আজি সৰস্বতী পূজাঃ শিক্ষানুষ্ঠানসমূহত উখল-মাখল পৰিৱেশ, জানক পূজাৰ শুভ সময়…

Saraswati puja 2025: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আজি সৰস্বতী পূজা। ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোত মা সৰস্বতীক পূজা কৰিলে শুভ ফল পোৱা যায়। প্ৰতি বছৰে বসন্ত পঞ্চমীত সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়।

আজি সৰস্বতী পূজাঃ শিক্ষানুষ্ঠানসমূহত উখল-মাখল পৰিৱেশ, জানক পূজাৰ শুভ সময়...

সৰস্বতী পূজা

Published: 

02 Feb 2025 08:01 AM

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয় আৰু এই দিনটোতে মা সৰস্বতীক পূজা আগবঢ়োৱা হয়। কোৱা হয়,এই দিনটো জ্ঞান, সংগীত আৰু শিল্পৰ দেৱী সৰস্বতীক পূজা কৰিলে শিক্ষাৰ্থীসকলৰ মনৰ কামনা পূৰ্ণ হয়। লগতে মা সৰস্বতীয়ে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে। সৰস্বতী পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা গৈছে আনন্দময় পৰিৱেশ।

আজিৰ দিনটোত প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে সৰস্বতী পূজা পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে পূজাৰ আগদিনাই মা সৰস্বতীৰ মূৰ্তি আনি পূজাৰ  বেদীত স্থাপন কৰে। পাছত পূজাৰ দিনা পুৱাৰ পৰা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত হাঁহি, ধেমালী দেখা যায়। এই দিনটোত শিক্ষাৰ্থীসকলে ধুনীয়াকৈ সাজ পোচাক পৰিধান কৰি শিক্ষানুষ্ঠানলৈ গৈ সৰস্বতী দেৱীক পূজা কৰে। মা সৰস্বতীক পূজা আগবঢ়োৱাৰ পাছত সকলোৱে মিলি প্ৰীতি ভোজন কৰে আৰু পৰৱৰ্তী সময়ত দেৱীক বিসৰ্জন দিয়া হয়।

শুভ সময়

পঞ্জিকা অনুসৰি, সৰস্বতী পূজা মাঘ মাহৰ শুক্ল পঞ্চমী তিথি ২ ফেব্ৰুৱাৰী, ৰবিবাৰে পুৱা ৯.১৪ বজাৰ পৰা আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰী পুৱা ৬.৫২ বজাত শেষ হ’ব। বসন্ত পঞ্চমীৰ মা সৰস্বতী পূজাৰ শুভ সময় ২ ফেব্ৰুৱাৰীৰ পুৱা ৭:০৯ বজাৰ পৰা নিশা ১২:৩৫ বজালৈ। এনে পৰিস্থিতিত সৰস্বতী পূজা কৰাৰ শুভ সময় ৫ ঘণ্টা ২৬ মিনিট । অৱশ্যে এইবাৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা পালন কৰিব।

মহত্ব

হিন্দু ধৰ্মত সৰস্বতী পূজাৰ বিশেষ মহত্ব আছে। এই দিনটো মা সৰস্বতীক পূজা কৰিলে আশীৰ্বাদ লাভ কৰা যায়। ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোতে মা সৰস্বতী প্ৰকট হৈছিল। মা সৰস্বতীক বিদ্যাৰ দেৱী বুলি কোৱা হয়। এনে পৰিস্থিতিত বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো বেছি গুৰুত্বপূৰ্ণ। এই দিনটোত মা সৰস্বতী পূজা কৰিলে শিক্ষাৰ্থীসকলে জ্ঞান, শিক্ষা বৃদ্ধিৰ বৰদান লাভ কৰে বুলি কোৱা হয়।

উল্লেখ্য যে, এই দিনটোত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ধুমধামেৰে সৰস্বতী পূজা পালন কৰা হয়। ইয়াৰোপৰি বিভিন্ন সংস্থাই বিভিন্ন ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই দিনটোত শিক্ষানুষ্ঠানসমূহত নিৰামিষ খাদ্য খুওৱা হয়। কোৱা হয়, এই ঋতু আৰু উৎসৱত কৃষি পথাৰৰ পকা শস্যৰ হালধীয়া ফুলেৰে সৰস্বতীক আদৰা হয়। হিন্দুসকলে হালধীয়া ৰঙক সৰস্বতীৰ প্ৰিয় ৰঙৰ সৈতে সম্পৃক্ত কৰে। সেয়ে এই দিনটোত বহুতে হালধীয়া ৰঙৰ শাৰী বা চাৰ্ট পৰিধান কৰে।

 

(স্পষ্টীকৰণঃওপৰোক্ত লেখাটো ধৰ্মীয়  মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ নিশ্চিয়তা টিভি-৯ অসমে প্ৰদান নকৰে।)

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া