মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকে বাহন ক্ৰয় কৰিব পাৰে। ইয়াৰ বিপৰীতে কিছুমানৰ আছে ভ্ৰমণৰ যোগ।

মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

29 Apr 2025 06:00 AM

আজি ২৯ এপ্ৰিল, মঙলবাৰ। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ বাবে প্ৰেম শুভ, সম্পত্তি ক্ৰয়ৰ যোগ আছে। আনহাতে কিছু ৰাশিৰ লোকে সাৱধানে চলা উচিত। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। অধিক লাভ হ’ব। নিজৰ আবেগক নিয়ন্ত্ৰণত ৰাখিব। জ্যেষ্ঠজনক কথা কোৱাৰ আগত চিন্তা কৰিব। দীৰ্ঘদিন ধৰি কৰিব বিচৰা কাম সম্পূৰ্ণ হ’ব। চৰকাৰী আঁচনিৰ পৰা লাভ পাব। কোনো কাম কৰিলে তাৰ নীতি-নিয়মৰ প্ৰতি গুৰুত্ব দিব। ঘৰৰ কামত ব্যস্ত থাকিব। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটোত আপুনি দীঘলীয়া ভ্ৰমণত যাব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব। ধৰ্মীয় দিশত মনযোগ বাঢ়িব। সন্তানৰ কোনো কথাৰ পৰা মন বেয়া লাগিব পাৰে। প্ৰেমত ভাল। সংগীৰ পৰা সহায় পাব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভাল যাব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে চলিব। খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ পৰিহাৰ কৰক। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা দৰকাৰ । দান কৰিলে ভাল ফল পাব। কোনো কথাক লৈ মন অশান্ত থাকিব পাৰে। ব্য়ক্তিগত বিষয়ত গুৰুত্ব দিয়া দৰকাৰ। কাৰোবাৰ সৈতে কাজিয়া হ’ব পাৰে। প্ৰেমত শুভ। চৰকাৰী চাকৰি কৰাসকলৰ ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। নিজৰ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিব। পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সমস্যা আহিলেও কিছুমান দিশ এৰাই চলিব লাগিব। দায়িত্ব বৃদ্ধি পাব। প্ৰেমত শুভ। ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। মন অশান্ত হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে।

সিংহ ৰাশিঃ আজিৰ দিনটোত আপুনি আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক। কোনো ডাঙৰ কামত হাত দিয়াৰ আগতে চিন্তা কৰিব। আৰ্থিক সমস্যা আহিব পাৰে। যদি কোনো কথাক লৈ নিশ্চিত নহয়, তেন্তে সিদ্ধান্ত গ্ৰহণ নকৰিব। পৰিয়ালৰ কাৰোবাৰ সৈতে কাজিয়া লগাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। কোনো সামাজিক কামত অংশ গ্ৰহণ কৰিব পাৰে। সন্তানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব। অন্যথা সমস্যা আহিব পাৰে। পিতৃৰ কোনো কথাই মনত অশান্তি দিব পাৰে। চাকৰি আৰু ব্যৱসায়ীসকলে সাৱধানে চলা ভাল। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আয়ৰ নতুন পথ মুকলি হ’ব। পৰিয়ালৰ সদস্যৰ ওপৰত গুৰুত্ব দিব। পৰিয়ালৰ কোনোৱে চাকৰি পাব পাৰে। প্ৰেমত শুভ কিন্তু একেলগে ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত চিন্তা কৰিব। নতুন ঘৰ ক্ৰয় কৰিব পাৰে। পুৰণি কোনো ভুলে সমস্যা দিব পাৰে। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপুনি সামাজিক কামত জড়িত হ’ব পাৰে। জ্যেষ্ঠজনৰ কথা মন দি শুনা আৱশ্যক। পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব। তেজৰ সম্পৰ্ক ভাল হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। প্ৰেমত ভাল। কাৰোবাৰ সহায়ৰ ফলত আপোনাৰ মনলৈ সুখ আহিব পাৰে। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰত সুখ বৃদ্ধি পাব। অৱশ্যে ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। ধন বৃদ্ধিৰ যোগ আছে। কাৰোবাক কিবা কোৱাৰ আগত চিন্তা কৰিব। প্ৰেমত সমস্যা আহিব পাৰে কিন্তু আলোচনাৰে সমাধান কৰা প্ৰয়োজন। কৰ্মক্ষেত্ৰত গুৰুত্ব দিয়া আৱশ্যক। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ত লাভ বৃদ্ধি পাব পাৰে। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰ হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। কোনো গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব। কামৰ ক্ষেত্ৰত নতুন কিবা কৰাৰ প্ৰয়োজন। সুখ-সুবিধা বৃদ্ধি পাব। দূৰৰ আলহীৰ পৰা ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজি আপুনি খৰচত নিয়ন্ত্ৰণ ৰখা আৱশ্যক। বিদেশত শিক্ষাগ্ৰহণ কৰিব বিচৰাসকলৰ বাবে দিনটো ভাল। কোনো ভাল খবৰ লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কাম সময়মতে পূৰ কৰাৰ চেষ্টা কৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। আজিৰ দিনটোত দান কৰা ভাল আপোনাৰ বাবে। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজিৰ দিনটোত আপুনি সম্পৰ্কবোৰত গুৰুত্ব দিয়া ভাল। আপোনৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। ধন লাভৰ যোগ আছে। আয়ৰ নতুন পথ মুকলি হ’ব, যিয়ে আপোনাক সুখ দিব। আজি আপুনি কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। নতুন চেষ্টাই সফলতা দিব। পুৰণি বন্ধুক লগ পাব পাৰে। স্বাস্থ্য ভাল।

হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক
ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...