5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Vishwakarma puja: গুৱাহাটীত আছে বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ! জানক পূজাৰ শুভ সময়…

১৭ ছেপ্টেম্বৰত সমগ্ৰ দেশে পালন কৰিব বিশ্বকৰ্মা পূজা।  এইবাৰ বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা ৬.০৭ বজাৰ পৰা ১১.৪৩ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে ভক্তই বিশেষ আশীৰ্বাদ লাভ কৰিব।

Vishwakarma puja: গুৱাহাটীত আছে বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ! জানক পূজাৰ শুভ সময়…
বিশ্বকৰ্মা মন্দিৰ
Follow Us
barasha-sarma
Barasha Sarma | Published: 16 Sep 2024 08:34 AM

কাইলৈ সমগ্ৰ দেশত ধুমধামেৰে পালন কৰিব বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি চলাই গৈছে ভক্তগনে। কিন্তু আপুনি জানেনে আমাৰ অসমতো আছে বিশ্বকৰ্মাৰ এটা মন্দিৰ। আটাইতকৈ পুৰণি এই মন্দিৰটো আছে গুৱাহাটীত। ১৯৬৫ চনতে প্ৰতিষ্ঠা হোৱা এই মন্দিৰটো এজন পুৰোহিতে প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীত অৱস্থিত বিশ্বকৰ্মাৰ এই  মন্দিৰটো উত্তৰ-পূৱৰ একমাত্ৰ তথা সবাতোকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰ বুলি কোৱা হয়।

এই মন্দিৰটো আছে কামাখ্যা গেটত। নীলাচল পাহাৰলৈ উঠি যোৱা পথটোতেই  নিজা মাটিত স্বৰ্গীয় ভৱকান্ত শৰ্মা নামৰ পুৰোহিতজনে মহাবীৰ প্ৰসাদৰ সহযোগত এই মন্দিৰ নিৰ্মাণ কৰিছিল। স্থাপন কৰা দিনৰে পৰা ভৱকান্তৰ পৰিয়ালে মন্দিৰটোৰ চোৱা- চিতা বা পূজা- অৰ্চনা কৰি আহিছে। এতিয়াও এই মন্দিৰটোত তেওঁৰ পৰিয়ালৰলোকে পূজা আগবঢ়ায়।এই মন্দিৰটো কেৱল উত্তৰ পূৱেই নহয়, সম্ভৱতঃ সমগ্ৰ দেশ আৰু বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰ। প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ দিনা এই মন্দিৰটোত শ শ মানুহৰ ভিৰ পৰিলক্ষিত হয়।

উল্লেখ কৰা প্ৰয়োজন যে প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়। অশ্বিন কৃষ্ণ পক্ষৰ প্ৰতিপদ তাৰিখত ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়, একাংশই ভাদ মাহৰ শেষত বিশ্বকৰ্মা পূজা কৰা ভাল বুলি কয়। ইয়াৰ বাহিৰেও এটা বিশ্বাসৰ উন্মেষ ঘটিছিল যে বিশ্বকৰ্মা পূজাৰ সিদ্ধান্ত সূৰ্য্যৰ সংক্ৰমণ অনুযায়ী কৰা হৈছিল। পিছলৈ এই দিনটো সূৰ্য সংক্ৰান্তি হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। এই দিনটোতেই বিশ্বকৰ্মা পূজা পতা হয়।

শুভ সময়

এইবাৰ বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা ৬.০৭ বজাৰ পৰা ১১.৪৩ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে ভক্তই বিশেষ আশীৰ্বাদ লাভ কৰিব।

বিশ্বকৰ্মা পূজাৰ দিনা গাড়ী- মটৰ, মেছিন আদি চাফ- চিকুন কৰি পূজা কৰা হয়। বিভিন্নজনে পূজা অৰ্চনা, হোম যজ্ঞ পাতি এই বিশ্বকৰ্মাক  স্তুতি কৰে। এই পূজাৰ দিনাই একাংশই গাড়ী, মেছিন বা অন্যান্য সামগ্ৰীসমূহত মালা পিন্ধাই সকলোৰে শ্ৰীবৃদ্ধিৰ কামনা কৰে। পূজাৰ বাবে আজি ভক্তগনে ঢাক- ঢোল বজাই মূৰ্তি আনিব আৰু কাইলৈ ইয়াক প্ৰতিষ্ঠা কৰি পূজা- অৰ্চনা কৰিব।

Latest News