5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Weekly Horoscope : ডিচেম্বৰৰ প্ৰথমতে এই ৰাশিৰ জাতক জাতিকাই ডাঙৰ সফলতা লাভ কৰিব, চাওঁক সপ্তাহটোৰ ৰাশিফল…

জ্যোতিষ শাস্ত্ৰ অনুসৰি, ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বহু কেইটা ৰাশিৰ জাতক জাতিকাই শুভ কামৰ বাবে পৰিকল্পনা কৰিব পাৰে । কেইটামান ৰাশিৰ জাতক জাতিকাৰ পৰিয়ালৰ পাৰিবাৰিক বিবাদ থাকিব পাৰে । ৰাশিফল অনুসৰি,২০২৪ চনৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটো আপোনাৰ কেনে যাব চাওঁ আহক...।

Weekly Horoscope : ডিচেম্বৰৰ প্ৰথমতে এই ৰাশিৰ জাতক জাতিকাই ডাঙৰ সফলতা লাভ কৰিব, চাওঁক সপ্তাহটোৰ ৰাশিফল…
সপ্তাহৰ ৰাশিফল
manas-borah
Manas Borah | Updated On: 01 Dec 2024 11:21 AM

আজি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথমটো দিন । আজিৰ দিনটোৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহটো আপোনাৰ বাবে সুখেৰে ভৰা হ’ব । জ্যোতিষ শাস্ত্ৰ অনুসৰি, ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বহু কেইটা ৰাশিৰ জাতক জাতিকাই শুভ কামৰ বাবে পৰিকল্পনা কৰিব পাৰে । কেইটামান ৰাশিৰ জাতক জাতিকাৰ পৰিয়ালৰ পাৰিবাৰিক বিবাদ থাকিব পাৰে । ৰাশিফল অনুসৰি,২০২৪ চনৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটো আপোনাৰ কেনে যাব চাওঁ আহক…।

মেষ ৰাশি : ডিচেম্বৰ মাহৰৰ প্ৰথম সপ্তাহত এই ৰাশিৰ জাতক জাতিকাই কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। পাৰিবাৰিক বিবাদত লিপ্ত হ’ব পাৰে । এই সপ্তাহত আপুনি ধৰ্মীয় যাত্ৰাত যাব পাৰিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত শত্ৰুতা বৃদ্ধি পাব পাৰে । বিৰোধীৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব । শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিব পাৰে ।

বৃষ ৰাশি: এই সপ্তাহত পৰিকল্পনা অনুসৰি কাম সম্পাদন কৰিব পাৰিব । ভ্ৰমণৰ বাবে সুযোগ লাভ কৰিব । পৰিয়ালত শুভ কামৰ বাবে পৰিকল্পনা কৰিব পাৰে । অতিথিৰ আগমন । মাটিৰ সম্পত্তিত ডাঙৰ বিনিয়োগ কৰিব পাৰিব । ব্যৱসায়ত সপ্তাহটো শুভ দেখা গৈছে । একেদৰে আৰ্থিক সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যৰ সমস্যা সৃষ্টি হ’ব পাৰে । শিক্ষাৰ্থীসকলে পঢ়াতল মনোযোগ দিয়ক ।

মিথুন ৰাশি : এই সপ্তাহে এই ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। পুৰণি বিবাদৰ পৰা মুক্তি পাব । পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। বিনিয়োগত লাভৱান হ’ব । আৰ্থিক অৱস্থা উন্নত হ’ব । ভ্ৰমণৰ কৰাৰ সম্ভাৱনা আছে । পৰিয়ালত ভাল সমন্বয় দেখা যাব। শিক্ষাৰ্থীসকলৰ বাবে সপ্তাহটো ভাল। স্বাস্থ্য প্ৰতি সচেতন হৈ থাকিব ।

কৰ্কট ৰাশি: এই সপ্তাহটো ব্যস্ততাপূৰ্ণ হ’ব। পাৰিবাৰিক সমস্যাই মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে । ধন ধাৰলৈ দি বিপদত পৰিব পাৰে । চিন্তা কৰি কামৰ পৰিকল্পনা কৰক । আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰতো অপমানৰ সন্মুখীন হ’ব পাৰে। শত্ৰুৱে ডাঙৰ ষড়যন্ত্ৰ কৰিব পাৰে । শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে আগবাঢ়ক ।

