শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: মঙলবাৰৰ দিনটো কাৰ ভাল, কাৰ বেয়া? চাওক আজিৰ ৰাশিফল…

Today's horoscope: আজি মঙলবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকে বাহন ক্ৰয়ৰ সম্ভাৱনা আছে। আজি আপোনাৰ দিনটো কেনে যাব? আজিৰ ৰাশিফল চাওক...

Today’s horoscope: মঙলবাৰৰ দিনটো কাৰ ভাল, কাৰ বেয়া? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Apr 2025 06:00 AM

আজি ২২ এপ্ৰিল, মঙলবাৰ। আজিৰ দিনটোত কিছু ৰাশিৰ লোক সাৱধানে থকা দৰকাৰ। ইয়াৰ বিপৰীতে আজি কিছুমানে ভাল খবৰ লাভ কৰিব পাৰে। আজিৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ হ’ব। ব্যৱসায়ত সমস্যা অহাৰ সম্ভাৱনা। গতিকে ব্যৱসায় ঠিক কৰাৰ চেষ্টা কৰিব। সন্তানৰ কেৰিয়াৰৰ ক্ষেত্ৰত যদি কিবা সমস্যা আছে তেন্তে সেয়া দূৰ হ’ব। বিশিষ্ট ব্যক্তিৰ কথা মানি চলিব। অন্যথা সমস্যা হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত শুভ।

বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি কিছু সাৱধানে চলিব লাগিব। কামৰ বাবে আপুনি যথেষ্ঠ ব্যস্ত থাকিব। কোনো বন্ধুৰ সৈতে কোনো ঠাইত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা। সংগীৰ সৈতে ভাল। সংগীৰ কথাত গুৰুত্ব দি চলিব। পাৰিবাৰিক দিশত ধৈৰ্য ধৰা দৰকাৰ।চাকৰিয়াল আৰু ব্যৱসায়ীসকলে দিনটো সাৱধাৱে থাকিব। স্বাস্থ্যত ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আইনী কোনো কাম কৰি আছে যদি ভাল ফল পাব। কোনো ভাল পোৱাৰ লগে লগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। কোনো ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে। সামাজিক দিশত ভালদৰে কাম কৰিব। অবিবাহিত সকলে নতুন সংগী পাব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপুনি কোনো ভাল ফল লাভ কৰিব। ভ্ৰমণৰ সময়ত কোনো ভাল খবৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। কৰ্মক্ষেত্ৰত বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেয়ে সাৱধানে চলিব। চৰকাৰী কোনো কামৰ পৰা লাভ হ’ব। অবিবাবিতসকলে জীৱন সংগীৰ সন্ধান কৰিব পাৰিব। লেনদেনত সাৱধান হ’ব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে চলিব। হাতলৈ কোনো নতুন কাম অহাৰ বাবে আপোনাৰ সুখ বাঢ়িব। কোনো কথাকলৈ মাতৃয়ে বেয়া পাব পাৰে। দায়িত্ব পূৰণ কৰাৰ সময়ত কোনো সমস্যা আহিব পাৰে। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজনৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায় আগতকৈ ভাল হ’ব। চৰকাৰী কামত লাভ হোৱাৰ সম্ভাৱনা। ঘৰৰ কোনো কাম কৰিব পাৰে। নতুন দায়িত্ব লাভৰ সম্ভাৱনা। সন্তানৰ কোনো কথাই মনত দুখ দিব পাৰে। প্ৰয়োজনীয় কামত ধৈৰ্য ধৰি চলিব। মনত বেয়া ভাব নাৰাখিব। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত চিন্তা কৰিব। কৰ্মক্ষেত্ৰত অচিনাকী লোকৰ পৰা আঁতৰত থাকক। অন্যথা আপোনাৰ কামত সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। বন্ধুক লগ পোৱাৰ সম্ভাৱনা। ঘৰত নতুন বাহন ক্ৰয়ৰ সম্ভাৱনা। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ আজি কামৰ বাবে আপোনাৰ বহু চিন্তা হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ স্বাস্থ্য বেয়া হ’ব পাৰে। যাত্ৰাৰ সম্ভাৱনা আছে। দূৰ সম্পৰ্কীয় লোকৰ পৰা বেয়া খবৰ পাব পাৰে। কামৰ ক্ষেত্ৰত খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা।ভ ভাই-ভনীৰ সৈতে ভাল। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ঘৰলৈ কোনো আলহী আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। গতিকে সাৱধানে থাকিব। শত্ৰুয়ে আপোনাক অশান্তি দিব পাৰে। কথা কোৱাৰ আগতে চিন্তা কৰিব। প্ৰেমত দেখা দিয়া সমস্যা সমাধানৰ চেষ্টা কৰিব। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটোই আপোনাৰ বাবে ভাল খবৰ লৈ আনিব। কোনো নতুন কামৰ পৰা ভাল ফল লাভ কৰিব। শিক্ষাৰ্থীসকলে অধ্যায়নত গুৰুত্ব দিয়া দৰকাৰ। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। পুৰণি ভুলৰ পৰা শিক্ষা লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। স্বাস্থ্য। ভালে যাব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। হাতলৈ ধন আহিব। আৰ্থিক দিশৰ উন্নতি হ’ব। আনৰ কথা মতে সিদ্ধান্ত গ্ৰহণ নকৰিব। লেনদেনৰ ক্ষেত্ৰত সাৱধান হ’ব। ধৰ্মীয় দিশত একাগ্ৰতা বাঢ়িব। স্বাস্থ্য ভাল-বেয়াৰ মাজেৰে যাব। পাৰিবাৰিক সমস্যাৰ বাবে চিন্তা বৃদ্ধি হ’ব। মনত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব।। পৰিশ্ৰম কৰি যাব। আৰ্থিক দিশটোত সমস্যাই দেখা দিব পাৰে। সংগীৰ সৈতে সমস্যাই দেখা দিব পাৰে। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। লেনদেনত সাৱধান হওক। স্বাস্থ্যত গুৰুত্ব দিয়ক।