Rongali Bihu: আজি চেৰা বিহু, জানক ইয়াৰ পৰম্পৰা, কেনেকৈ পালন কৰা হয়
ৰঙালী বিহুত সাতটা দিন পালন কৰা হয়, তাক ‘সাতবিহু’ বোলে। চেৰা বিহু হৈছে সাতবিহুৰ শেষৰ দিন। ৰঙালীৰ সপ্তম আৰু অন্তিম বিহুক চেৰা বিহু বুলি বুজায়। চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ। এই দিনটোৰ আছে বহু গুৰুত্ব।

আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ। আজি ৰাজ্যবাসীয়ে পালন কৰিব চেৰা বিহু । প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে। ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে।
এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। চেৰা বিহু হৈছে সাতবিহুৰ শেষৰ দিনটো। চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ। এইদিনটোত উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে। উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে। সেই নিয়ম আজিও প্ৰচলিত হৈ আছে। কমলাবাৰী সত্ৰৰ বাবে চেৰা বিহুৰ এক বিশেষ গুৰুত্ব আছে। সাত বিহুৰ দিনা মহাপুৰুষ মাধৱদেৱে বদলা আতাক ধৰ্মাধিকাৰ পাতি তাল-মালা আগবঢ়াই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আদেশ দিছিল। গুৰুজনাৰ আদেশ শিৰত লৈ আতাই পিছ দিনাই উজনিলৈ যাত্ৰা কৰিছিল। সাত বিহুৰ দিনা আজিও পুৱা-প্ৰসংগ শেষ হোৱাৰ পিছত গায়ন-বায়নৰ সমস্ত প্ৰসংগই বন্ধ থকাটো উল্লেখযোগ্য। সেইদিনা তাত সৰ্বসাধাৰণে উপবাসে থাকে আৰু খেতিয়কসকল পথাৰলৈ নাযায়।
চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা বিভিন্ন ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে। নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বোলে। নামনিত বিশেষকৈ কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে “সাত বিহু” বা ‘সাত বিষুৱা’ পালন কৰে।