ক’ত সমাধিস্থ কৰা হৈছে ছান্টাক্লজক, যীশুখ্ৰীষ্টৰ লগত কি সম্পৰ্ক? জানক আঁৰৰ কাহিনী
Santa Clause aka Saint Nicholas history: বিশ্বাস কৰা হয় যে, ছান্টাক্লজ বৰদিনৰ দিনা আহে আৰু জনসাধাৰণৰ ইচ্ছা পূৰণ কৰে। কিন্তু আপুনি জানেনে ছান্টাক্লজ কোন আছিল, মৃত্যুৰ পিছত তেওঁক ক’ত সমাধিস্থ কৰা হৈছিল আৰু এতিয়া তেওঁৰ কবৰ ক’ত আছে জানেনে?
২৫ ডিচেম্বৰত ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বৰদিন উদযাপন কৰা হ’ব। কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকেই নহয়, পৃথিৱীৰ আন ধৰ্মৰ লোকেও এই উৎসৱত অংশগ্ৰহণ কৰে। ভাৰততো বৰদিন অতি উৎসাহেৰে পালন কৰা হয়। বিদ্যালয়সমূহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু শিশুসকলকো বিশেষকৈ এই উৎসৱৰ বাবে বন্ধৰ দিন দিয়া হয়। ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানতো বন্ধ দিয়ে।
বৰদিনৰ দিনা ছান্টাক্লজ আহি মানুহৰ ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু ছান্টাক্লজ কোন আছিল আৰু মৃত্যুৰ পিছত তেওঁক ক’ত সমাধিস্থ কৰা হৈছিল আৰু এতিয়া তেওঁৰ কবৰ ক’ত আছে জানেনে? বিভিন্নজনৰ মতে ছান্টাৰ কবৰ আয়াৰলেণ্ডত আছে বুলি বিশ্বাস কৰা হয়, কিন্তু ইয়াত কিমান সত্যতা আছে জানক।
ছাণ্টাক্লজ কি?
ছাণ্টাক্লজ Santa Claus হ’ল বৰদিনৰ ৰাতি সৰু ল’ৰা-ছোৱালীলৈ উপহাৰ লৈ আহে বুলি কল্পিত, পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক মহিলা, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াইছিল বুলি ভবা হয়।
এক পৌৰাণিক কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল’ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ’ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।
ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।
তুৰস্কৰ মায়ৰা চহৰত জন্ম হৈছিল
সমগ্ৰ বিশ্বতে ছান্টাক্লজ নামেৰে পৰিচিত ব্যক্তিজনৰ প্ৰকৃত নাম আছিল ছেইণ্ট নিকোলাছ। তেওঁ আছিল আধুনিক তুৰস্কৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত প্ৰাচীন লাইচিয়াৰ এখন চহৰ মায়ৰাৰ। বৰ্তমান ই তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ অংশ। তেওঁৰ জন্ম হৈছিল ২৮০ খ্ৰীষ্টাব্দত তুৰ্কমেনিস্তানৰ (বৰ্তমান তুৰস্ক)ৰ এই মায়ৰা চহৰত।
প্ৰভু যীশুৰ মৃত্যুৰ পিছত ছেইন্ট নিকোলাছৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩৪৩ চনৰ ৬ ডিচেম্বৰত মায়ৰা চহৰত তেওঁৰ মৃত্যু হয়। ছান্টাক্লজ জীয়াই আছে বুলি এটা ধৰ্মীয় বিশ্বাস আছে। যিসকলে ছান্টাক বিশ্বাস কৰে, তেওঁলোকৰ হৃদয়ত তেওঁ জীয়াই আছে। কিন্তু মায়ৰাৰ ছেইন্ট নিকোলাছেই ছান্টাক্লজৰ ঐতিহাসিক চৰিত্ৰটোৰ বাবে প্ৰেৰণা হৈ পৰিছিল।
