Holi 2025: হোলী উৎসৱত আছে হোলী গীত গোৱাৰ পৰম্পৰা, জানক হোলীৰ লগত জড়িত নিয়মৰ বিষয়ে
Holi Geet: হোলী উপলক্ষে হোলী গীত গোৱাৰ পৰম্পৰা বহু যুগ ধৰি চলি আহিছে। এই গীতে ইজনক সিজনৰ প্ৰতি আকৰ্ষিত কৰে আৰু সকলোৱে নিজৰ নিজৰ দূৰত্ব পাহৰি একেলগে ৰং উৎসৱ উদযাপন কৰে।

Holi 2025 Fagua Geet Importance: হিন্দু ধৰ্মৰ প্ৰধান উৎসৱ হোলীৰ অতি তাৎপৰ্য আছে। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনটোত অতি উৎসাহেৰে পালন কৰে। হোলী উপলক্ষে হোলী গীত গোৱাৰ পৰম্পৰা শতিকা পুৰণি। হোলী গীত হৈছে দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ। দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে।
হোলী গীত কি?
হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায় ৷ তথ্য অনুসৰি শংকৰদেৱে আলি পুখুৰীত প্ৰথম দৌল উৎসৱ পাতোতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল। তাৰোপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা ‘ঘুনুচা কীৰ্ত্তন’ ৰ কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়।
পৰৱৰ্ত্তী সময়ত খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহীৰ সহযোগত হোলীগীত পৰিৱেশিত হ’বলৈ লয়৷ লগতে সত্ৰত প্ৰচলিত পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, ফণী তালুকদাৰ, খনীন্দ্ৰনাথ দাস, গিৰীশ দাস, গোকুল পাঠক, প্ৰণৱ দাস ইত্যাদি৷
হোলী গীতৰ বিষয়বস্তু
অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়- ভক্তিমূলক (বৰগীত) আৰু আধুনিক ৷ ইয়াৰ মূল বিষয়বস্তুবোৰ এনেধৰণৰ-
- গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা
- কৃষ্ণৰ গুণানুকীৰ্ত্তন
- প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা
- শ্ৰীকৃষ্ণৰ গোপিনীৰ সৈতে ৰাসলীলাৰ বৰ্ণনা
হোলীৰ বিশেষত্ব
হোলী উৎসৱৰ সময়ত সকলোতে আনন্দময় পৰিৱেশে বিৰাজ কৰে। হোলীৰ সামাজিক গুৰুত্ব আছে। এইটো এনে এটা উৎসৱ য’ত সকলো পাৰ্থক্য পাহৰি একেলগে আনন্দ কৰে। বিশ্বাস কৰা হয় যে, যদি এি দিনটোত কাৰোবাক ৰঙা ফাকুৱা লগোৱা হয়, তেন্তে সকলো ধৰণৰ ভুল বুজাবুজি নাইকীয়া হয়। কিয়নো ৰঙা ৰঙে প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰতীক।