Deopani Durga Temple: দেওপানী দুৰ্গা মন্দিৰ কেতিয়া আৰু কোনে স্থাপন কৰিছিল? জানক মন্দিৰটোৰ ৰহস্যৰ বিষয়ে... | Where is the mysterious Deopani Durga Mandir in Assam, know the history Assam news - Assam Tv9

Deopani Durga Temple: দেওপানী দুৰ্গা মন্দিৰ কেতিয়া আৰু কোনে স্থাপন কৰিছিল? জানক মন্দিৰটোৰ ৰহস্যৰ বিষয়ে…

Updated On: 

26 Sep 2024 16:52 PM

দেওপানী দুৰ্গা মন্দিৰ অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ।

Deopani Durga Temple: দেওপানী দুৰ্গা মন্দিৰ কেতিয়া আৰু কোনে স্থাপন কৰিছিল? জানক মন্দিৰটোৰ ৰহস্যৰ বিষয়ে...

দেওপানী দুৰ্গা মন্দিৰ কেতিয়া আৰু কোনে স্থাপন কৰিছিল?

Follow Us On

অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব বিখ্যাত মাজুলী নদীদ্বীপে যিদৰে বিদেশী পৰ্যটকক আকৰ্ষণ কৰে থিক তেনেদৰে অসমৰ মঠ, মন্দিৰেও অসমৰ পৰ্যটন উদ্যোগটো বিকাশত সহায় কৰি আহিছে।

দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ। থানৰ পৰা প্ৰায় ২ কিল’মিটাৰ আগলৈ সুপ্ৰাচীন মূৰ্তি প্ৰতিষ্ঠাৰে ঐতিহ্যমণ্ডিত শিৱ থান এখন আছে। দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ আটকধুনীয়া নিৱাস অৱস্থিত।

স্বৰ্গীয় সুৰেন্দ্ৰ নাথ ৰয় (নুনু বাবু নামেৰে জনাজাত) নামৰ এজন জনপ্ৰিয় স্বাধীনতা সংগ্ৰামী, জনহিতকৰ আৰু চাহ খেতিয়কে অসমৰ দেওপানী চাহ বাগিচাত বাস কৰিছিল। এদিনাখন তেওঁ চাহ বাগিচাৰ হাবিত তেওঁৰ বন্ধু আৰু শ্ৰমিকসকলৰ সৈতে চিকাৰ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে এটা ঠাইত শিবিৰ পাতিছিল আৰু চিকাৰৰ পিছত বিশ্ৰাম লৈছিল। সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোক তেওঁলোকৰ ঘৰলৈ উভতি আহিল আৰু নুনু বাবুদে দেওপানী চাহ বাগিচাত থকা তেওঁৰ বাংলোত জিৰণি লবলৈ গ’ল। মাজনিশা তেওঁ দেৱী দুৰ্গাৰ সপোন দেখি সাৰ পাইছিল আৰু সপোনত দুৰ্গা দেৱীয়ে তেওঁক তেওঁলোকে চিকাৰ কৰি আমোদ কৰা ঠাইৰ তলত মা দুৰ্গা লুকাই আছে বুলি কৈছিল। তেওঁ নুনু বাবুক ভূগৰ্ভৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ কৈছিল।

সেইৰাতিয়ে তেওঁ তেওঁলোকৰ পৰিয়ালৰ পুৰোহিতক মাতি পঠিয়ায় আৰু তেওঁৰ সপোনৰ কথা বিৱৰি কয়। পুৰোহিতে তেওঁক এয়া ঐশ্বৰিক আজ্ঞা বুলি পতিয়ন নিয়াইছিল। কেইঘণ্টামানৰ ভিতৰতে জংঘলৰ ঠাইখনত শ শ লোক একত্ৰিত হৈছিল আৰু খননৰ কাম আৰম্ভ হৈছিল। কিছুসময়ৰ পিছত এটাৰ পিছত এটাকৈ সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হ’ল। শেষত দেৱী দুৰ্গাৰ মূৰ্তি পোৱা গৈছিল আৰু হাতী ব্যৱহাৰ কৰি অতি সাৱধানতাৰে বিশাল আৰু গধুৰ মূৰ্তিটো উদ্ধাৰ কৰা হৈছিল।

ইয়াৰ কিছু দূৰত ক’লা গ্ৰেনাইটত খোদিত ভগৱান বিষ্ণুৰৰ এটা মূৰ্তি উদ্ধাৰ কৰা হৈছিল। পিছত নুনু বাবুয়ে তেওঁৰ দেউতাক উদ্যোগপতি দেৱৰাজ ৰয়ক আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মহেন্দ্ৰ নাথ ৰয়ক এই বিষয়ে অৱগত কৰে। তেওঁলোকৰ কুল দেৱী হিচাপে দুৰ্গা দেৱীক উপাসনা কৰাৰ বাবে দেৱী দুৰ্গাৰ মূৰ্তি উদ্ধাৰ হোৱা ঠাইৰ পৰা কেই মিটাৰ দূৰত অস্থায়ী আশ্ৰয়স্থল স্থাপন কৰা হৈছিল। এক শুভ মুহূৰ্ত বাছনি কৰি অতি ধুমধামেৰে প্ৰাণ প্ৰতিষ্ঠা পূজা স্বৰ্গীয় দেৱৰাজ ৰয় আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আয়োজন কৰি দেওপানী থান প্ৰতিষ্ঠা কৰিছিল।

দেওপানী দুৰ্গা মন্দিৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত। নুমলীগড়-ডিমাপুৰ সংযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত থানখন বোকাজান চহৰৰ পৰা দূৰত্ব প্ৰায় ২০ কিল’মিটাৰ।

দেওপানী মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। প্ৰতি বছৰে অনুষ্ঠিত দুৰ্গা পূজাত মন্দিৰত ভক্ত সকলৰ ভীৰ পৰিলক্ষিত হয়। শ্ৰী সুৰেন্দ্ৰ বৈষ্ণো কল্যাণ প্ৰতিষ্ঠানম ন্যাসে মন্দিৰ পৰিচালনা কৰে। চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত ইতিহাসপ্ৰসিদ্ধ পৰ্যটন স্থলৰ পৰিকাঠামো উত্তৰণৰ উদ্দেশ্যে প্ৰকাশিত অনুদান প্ৰাপ্তিৰ তালিকাত দেওপানী থানো অন্তৰ্ভুক্ত হৈছে। দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ নিৱাস অৱস্থিত।

 

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version