5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Weekly Horoscope: অহা সপ্তাহত এই ৰাশিৰ লোকৰ কেওফালে হ’ব সুখ-সমৃদ্ধি, চাওক আপোনাৰ ৰাশিফল

কাইলৈ সোমবাৰ, অৰ্থাৎ এটি নতুন সপ্তাহৰ কাইলৈৰ পৰা আৰম্ভ হ’ব। এই সপ্তাহটো আপোনাৰ কিদৰে পাৰ হ’ব, সেই সম্পৰ্কে ৰাশিফলৰ জৰিয়তে জ্যোতিষীসকলে ভৱিদ্বৱাণী কৰিছে। ইয়াৰ দ্বাৰা আপুনি আগন্তুক সপ্তাহটোৰ বাবে নিজকে সাজু কৰি তোলাত সহায়ক হ’ব। চাওক ২৫ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ সপ্তাহটোৰ ৰাশিফল।

Weekly Horoscope: অহা সপ্তাহত এই ৰাশিৰ লোকৰ কেওফালে হ’ব সুখ-সমৃদ্ধি, চাওক আপোনাৰ ৰাশিফল
অহা সপ্তাহটো কেনে যাব আপোনাৰ
monjit-dutta
Monjit Dutta | Updated On: 24 Nov 2024 13:08 PM

ৰাশিফলৰ জৰিয়তে জোতিষীসকলে বিভিন্ন ৰাশিৰ লোকসকলৰ ভৱিষতৰ সময় কিদৰে পাৰ হ’ব তাৰ পূৰ্বানুমান দাঙি ধৰে। জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বিশ্বাস থকা লোকসকলে এনে পূৰ্বানুমানৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। কাইলৈ সোমবাৰ, অৰ্থাৎ এটি নতুন সপ্তাহৰ কাইলৈৰ পৰা আৰম্ভ হ’ব। এই সপ্তাহটো আপোনাৰ কিদৰে পাৰ হ’ব, সেই সম্পৰ্কে ৰাশিফলৰ জৰিয়তে জ্যোতিষীসকলে ভৱিদ্বৱাণী কৰিছে। ইয়াৰ দ্বাৰা আপুনি আগন্তুক সপ্তাহটোৰ বাবে নিজকে সাজু কৰি তোলাত সহায়ক হ’ব। চাওক ২৫ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ সপ্তাহটোৰ ৰাশিফল-

 

মেষ ৰাশিৰ ৰাশিফল

মেষ ৰাশিৰ লোকসকলৰ বাবে আগন্তুক সপ্তাহটো প্ৰায় সুখকৰ হ’ব। ব্যক্তিগত তথা পাৰিবাৰিক জীৱনত সুখ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ হ’ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব। সঞ্চিত ধন-সম্পত্তি বৃদ্ধি পাব। বিবাহিত জীৱনত সুখী হ’ব। এই সপ্তাহত কোনো লোকৰ সৈতে বিবাদ হৈছিল যদিও অহা সপ্তাহত সম্পৰ্ক পুনৰ ভাল হ’ব। প্ৰেমৰ সম্পৰ্কত সংগীক গুৰুত্ব দিয়ক। অবিবাহিত লোকৰ বিবাহৰ বাটত অহা বাধাবোৰ দূৰ হ’ব। অৱশ্যে সপ্তাহৰ শেষৰ ফালে ঋতুভিত্তিক ৰোগৰ প্ৰতি সাৱধান হ’ব লাগিব। এই সময়ছোৱাত হাড়ৰ লগত জড়িত পুৰণি ৰোগ পুনৰ হ’ব পাৰে।

প্ৰতিকাৰঃ প্ৰতিদিনে প্ৰথমে গৰুক আহাৰ খুৱাওক।

 

