৫ টা ৰাশিৰ ব্যৱসায়ত অতি শুভ...চাওক আজিৰ দিনটোৰ ৰাশিফল... | Today Horoscope : 3 november 2024 rashifal in Assamese Assam news - Assam Tv9

Today Horoscope : ৫ টা ৰাশিৰ ব্যৱসায়ত অতি শুভ…চাওক আজিৰ দিনটোৰ ৰাশিফল…

আজি দিনটো কেইবাটাও ৰাশিৰ বাবে অত্য়ন্ত ভাল দেখা গৈছে । ১২ ৰাশিৰ ভিতৰত মকৰ ৰাশি সহ আন কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ত অতি শুভ দেখা গৈছে । ৰাশি অনুসৰি আপোনাৰ দিনটো আজি কেনে যাব চাওক ।

Today Horoscope : ৫ টা ৰাশিৰ ব্যৱসায়ত অতি শুভ...চাওক আজিৰ দিনটোৰ ৰাশিফল...

আজিৰ ৰাশিফল

Updated On: 

03 Nov 2024 06:20 AM

আজি ৩ নৱেম্বৰ দেওবাৰ । আজি দিনটো কেইবাটাও ৰাশিৰ বাবে অত্য়ন্ত ভাল দেখা গৈছে । ১২ ৰাশিৰ ভিতৰত মকৰ ৰাশি সহ আন কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ত অতি শুভ দেখা গৈছে ।  ৰাশি অনুসৰি আপোনাৰ দিনটো আজি কেনে যাব চাওক ।

মেষ ৰাশি –আপোনাৰ উচ্চাকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীয়ে কিছু ভাল খবৰ লাভ কৰিব। ঘৰত আৰু ব্যৱসায়ত সম্প্ৰীতি বজাই ৰাখিব পাৰিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। খৰচ বঢ়াৰ সম্ভাৱনা আছে । সামাজিক কাম-কাজতো সক্ৰিয় হোৱাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ৰ বহু কামে আপোনাক ব্যস্ত কৰি ৰাখিব। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব । বতৰৰ লগত জড়িত কিছু স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। উপযুক্ত খাদ্যাভ্যাস বজাই ৰখাটো জৰুৰী।

বৃষ ৰাশি – কিছুদিনৰ পৰা কিছু কামৰ বাবে চলি থকা প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে । সামাজিক দায়িত্ব পালনতো আপুনি বহু পৰিমাণে সফল হ’ব। যুৱক-যুৱতীসকলে কিছু সুযোগ নতুন পাব পাৰে। মনৰ কথা কাৰো আগত প্ৰকাশ নকৰিব । সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। বিবাহিত জীৱন মধুৰতাৰে ভৰা হ’ব। পেটৰ লগত জড়িত সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক।

মিথুন ৰাশি – ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । শিশুৰ যিকোনো ইতিবাচক কাৰ্যকলাপৰ বাবে মনটো উল্লাসিত হৈ থাকিব। খৰখেদাকৈ বা আৱেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । বৰ্তমানৰ পৰিস্থিতিৰ বাবে ব্যৱসায়ত মন্থৰতা আহিব পাৰে । কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। পাৰস্পৰিক সমন্বয় থাকিলে বিবাহিত জীৱনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ’ব । দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰিব।

কৰ্কট ৰাশি – আজিৰ দিনটোৰ সময়খিনি শান্তি আৰু আনন্দত কটাব। সন্তানৰ পৰাও কিছু ভাল খবৰ পাব পাৰে। খং আৰু ভুল শব্দৰ ব্যৱহাৰে পাৰস্পৰিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক। ব্যৱসায়ত দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আৰু বাধা আহিব। অফিচৰ যিকোনো কামত অলপ সাৱধান হ’ব লাগিব । ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব । স্বাস্থ্য ভাল হ’ব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি অসাৱধান নহ’ব।

সিংহ ৰাশি – আপোনাৰ কিছু প্ৰশংসনীয় কামৰ বাবে আনৰ শলাগ লাভ কৰিব । পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। কোনো আত্মীয়ৰ লগত বিবাদৰ সৃষ্টি হ’ব পাৰে । ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম-কাজ সময়মতে সম্পূৰ্ণ কৰিব । আপোনাৰ পত্নীৰ পৰা ভাল উপহাৰ পাব পাৰে। ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিত ঘাঁ হ’ব পাৰে। কাহ, চৰ্দিৰ দৰে সমস্যাও ভুগিব পাৰে।