সিংহ ৰাশি: এই সপ্তাহত ডাঙৰ পৰিৱৰ্তন আশা কৰিব পাৰে । শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল ঘৰৰ পৰা আঁতৰত থাকিব পাৰে । ঘৰত আৱেগিক পৰিৱেশৰ সৃষ্টি হ’ব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। চুবুৰীয়া বা বন্ধুৰ লগত বিবাদ হ’ব পাৰে। ভ্ৰমণৰ সময়ত সতৰ্ক হ’ব । অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব । স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিব ।

কন্যা ৰাশি: এই সপ্তাহত এই ৰাশি জাতক জাতিকাই ডাঙৰ সফলতা লাভ কৰিবপাৰে । পৰিয়ালৰ সুখৰ পৰিৱেশে বিৰাজ কৰিব ।পুৰণি পাৰিবাৰিক বিবাদৰ অন্ত পৰিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ থাকিব । পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে । নতুন কামৰ বাবে পৰিকল্পনা কৰিব পাৰে । স্বাস্থ্য যত্ন লওক ।

তুলা ৰাশি: এই সপ্তাহত তুলা ৰাশিৰ লোকৰ লাভৰ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ অধিকাৰ পাব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। এই সপ্তাহত পত্নী আৰু সন্তানৰ সৈতে অতি সুখৰ সময় কটাব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । সুখকৰ পৰিৱেশ উপভোগ কৰিব। স্বাস্থ্যৰ ভাল । মনটোক শক্তিশালি কৰিবলৈ ধ্যান কৰাৰ অভ্যাস কৰক ।

বৃশ্চিক ৰাশি: এই সপ্তাহত আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন হ’ব। কৰ্মস্থলী সলনি হ’ব পাৰে । সপ্তাহৰ শেষফালে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ দুখৰ খবৰে আপোনাৰ মনটোক বিচলিত কৰিব পাৰে । কিছু লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । স্বাস্থ্যৰ যত্ন লওক । প্ৰতিঠো ক্ষেত্ৰত ধৈৰ্য ধৰিব । শিক্ষাৰ্থীসকলে এই সপ্তাহত ভাল ফলাফলৰ বাবে অধিক কষ্ট কৰিব লাগিব ।

ধনু ৰাশি: এই সপ্তাহত আপোনাৰ বিপদৰ সম্ভাৱনা আছে । পৰিলায়ত অস্থিৰ পৰিৱেশে বিৰাজ কৰিব । ধৈৰ্য শক্তি নেহেৰুৱাব । এই সপ্তাহত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকক । ভ্ৰমণৰ বাবে সুবিধা লাভ কৰিব পাৰে । স্বাস্থ্যৰ কোনো সমস্যা নাথাকিব যদিও যত্ন লোৱাটো প্ৰয়োজন । ধ্যান আৰু যোগাসন কৰাৰ অভ্যাস কৰক ।

মকৰ ৰাশি: এই সপ্তাহত পৰিয়ালৰ বাবে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে । পত্নী আৰু পৰিয়ালৰ মাজত চলি থকা বিবাদৰ অন্ত পৰিব। মানসিক চাপৰ পৰা সকাহ পাব। বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবাত ভ্ৰমণলৈ যাব পাৰে । আৰ্থিক অৱস্থা উন্নত হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি প্ৰয়োজন । অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ নকৰিব । শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি : এই সপ্তাহত কামৰ ক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব । ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰাৰ লগতে কষ্ট কৰিব লাগিব । পাৰিবাৰিক বিবাদৰ পৰা আপুনি সকাহ পাব। কিছু ক্ষেত্ৰত সফলতা লাভ কৰাৰ বাবে মনটো আনন্দৰে ভৰি পৰিব। পৰিয়ালত চলি থকা বিবাদৰ সমাধান হ’ব। ভ্ৰমণ পৰিকল্পনা কৰিব পাৰে । স্বাস্থ্য পৰীক্ষা কৰক । শিক্ষাৰ্থীসকলে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব ।

মীন ৰাশি: এই ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহটো ভাল । নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পুৰণি বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰে। ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব। নতুন অংশীদাৰিত্ব বৃদ্ধি পাব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে । পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। স্বাস্থ্যৰ সমস্যাবোৰ আঁতৰ হ’ব । শিক্ষাৰ্থীসকলে প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰিব ।

Latest News