বৃষ ৰাশিৰ ৰাশিফল

বৃষ ৰাশিৰ লোকসকলে এই সপ্তাহত প্ৰতিটো খোজ সাৱধানে দিয়া উচিত হ’ব। যিকোনো আঁচনিত বিনিয়োগ কৰাৰ আগতে ইয়াৰ চৰ্ত আৰু নিয়মবোৰ সঠিকভাৱে বুজি লওক, নহ’লে পিছত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ’ব। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ চিনিয়ৰ আৰু জুনিয়ৰৰ লগত ভালদৰে মিলি যোৱাটো উপযুক্ত হ’ব। এই সপ্তাহত কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু অতি চিন্তাশীলভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক।
সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটোৰ ফলাফল মিশ্ৰিত। এই সপ্তাহত আপুনি আপোনাৰ আত্মীয়ৰ পৰা বেছি আশা কৰাটো এৰাই চলিব লাগে, নহ’লে সময়মতে সহায় নাপালে আপুনি মনোকষ্ট অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক।

প্ৰতিকাৰ: দৈনিক দুৰ্গা দেৱী পূজা কৰি চলিছা পাঠ কৰক।

 

মিথুন ৰাশিৰ ৰাশিফল

এই সপ্তাহটো মিথুন ৰাশিৰ লোকৰ বাবে অলপ ব্যস্ততাপূৰ্ণ হ’ব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতা এৰাই চলক, নহ’লে বৰমূৰীয়াৰ পৰা কথা শুনিব পাৰে। আপুনি পৰিকল্পিতভাৱে আৰু সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব, নহ’লে আপুনি পোৱা লাভ আৰু সফলতাৰ হাৰ হ্ৰাস পাব পাৰে। কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰৰ হেঁচাত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশেষ গুৰুত্ব দিব।

প্ৰতিকাৰ: প্ৰতিদিনে ভগৱান গণেশক পূজা কৰক।

কৰ্কট ৰাশিৰ ৰাশিফল

কৰ্কট ৰাশিৰ লোকৰ বাবে এই সপ্তাহটো শুভ হ’ব। বহু প্ৰত্যাশিত খবৰ লাভৰ সম্ভাৱনা আছে। নিবনুৱা লোকে কৰ্মসংস্থাপন পাব। এই সপ্তাহটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও অতি শুভ হ’ব৷ উচ্চ শিক্ষাৰ বাধা দূৰ হ’ব। এই সপ্তাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও আপোনাৰ বাবে ভাল হ’ব। বৈবাহিক সম্পৰ্ক আৰু প্ৰেমৰ সম্পৰ্কতো আপুনি সুখী হ’ব। যদি দীৰ্ঘদিন ধৰি প্ৰমোচন বা আকাংক্ষিত কোনো স্থানলৈ ট্ৰেন্সফাৰৰ বাবে আশা কৰি আছে, এই সপ্তাহত আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে। খৰখেদাকৈ মাটি আৰু সম্পত্তিৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ পৰা বিৰত

প্ৰতিকাৰ: প্ৰতিদিনে ভগৱান শিৱক বেল পাত অৰ্পণ কৰি ৰুদ্ৰাষ্টকম পাঠ কৰক।

 

সিংহ ৰাশিৰ ৰাশিফল
সিংহ ৰাশিৰ লোকসকলৰ বাবেও এই সপ্তাহে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা লাভজনক হ’ব। সপ্তাহৰ আৰম্ভণিতে ব্যৱসায়ৰ বাবে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সৌভাগ্যও ঘটিব পাৰে। এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা ভাল হ’ব। আত্মীয় তথা চুবুৰীয়া লোকৰ সৈতে সমন্বয় স্থাপন হ’ব। কেৱল আত্মীয়ৰ পৰাই নহয় নতুন মানুহৰ পৰাও সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। বহুদিনৰ মূৰত প্ৰিয় কোনো লোকক ক্সাক্ষাতৰ সম্ভাৱনা আছে। যদি কিছুদিন ধৰি কোনো সমস্যাৰ সৈতে যুঁজি আছিল, এই সপ্তাহত বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ সহায়ত ইয়াৰ সমাধান ওলাব।

প্ৰতিকাৰঃ প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণুক পূজা কৰিব।

কন্যা ৰাশি্ৰ ৰাশিফল
কন্যা ৰাশিৰ লোকৰ বাবেও এই সপ্তাহটো মংগলপূৰ্ণ। পাৰিবাৰিক, বৈবাহিক তথা প্ৰেমৰ সম্পৰ্ক সুখকৰ হ’ব। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সপ্তাহটোৰ আৰম্ভণি অনুকূল হ’ব। যদি আপোনাৰ কোনো গোচৰ আদালতত বিচাৰাধীন হৈ আছে, তেন্তে এই সপ্তাহত আপোনাৰ পক্ষত সিদ্ধান্ত আহিব পাৰে। সপ্তাহৰ শেষৰ ফালে আপুনি এটা ডাঙৰ ব্যৱসায়িক চুক্তি কৰিব পাৰে। কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ খবৰ আহিব পাৰে।

প্ৰতিকাৰঃ পূজাৰ সময়ত প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰ জপ কৰক।

 

তুলা ৰাশিৰ ৰাশিফল

তুলা ৰাশিৰ লোকসকল এই সপ্তাহৰ আৰম্ভণিতে সাৱধান হওক। এই সপ্তাহত যদি আপুনি কোনো কাম বা সিদ্ধান্ত ভাগ্যৰ ওপৰত এৰি দিয়ে, তেন্তে বহুত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামত কিছু বাধাৰ সন্মুখীন হ’ব। আৰম্ভণিতে বিভ্ৰান্তিৰ অৱস্থাত কোনো কাম কৰাৰ পৰা বিৰত থাকক। এই সময়ছোৱাত আত্মীয় আৰু শুভাকাংক্ষীৰ পৰাও আশানুৰূপ সহায় লাভ নকৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও সপ্তাহটো চিন্তনীয় হ’ব।

অৱশ্যে ব্যৱসায়িক ক্ষেত্ৰত কিছু সফল হ’ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত পাবলগীয়া ধন লাভ কৰিব পাৰে। সপ্তাহৰ সামৰণিৰ ফালে পিছে আপোনাৰ সুখ আৰু সম্পদ বাঢ়িব। এই সময়ছোৱাত আপুনি আপোনাৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক ভাল হ’ব। কঠিন সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ সহযোগী হ’ব।

প্ৰতিকাৰঃ শিৱলিঙ্গত পূজা কৰি প্ৰতিদিনে শিৱমহিমনা স্তোত্ৰ পাঠ কৰক।

 

বৃশ্চিক ৰাশিৰ ৰাশিফল

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট চিন্তনীয় হ’ব। সপ্তাহৰ আৰম্ভণিতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য বেয়া হ’ব পাৰে আৰু পৰিয়ালৰ ভাতৃ-ভগ্নীৰ লগত কোনো এটা বিষয়ক লৈ মতানৈক্য আপোনাৰ বাবে চিন্তাৰ কাৰণ হ’ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে বা নতুন আঁচনিত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে শুভাকাংক্ষীসকলৰ পৰা পৰামৰ্শ লওক, অন্যথা বৃ্হৎ লোকচানৰ সন্মুখীন হ’ব পাৰে।

ব্যৱসায়ত আশা কৰা ধৰণে লাভ নহ’ব। একেদৰে কৰ্মক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাও আহি পৰিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই সমস্যাৰ লগত জড়িত বিষয়বোৰ শান্তভাৱে সমাধান কৰক। বৈবাহিক জীৱনটো ভাল কৰি ৰাখিবলৈ পত্নীৰ অনুভৱক সন্মান কৰক।

প্ৰতিকাৰঃ হনুমান ভগৱান পূজা কৰি নিতৌ শ্ৰী সুন্দৰকাণ্ড পাঠ কৰক।

 

ধনু ৰাশিৰ ৰাশিফল

ধনু ৰাশিৰ লোকৰ বাবে এই সপ্তাহটো অলপ ব্যস্ততাপূৰ্ণ হ’ব পাৰে। অৱশ্যে কৰ্মক্ষেত্ৰত তথা ব্যৱসায়ত সুফল লাভ কৰিব। সময়মতে কামৰ পৰিকল্পনা কৰিলে আশা কৰাতকৈ অধিক সফলতা আৰু লাভ লাভ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে জন্মস্থানৰ পৰা বহু দূৰলৈ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। সপ্তাহটোত অতিৰিক্ত উপাৰ্জনৰ উৎস লাভ কৰিব। সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো সুখকৰ হ’ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য স্বাভাৱিক হ’ব।

