Today’s horoscope: শুকুৰবাৰৰ দিনটোত কাৰ ভাল, কাৰ বেয়া? চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা থাকে। আজিৰ দিনটোত কিছুমানৰ বাবে কিছু ভাল যোগ আছে।

Todays horoscope: শুকুৰবাৰৰ দিনটোত কাৰ ভাল, কাৰ বেয়া? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

18 Apr 2025 06:00 AM

আজি ১৮ এপ্ৰিল, শুকুৰবাৰ। আজি কিছুমান ৰাশিৰ লোকে সম্পত্তি ক্ৰয় কৰিব পাৰে, কিছুমানে চাকৰি পাব পাৰে। আজিৰ দিনটো আপোনাৰ কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। সন্তানে পৰীক্ষাত সফলতা লাভ কৰিব। ভাই-ভগ্নীৰ মাজৰ সম্পৰ্ক উন্নত হ’ব। সংগীয়ে যদি কোনো সমস্যাত ভুগি আছে তেন্তে সেয়া দূৰ হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন চেষ্টা কৰিব। কোনো আপোনজনে আপোনাক বিশ্বাসঘাটকতা কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটোত আপুনি বুদ্ধি আৰু বিবেকেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কোনো কাম কৰাৰ আগতে ভাবিব। খৰখেদাকৈ কাম নকৰিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। দূৰ সম্পৰ্কীয় কোনো লোকৰ পৰা বেয়া খবৰ পাব পাৰে। সংগীৰ সৈতে ভাল। সম্পত্তিক লৈ পৰিয়ালৰ সৈতে কথা পাতিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দৰে ভৰা হ’ব। এলাহ বৃদ্ধিৰ সম্ভাৱনা। আনক কথা কোৱাৰ আগতে চিন্তা কৰিব। সংগীৰ আৱেগত গুৰুত্ব দিব। সন্মান কৰিব। চাকৰি আৰু ব্যৱসায় কৰা সকলে কামত অধিক গুৰুত্ব দিয়া দৰকাৰ। স্বাস্থ্য ভালে যাব। সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। চৰকাৰী কোনো কামত টকা ব্যয় কৰিব পাৰে। সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। কাজিয়াৰ পৰা আঁতৰি থাকক। পুৰণি বন্ধুক বহু দিনৰ পাছত লগ পাব। চাকৰি কৰা সকলৰ বাবে দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। দায়িত্বক লৈ অধিক পৰিশ্ৰম কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। কোনো কাম অসম্পূৰ্ণ হ’ব পাৰে। যাৰ বাবে আপোনাৰ চিন্তা বৃদ্ধি পাব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। কামৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাত কৃপনালী নকৰিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে দিনটো ভাল। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব পাৰে। সংগীৰ কথাত গুৰুত্ব দিব। আইনী দিশত সাৱধান হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। যদি কোনো আইনী বিষয়ত চেষ্টা চলাই আছিল তেন্তে সফলতা লাভ কৰিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। নতুন কোনো কামত চেষ্টা কৰিব। ধন সম্পৰ্কীয় দিশত গুৰুত্ব দিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে উত্তম হ’ব। যিকোনো কামতে সংগী আৰু জ্য়েষ্ঠজনৰ সহায় লাভ কৰিব। মনৰ ইচ্ছা পূৰণ হ’ব, যাৰ বাবে সুখ বৃদ্ধি পাব। খৰচৰ ওপৰত গুৰুত্ব দিয়ক। পৰিয়ালৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত মন দিয়া দৰকাৰ। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপোনাৰ দিনটো কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। আনক প্ৰতিশ্ৰুতি দিয়াৰ আগত চিন্তা কৰিব। ঘৰৰ কোনো সদস্যৰ বিয়া ঠিক হ’ব পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। যাৰ বাবে আপোনাৰ মন ভাল হ’ব। যদি কোনো কামত অসুবিধা হৈ আছে তেন্তে ভাতৃৰ সহায়ত সমস্যা দূৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফল লৈ আনিব পাৰে। কামক লৈ নতুন পৰিকল্পনা কৰিব পাৰে। কামৰ ক্ষেত্ৰত আনক বিশ্বাস নকৰিব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। বন্ধুক লগ পাব। আত্মীয়ৰ সৈতে ভাল সময় কটাব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰত্ব দিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। নতুন ঘৰ বা কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে। ব্যৱসায়ত সফলতা লাভ কৰিব। পাৰিবাৰিক সমস্যা কমিব। যাৰ বাবে আপুনি সুখী হ’ব। আনৰ কথাত ভোল নাযাব।কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। কৰবাত টকা বিনিয়োগ কৰিলে ভাল লাভ পাব। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে সুখ লৈ আহিব। চাকৰি পোৱাৰ সম্ভাৱনা আছে। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। আৰ্থিক দিশটো ভাৱ। ধৰ্মীয় কোনো যাত্ৰাত যাব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। ভাই-ভনীৰ সৈতে বিবাদ হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ব্যৱসায় আৰু চাকৰিৰ দিশটো ভাল।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়