5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Today Horoscope : আজি বুধবাৰটো আপোনাৰ বাবে কেনেকুৱা হ’ব ? চাওঁক দিনটোৰ ৰাশিফল…

আজি বহু কেইটা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো অতি শুভ হোৱাৰ লগতে কষ্টৰ ফল পাবলৈ গৈ আছে । জ্যোতিষ শাস্ত্ৰৰ অনুসৰি দিনটো বিনিয়োগৰ ক্ষেত্ৰত অধিক শুভ দেখা গৈছে । চাওঁ আহক ৰাশিফল অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব ।

Today Horoscope : আজি বুধবাৰটো আপোনাৰ বাবে কেনেকুৱা হ’ব ? চাওঁক দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 04 Dec 2024 06:00 AM

আজি ৪ ডিচেম্বৰ বুধবাৰ । আজি বহু কেইটা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো অতি শুভ হোৱাৰ লগতে কষ্টৰ ফল পাবলৈ গৈ আছে । জ্যোতিষ শাস্ত্ৰৰ অনুসৰি দিনটো বিনিয়োগৰ ক্ষেত্ৰত অধিক শুভ দেখা গৈছে । শিশুসকলৰ বাবেও দিনটো শুভ । অভিভাৱকসকলে সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে । চাওঁ আহক ৰাশিফল অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব ।

মেষ ৰাশি: আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাই বিভিন্ন ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব পাৰে । নতুন প্ৰতিদ্বন্দ্বী লাভ কৰিব । কৰ্মক্ষেত্ৰত যিকোনো কামত খৰখেদা নকৰাই ভাল । শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ লাভ কৰিব । পৰিয়ালৰ বাবে সময় উলিয়াব । স্বাস্থ্য ভালে যাব ।

বৃষ ৰাশি: আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাই ইতিবাচক ফলাফল লাভ কৰিব পাৰে । মন বিচৰা ধৰণে ফলাফল লাভ কৰিব । কোনো লোকৰ পৰা উপহাৰ পোৱা সম্ভাৱনা আছে । সন্তানৰ ভৱিষ্যতক লৈ চিন্তা কৰিব । কষ্টৰ সম্পূৰ্ণ ফল লাভ কৰিব । প্ৰত্যাহ্বানবোৰ আঁতৰিব । ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিব পাৰে । স্বাস্থ্য প্ৰতি সচেতন হওক ।

মিথুন ৰাশি : বিভিন্ন প্ৰত্য়াহ্বানৰ মাজেৰে দিনটো পাৰ কৰিব । কষ্ট কৰিলে সম্পূৰ্ণ ফল পাব। বিনিয়োগৰ বাবে দিনটো শুভ । ব্যৱসায়ত লাভৱান হল । অপ্ৰয়োজনৰ খৰচৰ পৰা আঁতৰি থাকক । পৰিয়ালৰ কেন্দ্ৰীক বিবাদ থাকিব পাৰে । স্বাস্থ্য ভাল । শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰিব ।

কৰ্কট ৰাশি : জটিলতা আঁতৰি দিনটো আপোনাৰ বাবে অতি শুভ হ’বলৈ গৈ আছে । নিজৰ ওপৰত থকা দায়িত্ববোৰ ভাল দৰে পালন কৰিব পাৰিব । পৰিয়ালত স্বাস্থ্যজনিত সমস্যা থাকিব । লেনদেনত অলপ সাৱধান হ’ব। বুদ্ধি আৰু বিবেচনাৰে যিকোনো সিদ্ধান্ত হ’ব। স্বাস্থ্য ভালে যাব । স্বাস্থ্যজনিত খাদ্যাভ্যাস গ্ৰহণ কৰক ।

