Navratri: কেতিয়াৰ পৰা পালন কৰিব শাৰদীয় নৱৰাত্ৰি? জানক শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণি আৰু শেষৰ বিষয়ে | when will Shardiya Navratri be celebrated and When is the beginning and end Navratri Assam news - Assam Tv9

Navratri: কেতিয়াৰ পৰা পালন কৰিব শাৰদীয় নৱৰাত্ৰি? জানক শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণি আৰু শেষৰ বিষয়ে

Updated On: 

27 Sep 2024 14:06 PM

২০২৪ চনৰ নৱৰাত্ৰী আৰম্ভ হ'বলৈ গৈ আছে। মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়ছোৱাত ৯ দিন দেৱীৰ বিভিন্ন ৰূপৰ পূজা কৰা হয়। মানুহে নিজৰ ঘৰত কলহ স্থাপন কৰি ৯ টা ৰূপক পূজা কৰি সামৰণি মাৰে। প্ৰতিটো দিনেই এক সুকীয়া দেৱীৰ ৰূপৰ প্ৰতি উৎসৰ্গিত।

Navratri: কেতিয়াৰ পৰা পালন কৰিব শাৰদীয় নৱৰাত্ৰি?  জানক শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণি আৰু শেষৰ বিষয়ে

কেতিয়াৰ পৰা পালন কৰিব শাৰদীয় নৱৰাত্ৰি?

Follow Us On

Shardiya Navratri 2024: নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

এইবাৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰি। ২০২৪ চনৰ বিজয়দশমীৰ কথা ক’বলৈ গ’লে ইয়াৰ তাৰিখ ১২ অক্টোবৰ হিচাপে ৰখা হৈছে। এনে পৰিস্থিতিত শাৰদীয় নৱৰাত্ৰীৰ আঁৰত কি পৌৰাণিক বিশ্বাস আছে জানক।

পঞ্চাঙৰ তথ্য অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি ৩ অক্টোবৰৰ পুৱা ১২.১৯ বজাৰ পৰা আৰম্ভ হ’ব, আৰু পিছদিনা ৪ অক্টোবৰৰ পুৱা ২.৫৮ বজাত শেষ হ’ব। উদয়া তিথিৰ মতে, ২০২৪ চনৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ’ব আৰু এই উৎসৱৰ অন্ত পৰিব ২০২৪ চনৰ ১২ অক্টোবৰ শনিবাৰে।

এই উৎসৱৰ গুৰুত্ব কি?

নৱৰাত্ৰিৰ পৌৰাণিক তাৎপৰ্য আছে আৰু এই সময় দেৱী দুৰ্গা পূজাৰ বাবে সৰ্বোত্তম সময় বুলি গণ্য কৰা হয়। কোৱা হয় যে এই ৯ দিনত যদি মা দুৰ্গাক সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে পূজা কৰা হয়, তেন্তে ইয়াৰ তাৎপৰ্য অতিশয় বেছি। এই উৎসৱ শক্তিৰ পূজাৰ উৎসৱ বুলি বিশ্বাস কৰা হয় আৰু ইয়াৰ পৌৰাণিক বিশ্বাস মতে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয়। এই দিনটোত মা দুৰ্গাৰ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ ৯টা ৰূপৰ পূজা কৰা হয়।

নৱৰাত্ৰিৰ পৌৰাণিক কাহিনী কি?

আহিন মাহৰ প্ৰতিপদ তাৰিখৰ পৰা দশম দিনলৈকে শাৰদীয় নৱৰাত্ৰিৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। এই সময়ছোৱাত দুৰ্গা দেৱীৰ ভক্তসকলৰ মাজত এক বেলেগ উৎসাহ দেখা যায়। ইয়াৰ সৈতে জড়িত দুটা কাহিনী জনপ্ৰিয়। প্ৰথম কাহিনীটো মা দুৰ্গাৰ সৈতে জড়িত হোৱাৰ বিপৰীতে দ্বিতীয় কাহিনীটো ভগৱান ৰামৰ সৈতে জড়িত। প্ৰথম কাহিনীটোত যদি আমি বিশ্বাস কৰোঁ, এসময়ত মহিষাসুৰ নামৰ এজন অসুৰ আছিল যিজন ভগৱান ব্ৰহ্মাৰ মহান ভক্ত আছিল। তপস্যাৰে তেওঁ ভগৱান ব্ৰহ্মাক সন্তুষ্ট কৰিলে আৰু লগতে বৰো পালে। তেওঁ ইমানেই শক্তিশালী হৈ পৰিল যে পৃথিৱীত তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰিলে। তাৰ পাছত মা দুৰ্গাৰ উগ্ৰ ৰূপ আবিৰ্ভাৱ হয় আৰু ১০ দিন ধৰি চলি থকা তীব্ৰ যুদ্ধত দশম দিনা মহিষাসুৰক পৰাস্ত কৰে। তেতিয়াৰ পৰা এই দিনটো বিজয়দশমী হিচাপে পালন কৰা হয়।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version