Somnath Temple: সোমনাথ মন্দিৰক কিমানবাৰ ধ্বংস কৰাৰ চেষ্টা কৰিছিল? জানক মন্দিৰৰ ৰহস্য আৰু ইতিহাসৰ বিষয়ে
সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে।

সোমনাথ মন্দিৰক কিমানবাৰ ধ্বংস কৰাৰ চেষ্টা কৰিছিল?
Somnath Temple History: সোমনাথ মন্দিৰৰ কথা উল্লেখ কৰাৰ লগে লগে মনলৈ অহা প্ৰথম কথাটো হ’ল লুণ্ঠন আৰু ভঙাৰ একাধিক উদাহৰণ। এই মন্দিৰটো কেইবাবাৰো লুট কৰা হৈছে, তথাপিও ইয়াৰ মহিমা আজিও অটুট। এই মন্দিৰত হোৱা আক্ৰমণসম্পৰ্কে বহুতো প্ৰতিবেদন আৰু তথ্য আছে। আজি জানো আহক এই মন্দিৰটোৰ বিষয়ে।
সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অন্যতম পৰ্যটনস্থলী। বিভিন্ন অলৌকিক কাহিনী বিজড়িত সোমনাথ মন্দিৰ স্ব-মহিমাৰে মহিমামন্দিত। ‘সোম’ অৰ্থাৎ চন্দ্ৰৰ ‘নাথ’ অৰ্থাৎ দেৱতা হিচাপে ইয়াত মহাদেৱৰ পূজা- অৰ্চনা কৰা হয়। ভক্তসকলৰ বাবে এই মন্দিৰ নিতৌ পুৱা ৬ বজাৰ পৰা ৰাতি ৯ বজালৈকে খোলা ৰখা হয়। মন্দিৰটোত ৰাতিপুৱা ৭ বজাত, দুপৰীয়া ১২ বজাত আৰু গধূলি ৭ বজাত দৈনিক তিনিবাৰকৈ আৰতি অনুষ্ঠিত কৰা হয়।
পৌৰাণিক কাহিনী
স্কন্দ পুৰাণ অনুসৰি সোমনাথ মন্দিৰৰ পৌৰাণিক আখ্যান এনেধৰণৰ- চন্দ্ৰদেৱে প্ৰজাপতি দক্ষৰ ২৭ গৰাকী কন্যাক বিবাহ কৰাইছিল। কিন্তু ২৭ গৰাকী পত্নীৰ ভিতৰত চন্দ্ৰয়ে কেৱল ৰোহিনীৰ প্ৰতিহে বেছিকৈ প্ৰেম-প্ৰীতিৰ ভাৱ প্ৰদৰ্শন কৰিছিল। এই কথাতে ৰুষ্ট আৰু চৰম অপমানিত হৈ বাকী ২৬ গৰাকী কন্যাই গৈ নিজ পিতৃ দক্ষৰ ওচৰত চন্দ্ৰৰ বিৰুদ্ধে গোচৰ দিলেগৈ। দক্ষই জোঁৱাই চন্দ্ৰক দুবাৰকৈ বুজনি দিও সৈমান কৰাব নোৱৰাত ক্ৰোধান্বিত হৈ পৰিল আৰু চন্দ্ৰক একলা একলা কৈ ক্ষয় যাবলৈ অভিশাপ প্ৰদান কৰিলে। চন্দ্ৰ দেৱৰ এই অৱস্থা হোৱাত সকলো দেৱতা কিংকৰ্তব্যবিমূঢ় হ’ল আৰু সকলোৱে মিলি ব্ৰহ্মদেৱৰ ওচৰত উপায় বিচাৰি গ’ল। ব্ৰহ্মদেৱে তেতিয়া চন্দ্ৰদেৱক সমুদ্ৰতীৰত শিৱৰ আৰাধনা কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে। চন্দ্ৰদেৱে পত্নী ৰোহিণীৰ সৈতে সমুদ্ৰতীৰৰ প্ৰভাসক্ষেত্ৰত গৈ মহাদেৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। ছমাহ তপস্যাৰ অন্তত মহাদেৱে আহি চন্দ্ৰদেৱক দৰ্শন প্ৰদান কৰিলে আৰু চন্দ্ৰক দক্ষৰাজৰ শাপৰ পৰা মুক্তি দি আশীৰ্বাদ প্ৰদান কৰিলে যে প্ৰতি ১৫ দিনত চন্দ্ৰদেৱে দক্ষৰ শাপ অনুসৰি একলা একলাকৈ ক্ষয় যাব কিন্তু তাৰ পৰবৰ্তী ১৫ দিনত মহাদেৱৰ আশীৰ্বাদত চন্দ্ৰদেৱে পুনৰ নিজৰ পূৰ্ণতা ঘূৰাই পাব। মহাদেৱৰ আশীৰ্বাদত ধন্য হৈ চন্দ্ৰদেৱে মহাদেৱক সেই স্থানতে যুগ যুগলৈ বিৰাজমান থাকি ভক্তসকলক দুখ-দুৰ্দশাৰ পৰা মুক্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰিলে। চন্দ্ৰদেৱৰ প্ৰাৰ্থনাত সন্ত্তষ্ট হৈ মহাদেৱে সেই স্থানত চন্দ্ৰদেৱে স্থাপন কৰা শিৱলিংগত নিজৰ জ্যোতি প্ৰদান কৰিলে আৰু সেই স্থানে সোমনাথ মন্দিৰ হিচাপে প্ৰতিষ্ঠিত হ’ল।
১৭ বাৰ ভাঙি পেলোৱা হৈছিল সোমনাথ মন্দিৰ
খবৰ অনুসৰি, মহমুদ গজনাৱীয়ে সোমনাথ মন্দিৰত আক্ৰমণ কৰি সকলো সম্পত্তি লুটপাত কৰিছিল। তাৰ পিছত গুজৰাটৰ ৰজা ভীম আৰু মালৱাৰ ৰজা ভোজে এই সোমনাথ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। ১২৯৭ চনত দিল্লী চুলতানে গুজৰাট জয় কৰাৰ পিছত সোমনাথ মন্দিৰ ধ্বংস কৰিছিল।
সোমনাথৰ দ্বিতীয়টো শিৱ মন্দিৰৰ নিৰ্মাণ বল্লভীৰ যাদৱ ৰজাই ৬৪৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। ইয়াক ৭২৫ খ্ৰীষ্টাব্দত সিন্ধৰ গৱৰ্ণৰ আল-জুনাইদে ধ্বংস কৰিছিল। ইতিহাসবিদসকলৰ মতে সোমনাথ মন্দিৰ ১৭ বাৰ ধ্বংস হৈছিল। অৱশ্যে প্ৰতিবাৰেই পুনৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান থকা সোমনাথ মন্দিৰটো ভাৰতৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ১৯৪৭ চনৰ পিছত নিৰ্মাণ কৰিছিল।
এইটোৱেই প্ৰথম আৰু পুৰণি জ্যোতিৰ্লিংগ,
সোমনাথ মন্দিৰৰৰ জ্যোতিৰ্লিংগটো আটাইতকৈ পুৰণি জ্যোতিৰ্লিংগ। আচলতে য’তেই ভগৱান শিৱৰ জ্যোতিৰ্লিংগ আছে তাতেই মহাদেৱৰ মন্দিৰ আছে। ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথ মন্দিৰক প্ৰথম বুলি গণ্য কৰা হয়। ইয়াক প্ৰভাস তীৰ্থ বুলিও কোৱা হয়। স্কন্দ পুৰাণ, শ্ৰীমদ্ভাগৱত, শিৱ পুৰাণ আদি প্ৰাচীন গ্ৰন্থত ইয়াৰ বৰ্ণনা পোৱা যায়।