কোনগৰাকী দেৱ-দেৱীৰ পূজাত কোনবিধ ফুল ব্যৱহাৰ কৰা হয় জানেনে? জানিবলৈ পঢ়ক…
হিন্দু ধৰ্মত উপাস্য দেৱ-দেৱীৰ পূজাত ব্যৱহৃত সামগ্ৰীৰ ভিতৰত অন্যতম ফুল। পিছে পূজাত আগবঢ়োৱা এই ফুল যাতে সতেজ হয় তথা গছৰ পৰা ছিঙি লোৱা হয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত প্ৰয়োজনীয়। লক্ষণীয়ভাৱে প্ৰতিগৰাকী দেৱ-দেৱীৰ বাবে পূজাত বেলেগ বেলেগ ফুল ব্যৱহাৰ কৰা হয়। এই বিষয়ে চাওঁ আহক।
হিন্দু ধৰ্মত উপাস্য দেৱ-দেৱীৰ পূজাত ব্যৱহৃত সামগ্ৰীৰ ভিতৰত অন্যতম ফুল। প্ৰতিগৰাকী দেৱ-দেৱীৰ পূজাৰ সময়ত ফুল আগবঢ়োৱা হয়। পিছে পূজাত আগবঢ়োৱা এই ফুল যাতে সতেজ হয় তথা গছৰ পৰা ছিঙি লোৱা হয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সেইদৰে পূজাৰ সময়ত মাটিত পৰি থকা ফুল, কৃত্ৰিম ফুল, মৰা ফুল বা ফুলৰ পাহি ব্যৱহাৰ কৰা উচিত নহয়। লক্ষণীয়ভাৱে প্ৰতিগৰাকী দেৱ-দেৱীৰ বাবে পূজাত বেলেগ বেলেগ ফুল ব্যৱহাৰ কৰা হয়। এই বিষয়ে চাওঁ আহক-
১। ভগৱান হনুমান (জেচমিন বা খৰিকাজাই)- ভক্তসকলে ভগৱান হনুমানৰ মূৰ্তি আৰু ছবিৰ চৰণত পাঁচ বা তাতকৈ অধিক জেচমিন বা খৰিকাজাই ফুল আগবঢ়ায়। এয়া ভগৱান হনুমানৰ প্ৰতি ভক্তৰ শ্ৰদ্ধা প্ৰদৰ্শনৰ এক উপায়।
২। মা কালি (ৰঙা জবা)- মা কালিৰ পূজাৰ সময়ত ১০৮ পাহ ৰঙা জবা ফুলৰ পৰা তৈয়াৰী মালা প্ৰদান কৰে। জবা ফুলৰ পাহিবোৰ মা কালিৰ জিভাৰ আকৃতিৰ সৈতে মিল আছে আৰু ৰঙা ফুল মা কালিৰ উগ্ৰতাৰ প্ৰতীক বাবে এনে কৰা হয় বুলি ধাৰণা কৰা হয়।
৩। সৰস্বতী দেৱী (সেউতী)- হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সৰস্বতী দেৱীক পূজাৰ সময়ত বগা ফুল আগবঢ়াব লাগে। পূজাৰ সময়ত দেৱীক সেউতী ফুলৰ দৰে বগা ফুলৰ দ্বাৰা দেৱীক পূজা কৰাৰ এক আদৰ্শ উপায়।
৪। ভগৱান বিষ্ণু (পৰিজাত, নাৰ্জী)- ভক্তসকলে নাৰ্জী ফুলৰ পৰা তৈয়াৰী মালা ভগৱান বিষ্ণুলৈ আগবঢ়ায়। আনহাতে পাৰিজাত হৈছে ভগৱান বিষ্ণুৰ পূজাৰ সময়ত ব্যৱহাৰ কৰা আন এবিধ ফুল। প্ৰাচীন লিপি আৰু কাহিনী অনুসৰি পাৰিজাত হৈছে সাগৰৰ মন্থনৰ সময়ত গজি উঠা এবিধ ফুল। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰাৰ সময়ত ভক্তসকলে তেওঁৰ মূৰ্তি আৰু ছবিৰ ভৰিত তুলসী পাতো ৰাখে। ই তেওঁলোকৰ ভক্তি প্ৰকাশৰ এক উপায়।
৫। ভগৱান শিৱ (ধতুৰা)– ধৰ্মীয় আখ্যান অনুসৰি সাগৰ মন্থনৰ সময়ত উদ্ভৱ হোৱা এবিধ ফুল হৈছে ধতুৰা। ই বিষ সেৱনত সহায় কৰিছিল আৰু ভগৱান শিৱৰ বুকুৰ পৰা এই ফুলৰ দৃষ্টি হৈছিল। ভক্তসকলে ধতুৰা ভগৱান শিৱৰ প্ৰিয় ফুল বুলি বিশ্বাস কৰে আৰু সেয়ে ভগৱান শিৱৰ পূজা কৰাৰ সময়ত ধতুৰা আগবঢ়ায়।
৬। দেৱী দুৰ্গা (কৰৱী)- দেৱী দুৰ্গাৰ ৰঙা ফুল ভাল পায়। গতিকে, ভক্তসকলে দেৱী দুৰ্গাক সেৱা জনাবলৈ পূজাৰ সময়ত কৰৱীৰ দৰে ফুল আগবঢ়ায়।
৭। দেৱী লক্ষ্মী (পদুম)- দেৱী লক্ষ্মীয়ে হাতত পদুম ফুল লৈ থকা দেখিবলৈ পোৱা যায়। সেয়ে লক্ষ্মী দেৱীৰ পূজাত পদুম ফুল আগবঢ়াই দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়।