শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Today’s horoscope: বৃহস্পতিবাৰে শুভ সংকেত কঢ়িয়াই আনিছে এইসকললৈ! চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক। প্ৰতিটো দিনতে প্ৰতিটো ৰাশিৰ বেলেগ বেলেগ যোগ থাকে। ধৰ্মীয় মান্য়তা অনুসৰি ৰাশিফলে আমাৰ আহিবলগীয়া সময়ৰ বিষয়ে কয়।

Today’s  horoscope: বৃহস্পতিবাৰে শুভ সংকেত কঢ়িয়াই আনিছে এইসকললৈ! চাওক আজিৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Jan 2025 06:00 AM

বহু লোকে দিনটো কিদৰে পাৰ হ’ব বা দিনটো শুভ হ’ব নে অশুভ হ’ব সেই বিষয়ে জানিবলৈ দৈনিক ৰাশিফল চায়। ৰাশিফলৰ জৰিয়তে জ্যোতিষীসকলে ৰাশি অনুসাৰে মানুহৰ বাবে দিনটোৰ সম্ভাৱ্য পৰিস্থিতিৰ আগজাননী কৰে আৰু সেয়ে ৰাশিফলত বিশ্বাস ৰখা লোকসকলে এই ৰাশিফলৰ জৰিয়তে দিনটোৰ পৰিকল্পনা কৰে। আজি ২৩ জানুৱাৰী, বৃহস্পতিবাৰ। ৰাশিফল অনুসৰি আপোনাৰ দিনটো কিদৰে পাৰ হ’ব চাওক।

মেষ ৰাশিঃমেষ ৰাশিৰ লোকসকলে আজি কৰ্মসংক্ৰান্তত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। কোনো ঋণ আজি যদি এই ঋণৰ আজি এক বুজন অংশ পৰিশোধ কৰিবলৈ সক্ষম হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ। নতুন পাঠ্যক্ৰমত নামভৰ্তিৰ ইচ্ছা পূৰ হ’ব পাৰে। নেতিবাচক চিন্তা পৰিহাৰ কৰক। পাৰিবাৰিক কোনো সমস্যাই দেখা দিব পাৰে।

বৃষ ৰাশিঃ পিতৃ-মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ হ’ব। আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব। বৈবাহিক জীৱন সুখৰ হ’ব। পত্নীৰ বাবে কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ব্যৱসসায়ত ভালদৰে গুৰুত্ব দিয়া উচিত হ’ব। আপোনাৰ কোনো অহিত চিন্তকৰ পৰা বাধাৰ সন্মুখীন হ’ব পাৰে।

মিথুন ৰাশিঃ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত উন্নত হ’ব। বহুদিন ধৰি অসম্পূৰ্ণ কামসমূহ আজি সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদনত ভাতৃ-ভগ্নীৰ পৰা সহায় লাভ কৰিব। পিতৃ-মাতৃৰ প্ৰতি সেৱা আগবঢ়াই আশীৰ্বাদ লভিব। সন্তানৰ কেৰিয়াৰত উন্নতি হ’ব।

কৰ্কট ৰাশিঃ আৰ্থিক উন্নতি ঘটিব। পূৰ্বে কোনো আঁচনি বা শ্বেয়াৰ বজাৰত কৰা বিনিয়োগৰ পৰা আয় বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্ক অধিক সুদৃঢ় হ’ব। বৈবাহিক সম্পৰ্কও সুখকৰ হ’ব। নিজ কৰ্মৰ দ্বাৰা কৰ্মক্ষেত্ৰত উন্নতি ঘটিব। কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভালদৰে বিচাৰ-বিবেচনা কৰিব।

সিংহ ৰাশিঃ নিজ কৰ্মত অত্যন্ত ধৈৰ্য আৰু সাহসেৰে আগবাঢ়িব লাগিব। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হৈ থাকিব। বিনিয়োগ সম্পৰ্কীয় বিষয়বোৰত আপুনি ভালদৰে মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত আপুনি হয়তো ভাল খবৰ লাভ কৰিব। মানসিক অস্থিৰতাই যদি অশান্তি দি আছিল, সেই সমস্যা কিছু পাতল হ’ব।

কন্যা ৰাশিঃ শিক্ষাৰ্থীসকলৰ বাবে শুভ, নিজ প্ৰতিভা প্ৰকাশৰ সুযোগ পাব। শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে পৰিকল্পনা কৰি আছিল যদি এইক্ষেত্ৰত আজি আগবাঢ়িব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে আনন্দ কৰাৰ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

তুলা ৰাশিঃ তুলা ৰাশিৰ বাবে আজি দিনটো সমৃদ্ধিশালী হ’ব। পূৰ্বে হেৰুওৱা ধন হয়তো আজি ঘূৰাই পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি মনোযোগ কম হোৱাৰ বাবে আৰ্থিক দিশত লোকচানৰ সন্মুখীন হ’ব পাৰে। কৰ্মক্ষেত্ৰত নিজ কৰ্মৰ দ্বাৰা প্ৰশংসিত হ’ব। পাৰিবাৰিক সমস্যাৰ বাবে মানসিক চাপৰ সন্মুখীন হ’ব পাৰে।

বৃশ্চিক ৰাশিঃ সন্তানৰ কামৰ বাবে গৌৰৱান্বিত হ’ব। কৰ্মক্ষেত্ৰত প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে। পাৰিবাৰিক দিশত শুভ, চলি অহা যিকোনো পাৰিবাৰিক সমস্যা সমাধান হ’ব। ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীন হ’ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ যিকোনো কৰ্মত আগবঢ়াৰ পৰা বিৰত থাকক। মাতৃৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে কিছু মানসিক অস্থিৰতা হ’ব পাৰে।

ধনু ৰাশিঃ চৌপাশৰ পৰিৱেশ সুখদায়ক হ’ব। ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিব। আৰ্থিক দিশত শুভ। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হ’ব পাৰে। উচ্চ শিক্ষাৰ পৰিকল্পনা সফল হ’ব। শাৰীৰিক কোনো সমস্যাই দেখা দিব পাৰে। বৈবাহিক জীৱন তথা প্ৰেমৰ ক্ষেত্ৰত শুভ।

মকৰ ৰাশি: ব্যৱসায়িক দিশত শুভ। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা ফলপ্ৰসূ হৈ উঠিব পাৰে। চুবুৰীয়া তথা কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে কথা পতাৰ সময়ত সাৱধান হ’ব। বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্ক সুখদায়ক হ’ব। পৰিয়ালত অত্যাধিক খৰচ হ’ব পাৰে। কোনো বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি।

কুম্ভ ৰাশিঃ আজি আপোনাৰ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা। বৈবাহিক জীৱনত সুখ বৃদ্ধি। মানসিকভাৱে কিছু কথাই অশান্তি দিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিব।

মীন ৰাশিঃ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ গুৰুত্বপূৰ্ণ কামত ভালদৰে মনোযোগ দিয়াৰ প্ৰয়োজন। যদি কোনো আইনী বিষয়ৰ সৈতে জড়িত হৈ আছিল, এই বিষয়ত আপোনাৰ পক্ষে ফল আহিব। কৰ্মক্ষেত্ৰত শুভ। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ ঠিক হ’ব পাৰে। আন লোকৰ উচতনিত কোনো বিষয়ত উত্তেজিত নহ’ব। নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিব।