Tulsi Vivah 2024: ভগৱান বিষ্ণুৱে কিয় তুলসীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল? | tulsi vivah 2024 date why did lord vishnu marry mother tulsi Assam news - Assam Tv9

Tulsi Vivah 2024: ভগৱান বিষ্ণুৱে কিয় তুলসীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল?

কাতি মাহৰ দ্বাদাশী তাৰিখত তুলসী বিবাহ অনুষ্ঠিত কৰা হয়। এই দিনটোৰ পৰা সকলো শুভ কাম পুনৰ আৰম্ভ হয়। ভগৱান বিষ্ণুৱে কিয় মা তুলসীক বিয়া পাতিছিল আৰু ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

Tulsi Vivah 2024: ভগৱান বিষ্ণুৱে কিয় তুলসীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল?

ভগৱান বিষ্ণুৱে কিয় তুলসীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল?

Published: 

24 Oct 2024 15:34 PM

Tulsi Vivah 2024: হিন্দু ধৰ্মত তুলসী উদ্ভিদৰ বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়, সেয়েহে শ্ৰী হৰিৰ পূজাত তুলসী পাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও কাতি মাহত তুলসী পূজাৰ লগতে ভগৱান বিষ্ণুক পূজা কৰিলেও বিশেষ ফল পোৱা যায় বুলি জনবিশ্বাস আছে। এই দিনটোতে মানুহে ঘৰত আৰু মন্দিৰত মা তুলসী আৰু ভগৱান বিষ্ণুৰ শালেগ্ৰাম বা শালগ্ৰাম ৰূপৰ বিবাহ হয়।

তুলসীৰ বিবাহ (Tulsi Vivah 2024 Date)

বৈদিক পঞ্জিকা অনুসৰি কাতি মাহৰ দ্বাদশি তিথি অহা ১২ নৱেম্বৰ মঙলবাৰৰ পৰা বিয়লি ৪:০২ বজাৰ পৰা আৰম্ভ হ’ব। ১৩ নৱেম্বৰ বুধবাৰে দিনৰ ১:০১ বজাত এই তাৰিখৰ অন্ত পৰিব। উদয়া তিথিৰ হিচাপ অনুসৰি ১৩ নৱেম্বৰত তুলসী বিবাহ উদযাপন কৰা হ’ব।

তুলসী আৰু বিষ্ণুৰ বিয়া কেনেকৈ হ’ল?

কিংবদন্তি অনুসৰি তুলসী অৰ্থাৎ বৃন্দাৰ জন্ম হৈছিল এটা অসুৰ বংশত। সাগৰ মন্থনৰ পৰা জন্ম হোৱা জলন্ধৰ নামৰ অসুৰৰ লগত বৃন্দাৰ বিয়া হৈছিল। বৃন্দা আছিল ভগৱান বিষ্ণুৰ ভক্ত আৰু এগৰাকী ভক্তি নাৰী যাৰ বাবে তেওঁৰ স্বামী জলন্ধৰও শক্তিশালী হৈ উঠিছিল। যেতিয়াই জলন্ধৰে যুদ্ধত নামিছিল, তেতিয়াই তুলসীয়ে বিষ্ণু ভগৱানক পূজা কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে বিষ্ণুৱে নিজৰ সকলো ইচ্ছা পূৰণ কৰিছিল।

জলন্ধৰৰ আতংক

শক্তিশালী হোৱাৰ পিছত জলন্ধৰৰ আতংক ইমানেই বাঢ়ি গৈছিল যে দেৱতাসকলেও অশান্তি পাইছিল। জলন্ধৰৰ আতংকৰ পৰা সকাহ পাবলৈ সকলো দেৱতাই ভগৱান বিষ্ণুৰ ওচৰত উপস্থিত হৈ অনুৰোধ কৰিবলৈ ধৰিলে। সকলো দেৱতাৰ কথা শুনি ভগৱান বিষ্ণুৱে এই সমাধান উলিয়াই আনিলে যে বৃন্দাৰ সতীত্ব ধ্বংস কৰিব লাগিব। পত্নী বৃন্দাৰ স্বামীৰ প্ৰতি থকা ভক্তি ভাঙিবলৈ ভগৱান বিষ্ণুৱে জলন্ধৰৰ ৰূপ লৈ বৃন্দাক স্পৰ্শ কৰিছিল। যাৰ বাবে বৃন্দৰ পতিব্ৰত ধৰ্ম ধ্বংস হৈ জলন্ধৰৰ শক্তি দুৰ্বল হৈ পৰে আৰু যুদ্ধত ভগৱান শিৱই তেওঁৰ মূৰ কাটি পেলায়।

বৃন্দাই অভিশাপ দিলে

ভগৱান বিষ্ণুৱে ছলনা কৰা বুলি বৃন্দাই গম পোৱাৰ লগে লগে খং উঠিল। ইয়াৰ পিছত বৃন্দাই খঙত ভগৱান বিষ্ণুক শিললৈ পৰিণত হ’বলৈ অভিশাপ দিলে। ইয়াৰ বাবেই ঈশ্বৰ তৎক্ষণাত শিললৈ পৰিণত হ’ল আৰু সকলো দেৱতাৰ মাজত হুলস্থুল হ’ল। দেৱতাক প্ৰাৰ্থনা কৰি বৃন্দাই নিজৰ অভিশাপ ঘূৰাই ল’লে। ইয়াৰ পিছত তেওঁ স্বামীৰ মূৰটো লৈ সতী হৈ গ’ল। তেওঁৰ ছাইৰ পৰা গছ এজোপা ওলাই আহিলে ভগৱান বিষ্ণুৱে সেই গছজোপাৰ নাম তুলসী ৰাখি ক’লে যে ময়ো এই শিলৰ ৰূপত থাকিম, যিটো তুলসীৰ সৈতে শালগ্ৰামৰ নামত পূজা কৰা হ’ব।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)

 

কাটাৰৰ সৈতে ভাৰতৰ ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্পৰ্ক কি?
ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?
E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...
ভাৰতত থকা এই ঠাইসমূহলৈ যাব নোৱাৰে কোনো ভাৰতীয়!