শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Today’s Rashifal: বিহুৰ দিনা কেনে যাব আপোনাৰ দিন? চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো দিনতে প্ৰতিটো ৰাশিৰ বেলেগ বেলেগ যোগ থাকে।

Today’s Rashifal: বিহুৰ দিনা কেনে যাব আপোনাৰ দিন? চাওক আজিৰ ৰাশিফল…
আজিৰ ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Jan 2025 06:00 AM

আজি মঙলবাৰ, ১৪ জানুৱাৰী। আজি সমগ্ৰ অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। এই দিনটো কিছু বিশেষ। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বৈবাহিক জীৱন শুভ হোৱাৰ লগতে আন কিছুমানৰ কিছু সমস্যা আহিব পাৰে। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হল-

মেঘ ৰাশিঃ আজি আপোনাৰ পৰিয়াললৈ সুখ আহিব। সম্পত্তি বা মাটি ক্ৰয় কৰাৰ সম্ভাৱনা। সম্পদ বৃদ্ধি হ’ব। সংগীৰ সৈতে ভাল আপোনাক সহায় কৰিব। পৰিয়ালৰ সদস্যই বেমাৰত পৰিব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। বৈবাহিক জীৱন শুভ। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

বৃষ ৰাশিঃ আজি আপোনাৰ চিন্তা বৃদ্ধি হ’ব পাৰে। আপোনজনৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা। প্ৰেমত ভাল। কোনো কথাত খং কৰাৰ পৰা বিৰত থাকক। সামাজিক কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। নতুন কোনো কাম আৰম্ভ কৰাৰ সম্ভাৱনা। সন্তানৰ ফালৰ পৰা কিবা সুখবৰ লাভ কৰিব পাৰে।

মিথুন ৰাশিঃ আজি দিনটো সুখৰ হ’ব। কিবা ভাল খবৰ লাভ কৰিব পাৰে। জীৱনত ভাল পৰিবৰ্তন হোৱাৰ সম্ভাৱনা। খৰচত নিয়ন্ত্ৰণ ৰাখক। পাৰিবাৰিক সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব। বেংকৰ সৈতে জড়িত ব্যক্তিসকলৰ লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত ভাল। স্বাস্থ্য ভালে যাব।

কৰ্কট ৰাশিঃ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ভাল। কৰ্মক্ষেত্ৰত বিবাদ হ’ব পাৰে। সাৱধানে চলিব। কৰ্মক্ষেত্ৰত কোনো পৰিবৰ্তন হোৱাৰ সম্ভাৱনা। সন্মান বৃদ্ধি পাব। কাৰোবাক ধন দিয়াৰ আগত চিন্তা কৰিব। আইনী যুঁজত সফলতা লাভ কৰিব। কোনোৱে মনত আঘাত দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আইনী কাম-কাজত গুৰুত্ব দিব। বিদেশত বাণিজ্য কৰা সকলৰ বাবে দিনটো ভাল। খং পৰিহাৰ কৰক। পৰিয়ালৰ ফালৰ পৰা কোনো জৰুৰী খবৰ লাভ কৰিব। চাকৰি কৰা সকলে কামত গুৰুত্ব দিব। জ্যেষ্ঠজনৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। ব্যাৱসায়ীসকলে বন্ধুৰ সৈতে ভালদৰে চলিব। কথা কোৱাৰ আগতে ভাবিব।

কন্যা ৰাশিঃ আজি আপোনাৰ দিনটো সুখৰ হ’ব। কোনো গুৰুত্বপূৰ্ণ লক্ষ্য পূৰ্ণ হ’ব। পৰিয়ালত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ’ব পাৰে। পৰিয়ালৰ ফালৰ পৰা সহযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। খৰচত গুৰুত্ব দিয়ক । নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে সকলো পৰীক্ষা কৰি চাব।

তুলা ৰাশিঃ আজি আপোনাৰ বিভিন্ন দিশৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। লেনদেনত ভাল। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল। বাহন চলাওতে সাৱধান হওক। যিকোন কথাত খং নকৰিব। কাৰোবাৰ সৈতে বিবাদ হ’লে ধৈৰ্য ধৰি কথা পাতিব। কোনো নতুন কামত লৈ দোমোজাত থাকিলে সেই কাম নকৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ ভাগ্যৰ ফালৰ পৰা দিনটো ভাল। বিভিন্ন কামত সফলতা লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। ধৰ্মীয় কামত জড়ত হ’ব পাৰে। ব্যৱসায়ত মোটা ধন বিনিয়োগ কৰাৰ সম্ভাৱনা। কোনো লক্ষ্য যদি ঠিৰাং কৰিছে তাত গুৰুত্ব দিয়া দৰকাৰ। স্বাস্থ্য ভাল- বেয়াৰ মাজেৰে পাৰ হ’ব।

ধনু ৰাশিঃ বিবাদৰ পৰা আঁতৰি থাকক। কাম কৰাত গুৰুত্ব দিয়ক। জ্যেষ্ঠজনৰ পৰামৰ্শ মানি চলিব। স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। কিছুমান ক্ষেত্ৰত আপোনাৰ লাভ হ’ব। ঋণ লোৱাৰ পৰা বিৰত থাকক। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ধৰ্মীয় কাম-কাজত জড়িত হ’ব পাৰে।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল যাব। আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা। পৰিয়ালত যদি কিবা সমস্যা চলি আছে তেন্তে সেয়া সমাধান হ’ব। বৈবাহিক জীৱন ভাল হ’ব। সংগীয়ে সহায় কৰিব। সামাজিক বা ধৰ্মীয় কৰ্মত জড়িত হ’ব পাৰে। লোকচান হোৱাৰ সম্ভাৱনা। সেয়ে টকা বিনিয়োগ কৰাত সাৱধান হ’ব।

কুম্ভ ৰাশিঃ নিজৰ কামত গুৰুত্ব দিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনা। ৰাজনীতিৰ সৈতে জড়িতসকল বিৰোধিৰ পৰা সাৱধান। কৰ্মক্ষেত্ৰত সাৱধানে চলিব। আনক ঋণ নিদিব, ঘূৰাই পোৱাত সমস্যা আহিব পাৰে। লেনদেনত গুৰুত্ব দিব। আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে।

মীন ৰাশিঃ কোনো ভাল খবৰ লাভ কৰিব পাৰে। পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। বিৰোধিৰ পৰা সাৱধানে থাকিব। মনোবল বৃদ্ধি। নিজৰ ওপৰত গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰে। স্বাস্থ্য গুৰুত্ব দিয়ক।

Latest News