প্ৰতিকাৰ: দৈনিক শ্ৰী বিষ্ণু সহস্ৰণম পাঠ কৰক।

 

মকৰ ৰাশিৰ ৰাশিফল

মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত মিশ্ৰিত হ’ব। সপ্তাহৰ আৰম্ভণিতে হঠাতে কোনো খৰচৰ বাট ওলাব পাৰে, যাৰ বাবে বাজেটৰ পৰিকল্পনাত কিছু সমস্যা হ’ব। আৰ্থিক ভাৰসাম্য বজাই ৰাখিবলৈ এই সপ্তাহত আপুনি অধিক কষ্ট কৰিব লাগিব আৰু অধিক প্ৰচেষ্টা চলাব লাগিব। সপ্তাহৰ মাজভাগত হঠাৎ দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাত যাবলগীয়াও হ’ব পাৰে। যাত্ৰাৰ সময়ত আপোনাৰ স্বাস্থ্য আৰু সম্পদৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক।

কৰ্মক্ষেত্ৰত আপোনাৰ অহিত চিন্তকৰ প্ৰতি সতৰ্ক হ’ব লাগিব। এই সময়ছোৱাত তেওঁলোকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সপ্তাহটো মিশ্ৰিত হ’ব। সৰু সৰু সমস্যা আওকাণ কৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্য আপোনাৰ বাবে চিন্তাৰ বিষয় হৈ থাকিব।

প্ৰতিকাৰঃ ভগৱান হনুমানক পূজা কৰি নিতৌ বজৰং বান পাঠ কৰক।

 

কুম্ভ ৰাশিৰ ৰাশিফল

কুম্ভ ৰাশিৰ লোকৰ বাবে এই সপ্তাহটো সুখকৰ হ’ব। নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰিব পাৰিব, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ হয়তো ভ্ৰমণৰ সুযোগ পাব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অহা বাধা দূৰ হ’ব। আৰ্থিক দৃষ্টিকোণৰ পৰাও সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব। ব্যৱসায়ত আকাংক্ষিত লাভ পাব। সপ্তাহৰ মাজভাগত কৰ্মক্ষেত্ৰত কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব।

কৰ্মক্ষেত্ৰত পদোন্নতি আৰু সুনাম বাঢ়িব। পৰিয়ালৰ লগতে বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্কও মধুৰ হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি লাভৰ সম্ভাৱনা থাকিব। যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ বিবাহ ঠিক হ’ব পাৰে। প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব। বিবাহিত জীৱন সুখী হৈ থাকিব।

প্ৰতিকাৰঃ শিৱক পূজা কৰি নিতৌ ৰুদ্ৰাষ্টকম পাঠ কৰক।

 

মীন ৰাশি

মীন ৰাশিৰ লোকৰ বাবেও সপ্তাহটো শুভ। সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হ’ব। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। সপ্তাহৰ আৰম্ভণিতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত কোনো বিশেষ কামৰ বাবে উচ্চ বিষয়াৰ পৰা প্ৰশংসা বা ডাঙৰ পুৰস্কাৰ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে এই সপ্তাহটো অতি ফলপ্ৰসূ হ’ব। তেওঁলোকৰ সন্মান আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাব।

মীন ৰাশিৰ লোকে সপ্তাহৰ দ্বিতীয়াৰ্ধত নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ছোৱাত আপুনি বিলাসী কোনো সামগ্ৰীৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে, যাৰ ফলত আপোনাৰ বাজেটত সমস্যা হ’ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো সুখকৰ হ’ব। পৰিয়ালৰ সদস্যৰ মাজত ঐক্য আৰু সম্প্ৰীতি বৃদ্ধি পাব। প্ৰেম আৰু জীৱন সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব।

প্ৰতিকাৰ: প্ৰতিদিনে সূৰ্য দেৱতাক ঈশ্বৰক সঠিক ৰীতি-নীতিৰে পূজা কৰক।

Latest News