ফাদাৰ খ্ৰীষ্টমাছৰ সৈতে
বিশ্বাস কৰা হয় যে, ছান্টাক্লজ, ক্ৰীছ ক্ৰিংগল, ফাদাৰ ক্ৰীছমাছ আৰু ছেইণ্ট নিক আদি নামবোৰ আগতে উপহাৰ দিয়া একেজন ব্যক্তিৰ পৰাই আহিছে। ইয়াৰ উপৰিও কোৱা হয় যে, ছেইণ্ট নিকোলাছ আৰু ফাদাৰ খ্ৰীষ্টমাছ বেলেগ বেলেগ আছিল আৰু সময়ৰ লগে লগে দুয়োৰে চৰিত্ৰ মিহলি হৈ পৰিছিল আৰু ছেণ্ট নিকোলাছ আধুনিক ছান্টাক্লজ হিচাপে পৰিচিত হ’বলৈ ধৰিছিল।
যীশুখ্ৰীষ্টৰ সৈতে গভীৰ সম্পৰ্ক
কোৱা হয় যে, নিকোলাছ সাধু হোৱাৰ আগতে অনাথ আছিল। ভেটিকান নিউজৰ উদ্ধৃতিৰে বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, তেওঁ নিজৰ সকলো সম্পত্তি দুখীয়া আৰু ৰোগীক দান কৰিছে। ইয়াৰ পিছত তেওঁ মায়ৰাৰ বিচপ(bishop) হয়। ইয়াৰ উপৰিও ৩২৫ চনত ছেইন্ট নিকোলাছে একেখন নিচিয়াৰ পৰিষদতে বিচপ হৈছিল, য’ত যীশুখ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি ঘোষণা কৰা হৈছিল।
জটিল কবৰৰ ৰহস্য
ছেইন্ট নিকোলাছৰ কবৰৰ কথা যিমানদূৰলৈকে ক’ত আছে তাৰ ৰহস্য সমাধানৰ দাবী কৰিব পৰা নাই পণ্ডিতসকলে। ছান্টাক্লজৰ কবৰ সন্দৰ্ভত বিভিন্ন বিশেষজ্ঞৰ মতামত বেলেগ বেলেগ। প্ৰায়ে কোৱা হয় যে, তেওঁৰ কবৰ আয়াৰলেণ্ডত। কিছুমানে মতে তেওঁৰ কবৰ তুৰস্কৰ আন্টালিয়াৰ ছেইণ্ট নিকোলাছ চাৰ্চৰ ভিতৰত আছে। কোনো কোনোৱে দাবী কৰে যে তেওঁৰ মৃতদেহ চুৰি কৰি পিছত ইটালীৰ বৰীত সমাধিস্থ কৰা হয়।
মৃত্যুৰ ১৭০০ বছৰৰ পিছত নিৰ্মাণ চেহেৰা
শেহতীয়াকৈ বিজ্ঞানীসকলে আধুনিক প্ৰযুক্তিৰে ছান্টাক্লজৰ মুখখন সৃষ্টি কৰা বুলি দাবী কৰিছিল। নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মায়ৰাৰ চেণ্ট নিকোলাছৰ মৃত্যুৰ ১৭০০ বছৰৰ পিছত মূৰৰ খুলিৰ তথ্য বিশ্লেষণ কৰি তেওঁৰ মুখখন সৃষ্টি কৰা হৈছে। ইয়াৰ সৈতে জড়িত মুখ্য গৱেষক চিচেৰো ম’ৰেছে কৈছিল যে, ছেইণ্ট নিকোলাছৰ চেহেৰা সৃষ্টি কৰিবলৈ বিজ্ঞানীসকলে ১৯৫০ চনত লুইজি মাৰ্টিন’ই সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰিছিল।
এই অৱশিষ্টবোৰ ব্যৱহাৰ কৰা হৈছিল
এই সময়ছোৱাত ছেইণ্ট নিকোলাছৰ শৰীৰৰ অৱশেষও অধ্যয়ন কৰা হৈছিল। এইটোও প্ৰকাশ পাইছিল যে তেওঁৰ মেৰুদণ্ড আৰু শ্ৰোণীত দীৰ্ঘম্যাদী আৰ্থ্ৰাইটিছৰ সমস্যা আছিল। তেওঁৰ মূৰত বহুত অতি স্থূল আছিল, যাৰ বাবে তেওঁ প্ৰতিদিনে মুৰৰ বিষৰ সন্মুখীন হ’ব লগা হৈছিল। এই গৱেষণাত, ছেইণ্ট নিকোলাছৰ একেটা অৱশিষ্ট ব্যৱহাৰ কৰা হৈছিল, যিবোৰ প্ৰথমে মায়েৰাত সমাধিস্থ কৰা হৈছিল আৰু পিছত হাড়বোৰ ইটালীলৈ লৈ যোৱা হৈছিল আৰু বৰীত সমাধিস্থ কৰা হৈছিল।