Jagannath Temple: জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় উৰিব নোৱাৰে চৰাই আৰু বিমান? জানক এই মন্দিৰৰ ৰহস্য
জগন্নাথ পুৰী হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ তীৰ্থস্থান। গোটেই বছৰ এই স্থানত ভক্তৰ ভিৰ হৈ থাকে। এই মন্দিৰৰ মহিমা আৰু ৰহস্যৰ বাবে গোটেই পৃথিৱী বিখ্যাত। আপুনি জানেনে জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় উৰিব নোৱাৰে চৰাই আৰু বিমান?
জগন্নাথ মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান। ভাৰতৰ একমাত্ৰ এই মন্দিৰ য’ত কৃষ্ণৰ ভগ্নী সুভদ্ৰাক তেওঁৰ ভাতৃ জগন্নাথ আৰু বলভদ্ৰৰ সৈতে পূজা কৰা হয়। মন্দিৰৰ তথ্য অনুসৰি অৱন্তীৰ ৰজা ইন্দ্ৰদ্যুম্নে পুৰীত জগন্নাথৰ মূল মন্দিৰ নিৰ্মাণ কৰিছিল। দশম শতিকাৰ পৰা আৰম্ভ কৰি পূব গংগা বংশৰ প্ৰথম ৰজা অনন্তবৰ্মন চোদাগংগাই মূল জগন্নাথ মন্দিৰক বাদ দি চৌহদৰ পূৰ্বতে থকা মন্দিৰসমূহৰ স্থানত বৰ্তমানৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। য’ত জগন্নাথ নিজে বাস কৰে। চাৰি ধামৰ ভিতৰত পুৰী অন্যতম। পুৰী ওড়িশাত অৱস্থিত জগন্নাথ মন্দিৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত উৎসৰ্গিত। বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।
মন্দিৰৰ এই ৰহস্যৰ বিষয়ে জানক
আজিও এই মন্দিৰৰ ৰহস্য দেখি বিজ্ঞানীসকল আচৰিত হৈ যায়। এই মন্দিৰত বহু ৰহস্য লুকাই আছে, যাৰ বাবে ভগৱান জগন্নাথ মন্দিৰক সমগ্ৰ বিশ্বৰ লোকে বিশ্বাস কৰে।
মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান
জনবিশ্বাস মতে, জগন্নাথ পুৰী মন্দিৰৰ ৰক্ষা গৰুড় চৰাইয়ে কৰে। গৰুড়ক চৰাইৰ ৰজা বুলি গণ্য কৰা হয়। এনে ক্ষেত্ৰত এই মন্দিৰৰ ওপৰেৰে আন চৰাই উৰি নাযায়। আনহাতে জগন্নাথ পুৰী মন্দিৰৰ ওপৰৰ অংশত আঠ ধাতুৰে নিৰ্মিত এটা চক্ৰ আছে।
অষ্ট ধাতুৰে নিৰ্মিত এই চক্ৰটোক ‘নীলচক্ৰ’ বুলিও কোৱা হয়। ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যে, পুৰীৰ যিকোনো কোণৰ পৰা দেখা যায় আৰু যিকোনো দিশৰ পৰাও দেখা যায়। এইটো চালে এনে অনুভৱ কৰিব যে এই চক্ৰটো আপোনাৰ ফালে মুখ কৰি আছে। এই চক্ৰই মন্দিৰৰ ওপৰেৰে উৰি যোৱা বিমানবোৰত বাধাৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই মন্দিৰৰ ওপৰেৰে কোনো বিমান উৰিব নোৱাৰে।
বিশ্বৰ আটাইতকৈ ডাঙৰ পাকঘৰ
শ্ৰী জগন্নাথ মন্দিৰত অৱস্থিত পাকঘৰটোক বিশ্বৰ সৰ্ববৃহৎ পাকঘৰ বুলি জনা যায়। এই পাকঘৰত প্ৰতিদিনে প্ৰায় ৫০০ ৰান্ধনী আৰু প্ৰায় ৩০০ সহকৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। প্ৰসাদ প্ৰস্তুত কৰিবলৈ ৭টা বাচন একেলগে এটাৰ ওপৰত আনটোৰ উঠাই জুহালত খাদ্য প্ৰস্তুত কৰে। আপুনি জানি আচৰিত হ’ব যে, ওপৰত ৰখা পাত্ৰৰ খাদ্যখিনি প্ৰথমে প্ৰস্তুত হয় আৰু তাৰ যিটো পাত্ৰ একেবাৰে তলত জুইত লাগি থাকে সেইটোৰ খাদ্য শেষতহে প্ৰস্তুত হয়।
জগন্নাথ পুৰীত বিপৰীত দিশত বলে বতাহ
সাধাৰণতে সাগৰৰ উপকূলীয় অঞ্চলত বতাহ ঢৌৰ দিশত বয়। কিন্তু, ওড়িশাৰ পুৰীত স্থলভাগৰ পৰা সাগৰৰ ফালে বতাহ বলে।
জগন্নাথ মন্দিৰৰ ছাঁ গঠন নহয়
এই মন্দিৰটো পৃথিৱীৰ আটাইতকৈ ওখ আৰু ধুনীয়া মন্দিৰ। ইয়াৰ উচ্চতা প্ৰায় ২১৪ ফুট আৰু ই ৪ লাখ বৰ্গফুটত বিস্তৃত এক আচৰিত মন্দিৰ। কিন্তু এই মন্দিৰৰ গম্বুজৰ ছাঁ আপুনি দেখা নাপায়। এই মন্দিৰটো এতিয়াও বহু ৰহস্যৰে ভিৰি আছে।
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)