শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? আজিৰ ৰাশিফল চাওক…

Today's horoscope:জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকে সাৱধান হোৱা দৰকাৰ। ইয়াৰোপৰি কিছুমানৰ বাবে দিনটো ভাল। আপোনাৰ কেনে যাব দিন?

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? আজিৰ ৰাশিফল চাওক…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Apr 2025 06:00 AM

আজি ২৫ এপ্ৰিল শুকুৰবাৰ। আজিৰ দিনটোত কিছুমান ৰাশিৰ হাতলৈ নতুন সম্পত্তি আহিব পাৰে। আনহাতে কিছু ৰাশিৰ লোকে আৰ্থিক সমস্যাত ভুগিব পাৰে। আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃ আজি আপুনি কথা কওতে সাৱধান হ’ব। আনক ভাল ব্যৱহাৰ কৰিব। পৰিয়ালে আপোনাক কোনো ডাঙৰ দায়িত্ব দিব পাৰে। পৰিয়ালত ধৰ্মীয় কোনো অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। ব্যস্ত থাকিব। পাবলগীয়া ধন ঘূৰাই পাব। আয়ৰ নতুন পথ মুকলি হ’ব। সুখী থাকিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য বেয়া থাকিব পাৰে। পুৰণি কোনো সমস্যাই উক দিব পাৰে। লেনদেনৰ ক্ষেত্ৰত গুৰুত্ব দিব। যদি কোনো ঋণ বিচাৰি আছে তেন্তে সহজে পাব। ব্যৱসায়ত কিবা সলনি কৰিব বিচাৰিলে ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। ভ্ৰমণৰ সম্ভাৱণা আছে। বন্ধুক লগ পাব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। কাৰোবাক সহায় কৰিবলৈ অফিচত মিছা কব লাগিব পাৰে। মন অশান্ত থকাৰ সম্ভাৱনা। বাহন চলাওতে সাৱধান হোৱা দৰকাৰ। খৰচ বৃদ্ধি পাব। সন্তানৰ ফালৰ পৰা কোনো ভাল ফল লাভ কৰাৰ সম্ভাৱনা। দূৰ সম্পৰ্কীয় কোনো লোকৰ পৰা ভাল খবৰ পাব পাৰে। চাকৰিত ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে চলিব। সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে চিন্তা কৰিব। ব্যৱসায়ত টকা বিনিয়োগ কৰাত চিন্তা কৰিব। নতুন বস্তুত ক্ৰয় কৰিব পাৰে। ধনৰ সমস্যা আছে যদি দূৰ হ’ব পাৰে। আৰ্থিক স্থিতি আগতকৈ ভাল হ’ব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। লাভ হোৱাৰ সম্ভাৱনা। ইচ্ছা পূৰ হ’ব পাৰে। অৱশ্যে পৰিয়ালত কোনো বিবাদ হ’ব। পাৰে। নতুন ঘৰ ক্ৰয় কৰাৰ সম্ভাৱনা। আয় বৃদ্ধি কৰাত গুৰুত্ব দিব। লেনদেনত গুৰুত্ব দিব। স্বাস্থ্য ভাল। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। প্ৰেমত ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব পাৰে। কামৰ দায়িত্ব বৃদ্ধি পাব।দীৰ্ঘদিনীয়া পৰিকল্পনাই গতি লাভ কৰিব। কোনো পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য বেয়া হ’ব পাৰে। চিন্তিত থাকিব পাৰে। পৰিয়ালৰ কোনোবাৰ বিয়া ঠিক হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আয়ৰ নতুন পথ মুকলি হ’ব। পাবলগীয়া ঘন ঘূৰাই পাব। সম্পত্তিৰ ক্ষেত্ৰত সিদ্ধান্ত লওতে সাৱধান হ’ব। কোনোৱে বিশ্বাসঘাটকতা কৰিব পাৰে। ধৰ্মীয় দিশত মনোযোগ বৃদ্ধি পাব। সন্তানৰ ফালৰ পৰা সুখী হ’ব। চাকৰিয়ালসকল সাৱধানে থাকিব। জ্যেষ্ঠজনক সন্মান কৰি চলিব।

বৃশ্চিক ৰাশিঃ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে চিন্তা কৰিব। পৰিয়ালত যদি কোনো সমস্যা চলি আছে তেন্তে আলোচনাৰে সমাধান কৰাৰ চেষ্টা কৰিব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰ হ’ব পাৰে। ধৰ্মৰ দিশত গুৰুত্ব বৃদ্ধি পাব। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ সম্ভাৱনা। সংগীয়ে আপোনাক কোনো চাৰপ্ৰাইজ দিব পাৰে। আৰ্থিক দিশটোত সংকটে দেখা দিব পাৰে। যাৰ বাবে চিন্তিত হ’ব আপুনি। বিবাহৰ কথা চলি আছে যদি সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত শুভ। চাকৰিৰ ক্ষেত্ৰত ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সম্পত্তি লাভৰ সম্ভাৱনা আছে। যদি কোনো সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰি আছে তেন্তে সেই ইচ্ছা পূৰ হ’ব। বিবাহৰ বাধা দূৰ হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। স্বাস্থ্য ভাল যাব। পুৰণি বন্ধুক লগ পাব পাৰে। প্ৰেমত সমস্যা আহিলে আলোচনাৰে সমাধান কৰিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ভাল ফল লৈ আহিব। সামাজিক কাৰ্যত জড়িত হোৱাৰ সম্ভাৱনা। বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। সন্তানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ। ভুল কাম কৰাৰ পৰা আঁতৰত থাকক। চাকৰিৰ ক্ষেত্ৰত সাৱধান হ’ব। বিনা কাৰণে বিবাদ নকৰিব। আনৰ কথাত হস্তক্ষেপ নকৰিব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে নিৰাশাজনক হ’ব পাৰে। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। মন অশান্তি থাকিব। সন্তানে চাকৰিৰ ক্ষেত্ৰত বাহিৰত যাব পাৰে। বিদ্যাৰ্থীসকলে অধ্যয়নত মন দিয়া দৰকাৰ। শত্ৰুৰ পৰা সাৱধানে থাকিব। কোনো কাম অসম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আলহীৰ আগমনৰ সম্ভাৱনা।