Holi Date and Time: কেতিয়া পালন কৰা হ’ব ফাকুৱা? জানক সঠিক তিথি আৰু শুভ সময়
ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হয়। ফাকুৱাৰ এদিন আগতে হোলিকা দহন কৰা হয়। ইয়াৰ পিছতহে মানুহে ইজনে সিজনৰ ওপৰত আবিৰ সানি ফাকুৱা উৎসৱ পালন কৰে। এইবাৰ কেতিয়া ফাকুৱা উৎসৱ পালন কৰা হ'ব আৰু হোলিকা দহন কিমান সময়ত হ'ব?

Holi 2025: সমগ্ৰ দেশতে হোলী উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। হিন্দু ধৰ্মত এই উৎসৱক কু-কৰ্মৰ ওপৰত গুণৰ জয় হিচাপে পালন কৰা হয়, ইয়াৰ এদিন আগতে হোলিকা দহন কৰা হয়। হোলিকা দহনৰ আগতে জগতৰ সৃষ্টিকৰ্তা শ্ৰী হৰি বিষ্ণু আৰু অগ্নি দেৱক পূজা কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি অসুৰৰ ৰজা হিৰণ্যকাশ্যপৰ নিৰ্দেশত তেওঁৰ ভগ্নী হোলিকাই প্ৰহ্লাদক কোলাত লৈ জুইত প্ৰৱেশ কৰিছিল যদিও ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ একো নহ’ল আৰু হোলিকা জ্বলি ছাই হৈ গ’ল। কোৱা হয় যে, তেতিয়াৰ পৰা হোলিকা দহন কৰা হয়। পিছদিনা মানুহে নিজৰ সকলো অভিযোগ পাহৰি ইজনে সিজনৰ ওপৰত ৰং লগাই একেলগে হোলী খেলে।
হোলী কেতিয়া? Holi Date 2025
হিন্দু পঞ্জিকা অনুসৰি ১৩ মাৰ্চ বৃহস্পতিবাৰৰ পৰা পুৱা ১০:৩৫ বজাৰ পৰা ফাগুন মাহৰ পূৰ্ণিমাৰ তাৰিখ আৰম্ভ হ’ব। এই তাৰিখৰ অন্ত পৰিব পিছদিনা ১৪ মাৰ্চত নিশা ১২:২৩ বজাত। এনে ক্ষেত্ৰত ২০২৫ চনৰ ১৪ মাৰ্চত হ’ব হোলী।
হোলিকা দহনৰ শুভ সময়
বৈদিক পঞ্জিকা অনুসৰি ১৩ মাৰ্চৰ নিশা ১১:২৬ বজাৰ পৰা ১২:৩০ বজালৈ হোলিকা দহনৰ শুভ সময় হ’ব। হোলিকা দহনৰ বাবে মুঠ ১ ঘণ্টা ৪ মিনিট সময় উপলব্ধ হ’ব।
হোলিকা দহন পূজা বিধি
হোলিকা দহন পূজাৰ বাবে প্ৰথমে গৰুৰ গোবৰৰ পৰা হোলিকা আৰু প্ৰহ্লাদৰ মূৰ্তি বনাই থৈ দিয়া হয়। ইয়াৰ লগতে ৰোলি, ফুল, মগু, নাৰিকল, গোটা চাউল, গোটা হালধী, বুট, সূতা, ফলমূল আৰু এটা কলহ ৰাখিব লাগে। ইয়াৰ পিছত ভগৱান নৰসিংহক ধ্যান কৰি থাকোঁতে তেওঁক ৰোলি, চন্দন, পাঁচ প্ৰকাৰৰ শস্য, আৰু ফুল আগবঢ়াই দিব। ইয়াৰ পিছত কেঁচা সূতা লৈ সাত বাৰ হোলিকাৰ পৰিক্ৰমা কৰক। শেষত আবিৰ দি পানী আগবঢ়াওক।
Disclaimer: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।