কন্যা ৰাশি -ধনাত্মক চিন্তা-চেতনাৰে দিনটো আৰম্ভ হ’ব আৰু গোটেই দিনটো সংগঠিত হৈ থাকিব। পৰিয়ালৰ পৰাও উপযুক্ত সহায় লাভ কৰিব। আনৰ কথা বিশ্বাস কৰি যিকোনো সিদ্ধান্ত নল’ব। ইতিবাচক কামত নিজৰ মানসিক আৰু শাৰীৰিক শক্তি প্ৰয়োগ কৰক। ব্যৱসায়ীসকলৰ বাবে দিনটো অলপ প্ৰত্যাহ্বানজনক। আপোনাৰ পৰিয়ালৰ লোকৰ ইচ্ছা পূৰণৰ বাবে আপুনি উদাৰতাৰে খৰচ কৰিব। যোগাভ্যাস আদি অভ্যাস কৰাটো জৰুৰী। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে।

তুলা ৰাশি – যিকোনো গুৰুত্বপূৰ্ণ কাম কৰা সময়ত আন পৰামৰ্শকো গুৰুত্ব দিয়ক। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে আধ্যাত্মিক শান্তি পাব। দৈনন্দিন কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। খৰখেদা আৰু অসাৱধানতাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত মন্দাৱস্থা হ’ব আহিব পাৰে । সহকৰ্মীসকলে কোৱা কথাবোৰ অন্ধভাৱে বিশ্বাস নকৰিব। বিবাহিত জীৱন সংগঠিত হ’ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু ব্যৱসায়ত গুৰুত্ব দিয়ক। আপোনাৰ শাৰীৰিক ক্ষমতাতকৈ অধিক কাম কৰাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা আহিব।

বৃশ্চিক ৰাশি – বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ লগতে ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। যুৱক-যুৱতীসকলে বিশেষকৈ নিজৰ কামত মনোনিৱেশ কৰি অসাৱধানতা আৰু এলাহ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত নতুন মানুহৰ সৈতে যিকোনো চুক্তি কৰাৰ সময়ত সকলো দিশৰ ওপৰত চিন্তা আৰু গুৰুত্ব দিয়ক । বিবাহিত জীৱনত প্ৰেম বাঢ়িব। শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে।

ধনু ৰাশি – ধৈৰ্য্য আৰু সংযম থাকিলে সমস্যাবোৰো সমাধান হ’ব। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহস পাব। যদি আপোনাৰ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়, তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক । ব্যৱসায়ত নতুন নতুন উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজন। আজিৰ দিনটোত সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰক। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখক আৰু ঘৰত সঠিক পৰিবেশ বজাই ৰাখক। বতৰৰ লগত জড়িত কিছু শাৰীৰিক সমস্যা হ’ব পাৰে । যোগাসন আৰু ব্যায়ামৰ কৰা অভ্যাস কৰক ।

মকৰ ৰাশি – যিকোনো কামত ভাই বা বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব। দৈনন্দিন কাম-কাজৰ পৰা আঁতৰি আহি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু সফলও হ’ব। খৰখেদাকৈ কোনো কাম নকৰিব। কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰাবাতৰি বিয়পাবলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি এটা ভাল দিন। স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখদায়ক পৰিবেশ সৃষ্টি হ’ব। প্ৰেমৰ সম্পৰ্কক লৈ যুৱক-যুৱতীসকল অতি গুৰুতৰ আৰু সৎ হ’ব। কেতিয়াবা এলাহ আৰু নেতিবাচক চিন্তাই প্ৰভাৱ পেলাব পাৰে । ধ্যান অভ্যাস কৰক ।

কুম্ভ ৰাশি – ঘৰত বিশেষ অতিথিৰ আগমনে এক সুখকৰ পৰিৱেশৰ সৃষ্টি কৰিব। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব। লাভতকৈ খৰচ বেছি হ’ব পাৰে । কৰ্মচাৰীসকলৰ সৈতে চলি থকা ভুল বুজাবুজিৰ সমাধান হ’ব। ঘৰত আৰু ইজনে সিজনৰ লগত মনোৰঞ্জনেৰে কিছু সময় কটাব পাৰিব । স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ’ব পাৰে।

মীন ৰাশি – বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ব। আৱেগিকভাৱে লোৱা এটা সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ’ব পাৰে। ব্যৱসায়ত বাধা আৰু সমস্যা আহিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাক শক্তিশালী কৰি ৰাখিব। অত্যধিক মানসিক চাপে আপোনাৰ স্বাস্থ্য়ত প্ৰভাৱ পেলাব পাৰে। ইতিবাচক হৈ থাকক।

১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!