শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হনুমানক সন্তুষ্ট কৰাৰ ৭ টা উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হিন্দু ধৰ্মত ৰামভক্ত হনুমানৰ বিশেষ মহত্ব আছে। কোৱা হয়, মঙলবাৰৰ দিনা হনুমানৰ পূজা কৰিলে মনৰ কামনা পূৰণ হয় আৰু জীৱনলৈ সুখ-সমৃদ্ধি আহে।

হনুমানক সন্তুষ্ট কৰাৰ ৭ টা উপায়:  হাতলৈ আহিব ধন, হ’ব উন্নতি…
হনুমানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 15:34 PM

হিন্দু ধৰ্মত ৰামভক্ত হনুমানৰ বিশেষ মহত্ব আছে। বিশেষকৈ মঙলবাৰৰ দিনটো হনুমান অৰ্থাৎ বজৰংগবলীৰ প্ৰতি অৰ্পিত। ২০২৫ চনৰ ১২ এপ্ৰিলত এইবাৰ পালন কৰা হ’ব হনুমান জয়ন্তী। এই দিনটোত বিভিন্নজনে ব্ৰত ৰাখে আৰু হনুমানক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন উপায় কৰে। কোৱা হয়, হনুমানক সন্তুষ্ট কৰিলে ভক্তৰ সকলো মনৰ কামনা পূৰণ হয়।

হনুমানক সন্তুষ্ট কৰাৰ উপায়

ৰাম নাম জপঃ হনুমান ৰামভক্ত। গতিকে মঙলবাৰৰ দিনা হনুমান মন্দিৰলৈ গৈ ৰাম নাম জপ কৰিব লাগে। এয়া অতি ফলপ্ৰসূ উপায় বুলি গণ্য কৰা হয়। ইয়াৰ ফলত হনুমান সন্তুষ্ট হয় আৰু জীৱনৰ পৰা সকলো সমস্যা নাইকীয়া হয়।

ৰাম ৰক্ষা স্তোত্ৰ পাঠঃ এই দিনটোত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰা অতি লাভজনক। ইয়াৰ লগতে হনুমান জয়ন্তীত হনুমানক গুড় আৰু মিঠাই অৰ্পন কৰিব লাগে। ইয়াৰ ফলত তেওঁৰ আশীৰ্বাদ পোৱা যায় আৰু জীৱনলৈ সমৃদ্ধি আহে।

মঙলবাৰৰ ব্ৰতঃ মঙলবাৰে ব্ৰত ৰাখি দুখীয়া মানুহক দান কৰিলে বা খাদ্য খুৱালে শুভ ফল পোৱা যায়।। মান্যতা অনুসৰি এনে কৰিলে হনুমানৰ আশীৰ্বাদ লাভৰ লগতে জীৱনত কেতিয়াও টকা-পইচা বা খাদ্যৰ অভাৱ নহয়। ইয়াৰোপৰি ই মংগল ৰাশিক শক্তিশালী কৰি তোলে।

সুন্দৰকান্দ পাঠঃ মঙলবাৰে হনুমান মন্দিৰত গৈ সুন্দৰকান্দ পাঠ কৰিব লাগে। ইয়াৰ জৰিয়তে আশীৰ্বাদ লাভ কৰিব পাৰি। লগতে কমলা ৰঙৰ বিজয় পতাকা অৰ্পন কৰিব লাগে।

বট বৃক্ষৰ পাতঃ ব্ৰহ্ম মূহুৰ্তত উঠি বট বৃক্ষৰ পাত আনি গংগা পানীৰে ধুই সেই পাতত ৰঙা ৰঙেৰে নিজ মনৰ কামনা লিখি হনুমানক আগবঢ়াব লাগে। এনে কৰিলে ভক্তৰ সকলো ইচ্ছা পূৰণ হয়।

কৰ্ম সংস্থাপন আৰু ধন লাভৰ উপায়ঃ যদি আপুনি চাকৰি বিচাৰিছে তেন্তে হনুমানক তামোল পান আগবঢ়াওক। ইয়াৰ ফলত জীৱনলৈ সফলতা আহে আৰু ধন প্ৰাপ্তি হয়। ইয়াৰোপৰি ধন প্ৰাপ্তিৰ বাবে হনুমানক কেভাড়া সুগন্ধি আৰু গোলাপ ফুলৰ মালা অৰ্পন কৰিব পাৰে।

চাকিঃ জেছমিন তেলৰ লগতে আটাৰে তৈয়াৰ কৰা চাকি আহতৰ পাতত দি অৰ্পন কৰিব পাৰে। ইয়াৰ ফলত ঋণৰ সমস্যা নোহোৱা হয় বুলি কোৱা হয়।