতিয়ালৈকে হোৱা নাই। চলিত মাৰ্চ মাহত হ’ব বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। হিন্দু ধৰ্মত সূৰ্যগ্ৰহণক লৈ কিছুমান বিশেষ নিয়ম আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত কিছুমান কাম কৰিলে সুফল লাভ কৰা যায় আৰু কিছুমান কাম ভুলতো কৰিব নালাগে।

সময়

জ্যোতিষ বিজ্ঞানৰ মতে ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০২৫ চনৰ ২৯ মাৰ্চত দুপৰীয়া ২:২০ বজাৰ পৰা সন্ধিয়া ৬:১৩ বজালৈ সংঘটিত হ’ব। ই এক আংশিক সূৰ্যগ্ৰহণ হ’ব। ইয়াৰ বিপৰীতে বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২০২৫ চনৰ ২১ ছেপ্টেম্বৰত হ’ব। এইবাৰ এই সূৰ্যগ্ৰহণ ভাৰতত দেখা পোৱা নাযাব।

সুতক কাল

জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্যগ্ৰহণৰ ১২ ঘন্টা আগৰ পৰাই সুতক কাল আৰম্ভ হয়। ই সূৰ্যগ্ৰহণ শেষ হোৱাৰ লগে লগে শেষ হয়। ইয়াৰোপৰি যি ঠাইত সূৰ্যগ্ৰহণ দেখা যায় তাতহে সুতক কালৰ মান্যতা আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত প্ৰত্যক্ষ নহয়। যাৰ বাবে সুতক কাল ভাৰতত নপৰে।

কি কৰিব আৰু কি নকৰিব

সূৰ্যগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰা অশুভ বুলি গন্য কৰা হয়। ইয়াৰোপৰি সূৰ্যগ্ৰহণ কেতিয়াও খালী চকুৰে চাব নালাগে আৰু এই সময়ত কোনো ঠাইলৈও যাব নালাগে। লগতে সূৰ্যগ্ৰহণৰ সময়ত চুলি আৰু নখ কাটিব নালাগে আৰু এই সময়ত বাহিৰলৈ যাত্ৰা কৰিব নালাগে। অৱশ্যে এই সময়ত শ্ৰাদ্ধ কৰিব পাৰি।

ভাল ফল

জ্যোতিষ শাস্ত্ৰৰ মতে, বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ কিছুমান ৰাশিৰ লোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব পাৰে। সূৰ্যগ্ৰহণৰ পিছত কৰ্মৰ ফলাফল দাতা শনিদেৱ মীন ৰাশিত প্ৰৱেশ কৰিব। যাৰ বাবে মিথুন, তুলা, ধনু আৰু মীন ৰাশিৰ লোকে ভাল ফল লাভ কৰিব। এনে সময়ত এই ৰাশিৰ লোকসকলৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। ইয়াৰোপৰি চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। ইয়াৰ লগতে এই ৰাশিৰ লোকৰ স্বাস্থ্য উন্নতি হ’ব। কেৱল ইমানেই নহয়, দেশ বিদেশ ভ্ৰমণৰ যোগো তীব্ৰতৰ হ’ব।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা গৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ Surya grahan 2025: দিনতে হ’ব ৪ ঘন্টা আন্ধাৰ! বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ দিন, সময় আদি জানক সকলো…