5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Dhanteras 2024: ধনতেৰাছৰ দিনা কিয় ভগৱান ধন্বন্তৰিক পূজা কৰা হয়? ধন্বন্তৰি কোন দেৱতাৰ অৱতাৰ জানেনে?

Lord Dhanvantari: ধনতেৰাছৰ দিনা দেৱী লক্ষ্মী, কুবেৰ দেৱৰ লগতে আৰু ভগৱান ধন্বন্তৰিক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ পূজা কৰিলে ধন-সম্পত্তি বৃদ্ধি হয়। ধনতেৰাছৰ দিনা ভগৱান ধন্বন্তৰিক কিয় পূজা কৰা হয় জানো আহক।

Dhanteras 2024: ধনতেৰাছৰ দিনা কিয় ভগৱান ধন্বন্তৰিক পূজা কৰা হয়? ধন্বন্তৰি কোন দেৱতাৰ অৱতাৰ জানেনে?
ধনতেৰাছত ভগৱান ধন্বন্তৰিক কিয় পূজা কৰা হয়?
trishna-kalita
Trishna Kalita | Updated On: 23 Oct 2024 15:27 PM

Dhanteras 2024 date: দেৱালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। চলিত বৰ্ষত দিপাৱলীৰ তাৰিখ সন্দৰ্ভত মানুহৰ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত, দেৱালীৰ দুদিন আগতে ধনতেৰাছ উদযাপন কৰা হয়। এই বছৰ ধনতেৰাছ ২৯ অক্টোবৰত উদযাপন কৰা হ’ব। ধনতেৰাছৰ আন এটা নাম ধনত্ৰয়োদশী। পাঁচদিনীয়া দীপোৎসৱ ধনতেৰাছৰ দিনাৰ পৰাই আৰম্ভ হয়। ধনতেৰাছত বজাৰ কৰাৰ পৰম্পৰা বহু শতাব্দী পুৰণি। এই দিনটোত মানুহে তেওঁলোকৰ সামৰ্থ্য অনুসৰি সোণ, ৰূপৰ পৰা পিতল আৰু তামৰ বাচন আৰু অন্যান্য বস্তু ক্ৰয় কৰে। ধনতেৰাছৰ দিনা দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু ভগৱান ধন্বন্তৰিক পূজা কৰা হয়।

প্ৰতি বছৰে ধনতেৰাছত বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত যথেষ্ট ভিৰ দেখা যায়। সোণ আৰু ৰূপৰ উপৰিও ধনতেৰাছৰ দিনা ঝাড়ু ক্ৰয় কৰাৰ পৰম্পৰাও আছে। বিশ্বাস কৰা হয় যে ধনতেৰাছৰ দিনা দেৱী লক্ষ্মী আৰু কুবেৰ দেৱতাক পূজা কৰিলে ধন-সম্পত্তি বৃদ্ধি হয়। ইয়াৰ লগতে ভগৱান ধন্বন্তৰিক পূজা কৰিলে আৰোগ্য হয়। এতিয়া জানো আহক ধন্বন্তৰী কোন আৰু ধনতেৰাছৰ দিনা ভগৱান ধন্বন্তৰিক কিয় পূজা কৰা হয়?

ভগৱান ধন্বন্তৰি কাৰ অৱতাৰ?

ধৰ্মীয় গ্ৰন্থৰ পৌৰাণিক কাহিনী অনুসৰি ধন্বন্তৰি সাগৰৰ মন্থনৰ পৰা উদ্ভৱ হৈছিল। ভগৱান ধন্বন্তৰিক আয়ুৰ্বেদ আৰু চিকিৎসা ক্ষেত্ৰত দেৱতাৰ পথ প্ৰদৰ্শক বুলিও গণ্য কৰা হয়। হিন্দু ধৰ্মত, ভগৱান ধন্বন্তৰিক সু-স্বাস্থ্যৰ দেৱতা বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি ভগৱান ধন্বন্তৰিক পূজা কৰিলে বিভিন্ন ৰোগৰ পৰা সকাহ পায় আৰু সু-স্বাস্থ্যৰ অধিকাৰী হয়।

ধনতেৰাছত ধন্বন্তৰিক কিয় পূজা কৰা হয়?

পৌৰাণিক বিশ্বাস অনুসৰি, অমৃত পাবলৈ দেৱতা আৰু দানৱে সাগৰ মন্থন কৰিছিল। তাৰ পিছত সাগৰৰ মন্থনৰ পৰা এটা এটাকৈ, ১৪-১৪টাকৈ ৰত্নৰ প্ৰাপ্তি হৈছিল। সাগৰ মন্থন কৰাৰ অন্তত অমৃত পোৱা গৈছিল। জনশ্ৰুতি অনুসৰি, তাৰ পাছত ভগৱান ধন্বন্তৰীয়ে হাতত অমৃতৰ ভাণ্ডাৰ লৈ সাগৰৰ পৰা ওলাই আহিছিল। যিদিনা ভগৱান ধন্বন্তৰি অমৃত কলহৰ সৈতে প্ৰকট হৈছিল সেইদিনা কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি আছিল। সেয়েহে ধনতেৰাছ বা ধনত্ৰয়োদশীৰ দিনা ভগৱান ধন্বন্তৰিক পূজা কৰাৰ হয়।

ধনতেৰাছত কিয় বজাৰ কৰে?

যেতিয়া ভগৱান ধন্বন্তৰি প্ৰকট হৈছিল, তেওঁৰ হাতত অমৃত কলহ আছিল। এইকাৰণেই ধনতেৰাছত বাচন-বৰ্তন ক্ৰয় কৰাৰ পৰম্পৰা আছে। দেৱালীৰ পাছত ধনতেৰাছৰ দিনা কিনা বাচন-বৰ্তনত খাদ্য-শস্য ৰখা হয়।বিশ্বাস কৰা হয় যে ধনতেৰাছৰ দিনা ক্ৰয় কৰা বাচন-বৰ্তনত বস্তু ৰাখিলে খাদ্য আৰু ধনৰ ভাণ্ডাৰ সদায় পূৰ্ণ হৈ থাকে। ধৰ্মীয় বিশ্বাস অনুসৰি, এৰ দিনটোত ক্ৰয় কৰা বস্তুটোৱে ১৩ গুণ অধিক লাভ প্ৰদান কৰে। সেয়েহে ধনতেৰাছৰ দিনা মানুহে পিতল, তামৰ বাচন-বৰ্তনৰ লগতে সোণ আৰু ৰূপৰ সামগ্ৰী ক্ৰয় কৰে।

Latest News