সিংহ ৰাশি: আজি দিনটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ’বলৈ গৈ আছে। অভিজ্ঞতাই দিনটোৰ কামত সহায় কৰিব । কোনো কম সময়তে বিশ্বাসত নল’ব, নহ’লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে। নতুন সমাগ্ৰী ক্ৰয় কৰিব পাৰে । স্বাস্থ্যৰ প্ৰতি সচেতন হওক । মনৰ স্থিতি শক্তিশালী কৰিবলৈ ধ্য়ান কৰাৰ অভ্যাস কৰক ।

কন্যা ৰাশি: প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব । আয় বৃদ্ধি পাব পাৰে । উপাৰ্জনৰ নতুন উৎস লাভ কৰিব । শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰিব । বাকী থকা কাম সম্পূৰ্ণ হ’ব। সামাজিক অনুষ্ঠানত ভাবমূৰ্তি উন্নত হ’ব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। ভ্ৰমণ কৰিব পাৰে । স্বাস্থ্য় প্ৰতি সচেতন হওক ।

তুলা ৰাশি: দিনটো আপোনাৰ বাবে আনন্দৰে ভৰা হ’ব । দায়িত্বৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যিকোনো পুৰণি ৰোগে সমস্যা সৃষ্টি কৰিব । ইচ্ছা পূৰণৰ বাবে কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে । শিক্ষাৰ্থীসকলে পৰিকল্পিতভাৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক ।

বৃশ্চিক ৰাশি: আইনী বিষয়ত জড়িত হৈ পৰিব পাৰে । পাৰিবাৰিক সমস্যাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। ব্যৱসায়ত অলপ সাৱধান হ’ব । অপ্ৰয়োজনী খৰচৰ পৰা বিৰত থাকক । সকলোকে বিশ্বাস নকৰিব । নিজৰ আত্ম সন্মান বজাই ৰাখিব পাৰিব । স্বাস্থ্য ভাল । ধ্যান আৰু যোগাসন অভ্যাস কৰক ।

ধনু ৰাশি: পৰিকল্পিতভাৱে দিনটোৰ কামবোৰ কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব। । বিনিয়োগ সাৱধান হ’ব । ব্যৱসায়ত কষ্ট কৰিব লাগিব, তেতিয়াহে সম্পূৰ্ণ ফল পাব । খৰচ বৃদ্ধি পাব । শিক্ষাৰ্থীসকলৰে পঢ়া-শুনাত সময় দিয়ক । স্বাস্থ্য ভাল যদিও ঋতুজনিত সমস্যাই প্ৰভাৱিত কৰিব । শৰীৰ চৰ্চা কৰক ।

মকৰ ৰাশি: আয় বৃদ্ধি পাব । যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব। দায়িত্বৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। সম্পত্তি ক্ৰয় কৰিব পাৰে । পৰিয়ালৰ সুখৰ পৰিৱেশে বিৰাজ কৰিব । শিক্ষাৰ্থীসকলে ভাল ফলাফল আশা কৰিব পাৰে, কিন্তু কষ্ট কৰিব লাগিব । স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজন ।

কুম্ভ ৰাশি: আজিৰ দিনটোত মিশ্ৰিত ফলাফল লাভ কৰিব । কৰ্মক্ষেত্ৰ সলনি হোৱাৰ বাবে ঘৰৰ পৰা আঁতৰি থাকিব লাগিব। শত্ৰুৰ বাছি থাকিবলৈ চেষ্টা কৰক, নহ’লে আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ বাঢ়িব । ব্যৱসায় আৰু লেনদেনৰ বাবে দিনটো শুভ । স্বাস্থ্যৰ যত্ন লওক ।

মীন ৰাশি: এই ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ভাল দিন ভাল দিন লাভ কৰিবলৈ গৈ আছে। শাৰীৰিক সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পাব। ব্যৱসায়ৰ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব । পৰিয়ালত কিছু কথা বিবাদৰ সৃষ্টি হ’ব পাৰে । বাকী থকা ধন পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনী কামত সময় নষ্ট নকৰিব । কষ্ট কৰক ভাল ফলাফল লাভ কৰিব ।

Latest News