5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৰদিনত কিয় সজোৱা হয় খ্ৰীষ্টমাছ গছজোপা? এই পৰম্পৰাৰ ইতিহাসৰ বিষয়ে জানেনে….

সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰত বৰদিন উৎসৱ পালন কৰি আহিছে। বৰদিন উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ঘৰত এজোপা গছ ৰোপণ কৰি ৰঙীন ৰূপত সজাই তোলে। এই গছজোপাক খ্ৰীষ্টমাছ গছ বুলি কোৱা হয়। এই গছজোপাৰ পৰম্পৰাৰ ইতিহাস আৰু গুৰুত্বৰ বিষয়ে জানো আহক।

বৰদিনত কিয় সজোৱা হয় খ্ৰীষ্টমাছ গছজোপা? এই পৰম্পৰাৰ ইতিহাসৰ বিষয়ে জানেনে….
বৰদিনৰ খ্ৰীষ্টমাছ গছৰ পৰম্পৰা
monjit-dutta
Monjit Dutta | Published: 16 Dec 2024 14:30 PM

খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন খ্ৰীষ্টান ধৰ্মৰ মূল উৎসৱ। সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰত এই উৎসৱ পালন কৰি আহিছে। এই দিনটোত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পৰম্পৰাগত নীতি-নিয়ম পালন কৰি আনন্দ উদযাপনেৰে বৰদিনৰ শুভেচ্ছা জনায়। লগতে এই উৎসৱত কেক কাটি ইজনে সিজনক খুৱাই আনন্দ প্ৰকাশ কৰাৰ সমান্তৰালকৈ উপহাৰো দিয়ে। কেক আৰু উপহাৰৰ বাহিৰেও এই উৎসৱত আন এক বিশেষ পৰম্পৰা আছে। বৰদিনৰ এই পৰম্পৰাও অতি গুৰুত্বপূৰ্ণ।

বৰদিন উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ঘৰত এজোপা গছ ৰোপণ কৰি ৰঙীন ৰূপত সজাই তোলে। এই গছজোপাক খ্ৰীষ্টমাছ গছ বুলি কোৱা হয়। বৰদিনৰ দিনটোত খ্ৰীষ্টমাছ গছজোপা বিশেষ ধৰণেৰে সজাই তোলা হয়। কিন্তু বৰদিনৰ দিনটোত এই গছজোপা কিয় সজাই তোলা হয় আৰু এই পৰম্পৰা কিদৰে আৰম্ভ হ’ল জানেনে? বৰদিনৰ এই গছজোপাৰ পৰম্পৰাৰ ইতিহাস আৰু গুৰুত্বৰ বিষয়ে জানো আহক-

সাধাৰণতে বৰদিন উৎসৱৰ সন্দৰ্ভত বহু ধৰণৰ লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। এনে এক বিশ্বাস অনুসৰি ষোড়শ শতিকাৰ খ্ৰীষ্টান ধৰ্মৰ সংস্কাৰক মাৰ্টিন লুথাৰে বৰদিনৰ গছ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল। মাৰ্টিন লুথাৰে ২৪ ডিচেম্বৰৰ সন্ধিয়া এখন অৰণ্যৰ মাজেৰে পাৰ হৈ গৈ আছিল। অৰণ্যখন সেই সময়ত বৰফাবৃত হৈ আছিল। মাৰ্টিন লুথাৰৰ চকু হঠাতে অৰণ্যৰ মাজত থকা চিৰসেউজ গছ এজোপাৰ ওপৰত পৰিল।

সেই গছৰ ডালবোৰ চন্দ্ৰৰ পোহৰত জিলিকি আছিল। ইয়াৰ পিছত তেওঁ এই চিৰসেউজ গছজোপা নিজৰ ঘৰত ৰোপণ কৰিলে। লগতে সৰু সৰু মমবাতিৰে সজাই তোলে। তেওঁ লগতে এই চিৰসেউজ গছজোপা যীচু খ্ৰীষ্টৰ জন্মদিনত সজাই-পৰাই মমবাতি জ্বলাই পোহৰে ৰঙীন কৰি তোলে। বিশ্বাস অনুসৰি বৰদিনৰ গছ ৰোপণৰ প্ৰথা ইয়াৰ পিছতেই আৰম্ভ হৈছিল।

খ্ৰীষ্টমাছ গছৰ লগত জড়িত আন এক কাহিনীও প্ৰচলিত হৈ আহিছে। এই লোকবিশ্বাস অনুসৰি জাৰ্মানীয়ে প্ৰথমে বৰদিনৰ গছ ৰোপণ আৰু সজ্জা আৰম্ভ কৰিছিল। এবাৰ জাৰ্মানীৰ চেণ্ট বনিফেচে কিছুমান মানুহে এটি শিশুক বলি দিবলৈ সাজু হৈছে বুলি জানিব পাৰিলে। এজোপা প্ৰকাণ্ড ওক গছৰ তলত শিশুটিক বলি দিব বুলি খবৰ লাভ কৰাৰ লগে লগে চেণ্ট বনিফেচে শিশুটিক বচাবলৈ ওক গছজোপা কাটি পেলালে।

চেণ্ট বনিফেচে কাটি পেলোৱা গছজোপাৰ ঠাইত ফাৰ গছ বা পাইন গছ গজি উঠিল। মানুহে এই গছজোপাল অলৌকিক গছ বুলি ক’বলৈ ধৰিলে। চেন্ট বনিফেচেও সকলোকে এই গছজোপা ঐশ্বৰিক আৰু ইয়াৰ ডালবোৰে স্বৰ্গৰ ফালে আঙুলিয়াইছে বুলি কয়। বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই যীশুৰ জন্মদিনত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে এইদৰে গছজোপা সজাই তোলাৰ পৰম্পৰা আৰম্ভ কৰিছিল।

Latest News