5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Tulsi Pujan Diwas: তুলসী দিৱসত সন্ধিয়া কৰক এনেকৈ পূজা, জানক এই পূজাৰ বিশেষত্ব

Tulsi Pujan: আজি তুলসী পূজন দিৱস, তুলসী পূজন দিৱসত মা তুলসীক পূজা কৰাৰ বাবে হিন্দু ধৰ্ম শাস্ত্ৰত কিছু নিয়ম আৰু ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। আজি সন্ধিয়া তুলসী পূজা কৰাৰ পূৰ্বে এই নিয়ম আৰু উপায়বোৰ জানি লওক।

Tulsi Pujan Diwas: তুলসী দিৱসত সন্ধিয়া কৰক এনেকৈ পূজা, জানক এই পূজাৰ বিশেষত্ব
তুলসী দিৱসত সন্ধিয়া কৰক এনেকৈ পূজা
barasha-misra
Barasha Misra | Published: 25 Dec 2024 14:35 PM

হিন্দু ধৰ্ম শাস্ত্ৰত তুলসী পূজন দিৱসৰ বিশেষ তাৎপৰ্য আছে। তুলসী পূজাৰ দিনটো মা তুলসীৰ নামত উচৰ্গা কৰা হৈছে। আজিৰ দিনটোত তুলসী পূজা কৰাৰ পৰম্পৰা আছে। এই দিনটোত তুলসীৰ বাবে উপবাসে থকা হয়। হিন্দুধৰ্মত বিশ্বাস কৰা হয় যে, তুলসী উদ্ভিদত দেৱী লক্ষ্মী বাস কৰে। যিয়ে তুলসী পূজন দিৱসত দেৱীক পূজা কৰি উপবাসে থাকে, তেওঁ জগতৰ ৰক্ষক বিষ্ণু আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে।

তুলসী পূজন দিৱসৰ তাৎপৰ্য

তুলসী পূজন দিৱস হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল। হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়। হিন্ধুসকলে বিশ্বাস কৰে যে তুলসীয়ে প্ৰাচুৰ্য কঢ়িয়াই আনে আৰু ই এক পৱিত্ৰ উদ্ভিদ।

তুলসীক ঔষধিৰ পাটমাদৈ আখ্যা দিয়া হয়। হিন্দুধৰ্মত ইয়াৰ গুৰুত্ব অপৰিসীম। আয়ুৰ্বেদৰ মতে তুলসীয়ে বহুতো ৰোগৰ উপশম ঘটাব পাৰে। মানসিক অৱসাদ, মধুমেহ আৰু শালমইনা আদিৰ প্ৰাকৃতিক নিৰাময়কাৰক হিচাপেও তুলসীৰ ব্যৱহাৰ কৰা হয়। সাধাৰণ জ্বৰ, কাঁ‌হ আদিতো ইয়াক ঔষধ হিচাপে গ্ৰহণ কৰা হয়।

হিন্দু পঞ্জিকা অনুসৰি আজি তুলসী পূজন দিৱস পালন কৰা হৈছে। তুলসী পূজন দিৱসৰ দিন নিশা ১০.২৯ বজালৈ। আজি সন্ধিয়া মানুহে মা তুলসীক পূজা কৰিব। হিন্দু ধৰ্মগ্ৰন্থত তুলসী পূজা দিৱসত মা তুলসীক পূজা কৰাৰ বাবে কিছু নিয়ম আৰু ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। সন্ধিয়া তুলসী পূজা কৰাৰ আগতে এই নিয়ম আৰু উপায়বোৰ জানি লওক। নিয়ম অনুসৰি পূজা আৰু উপায়ত মা তুলসী সন্তুষ্ট হ’ব আৰু আপোনালোকে বিশেষ ফল পাব।

পূজাৰ নিয়ম

  • তুলসী পূজনৰ দিনা সন্ধিয়া পূজাৰ আগেয়ে মন্দিৰটো আল্পনা আৰু ফুলেৰে সজাই পৰাই ল’ব লাগে।
  • পূজাৰ সময়ত মা তুলসী ১৬ শৃংগাৰ কৰি সজোৱা উচিত।
  • পূজাৰ সময়ত দেৱীক ধূপ-দীপ জ্বলাব লাগে। ইয়াৰ পিছত পঞ্চমৃত অৰ্পণ কৰিব লাগে।
  • ৰঙা চুনাৰী আৰু শৃংগাৰৰ সামগ্ৰী আগবঢ়াব লাগে।
  • পূজাৰ সময়ত বৈদিক মন্ত্ৰ জপ কৰিব লাগে।
  • তাৰ পিছত আৰতি কৰি পূজাৰ সামৰণি মাৰিব লাগে।
  • পূজাৰ পিছত মাৰ প্ৰসাদ পৰিয়ালৰ সদস্যৰ লগতে অন্যান্য মানুহৰ মাজত বিতৰণ কৰিব।
  • ইয়াৰ পিছত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱা উচিত।

তুলসী পূজন দিৱসত এইবোৰ ব্যৱস্থা কৰক

  • আজি সন্ধিয়া প্ৰথমে তুলসী গছৰ সন্মুখত ঘিউৰ চাকি জ্বলাব লাগে। লগতে সুখ কামনা কৰা উচিত। বিশ্বাস কৰা হয় যে, এই কাম কৰিলে ভাগ্য জিলিকি উঠে।
  • আজি তুলসী গছ দান কৰিব লাগে। এনে কৰাটো শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। এই কাম কৰিলে দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায়। তদুপৰি আজি ঘৰত তুলসী গছ এজোপাও ৰোপণ কৰিব লাগে।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই

Latest News