শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Today’s Horoscope: শনিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা। হিন্দু ধৰ্মত ৰাশিফলৰ গুৰুত্ব অধিক। গ্ৰহ- নক্ষত্ৰ আদিৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল নিৰ্ধাৰণ কৰা হয়।

Today’s Horoscope: শনিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
monjit-dutta
Monjit Dutta | Updated On: 18 Jan 2025 06:10 AM

আজি ১৮ জানুৱাৰী, শনিবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ চাকৰিত পদোন্নতিৰ যোগ আছে। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখেৰে পাৰ হ’ব। কামত সফলতা লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব। খৰচৰ ওপৰত গুৰুত্ব দিব। সামাজিক কাৰ্যত জড়িত হোৱাৰ সম্ভাৱনা। শত্ৰুৰ পৰা সাৱধান। সংগীৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে।

বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায়ত শুভ, উন্নতিৰ যোগ আছে। সামাজিত কাৰ্যত জড়িত হ’ব পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হ’ব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। আনৰ কথা বিশ্বাস নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক।

মিথুন ৰাশিঃ নতুন কাম আৰম্ভ কৰাৰ বাবে আজি আপোনাৰ দিনটো শুভ। কামক লৈ কোনো নতুন পৰিকল্পনা কৰিব পাৰে। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো লোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ’ব পাৰে। সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ সমস্যা দূৰ হ’ব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। সন্তানে সুখ দিব। আপোনাৰ মনৰ কোনো ইচ্ছা পূৰণ হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা। আনৰ কথাত বেছি গুৰুত্ব নিদিব। বিবাদৰ পৰা আঁতৰি থাকিব। স্বাস্থ ভালে যাব। আপোনজনক লগ পোৱাৰ সম্ভাৱনা।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ব্যৱসায়ত কিবা নতুন সংযোজন হ’ব পাৰে যিয়ে আপোনাক ভৱিষ্যতে লাভ দিব। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। আপোনাৰ কামত জ্যেষ্ঠজন সুখী হ’ব। কোনো বঁটা লাভ কৰিব পাৰে। ৰাজনীতি কৰা ব্যক্তিসকল সাৱধান। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কন্যা ৰাশিঃ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল যাব। ধন বৃদ্ধিৰ যোগ আছে। কোনো ভাল খবৰ লাভ কৰিব পাৰে। আইনী বিষয় আপোনাৰ পক্ষলৈ আহিব। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। বিদ্যাৰ্থীসকলে পৰিশ্ৰম কৰাৰ দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটো ভালে যাব। বিবাদৰ পৰা আঁতৰি থাকক। সন্তানৰ সৈতে কোনো কথাত মতানৈক্য হোৱাৰ সম্ভাৱনা। ভাতৃ-ভগ্নীয়ে কামত সহযোগ কৰিব। ব্যৱসায় বা চাকৰিত উন্নতি হ’ব , সকলো বাধা দূৰ হ’ব। ধৰ্মীয় কাম- কাজত অংশ গ্ৰহণ কৰিব পাৰে।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো সাধাৰণ হ’ব। বৈবাহিক জীৱন ভাল হ’ব। চাকৰিত পদোন্নতিৰ যোগ আছে। চাকৰিৰ বাবে কোনো স্থানলৈ যাবলগীয়া হ’ব পাৰে। প্ৰেমত ভাল নহয়। সংগীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। লেনদেনত গুৰুত্ব দিয়ক। স্বাস্থ্যত গুৰুত্ব দিয়ক। ঘৰলৈ আলহী আগমনৰ সম্ভাৱনা।

ধনু ৰাশিঃ কোনো সিদ্ধান্ত লোৱাৰ আগত চিন্তা কৰিব। আপোনাৰ আয়ৰ উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা। বিদেশত শিক্ষাগ্ৰহণ কৰিব বিচৰাসকলৰ বাবে দিনটো ভাল। ভাবি-চিন্তি কামত আগবাঢ়িব। পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। ব্যৱসায় আৰু চাকৰিৰ দিশটো ভাল বেয়াৰ মাজেৰে যাব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপুনি কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। পৰিয়ালৰ সৈতে দিনটো ভাল যাব। ব্যৱসায় আৰু চাকৰিয়ালসকলৰ বাবে দিনটো প্ৰত্যাহ্বানপূৰ্ণ হ’ব। কোনো পুৰণি বন্ধুক লগ পাব পাৰে। কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক। ঋণ লোৱাৰ পৰা বিৰত থাকক।

কুম্ভ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। পৰিয়ালত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। কৰ্মক্ষেত্ৰ সলনি কৰাৰ আগতে চিন্তা-চৰ্চা কৰিব।নতুন চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। প্ৰেমত শুভ। বিবাহৰ যোগ আছে।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰে ভৰা হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। সম্পত্তি লাভৰ সম্ভাৱনা। সংগীৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে। ধনৰ লগত জড়িত সিদ্ধান্ত চিন্তা কৰিব গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

Latest News