Dhanteras 2024: ধনতেৰাচত সোণ, ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ কাহিনী আৰু তাৎপৰ্য সম্পৰ্কে জানক... | why purchase gold on dhanteras 2024 significance of dhanteras best shopping time Assam news - Assam Tv9

Dhanteras 2024: ধনতেৰাচত সোণ, ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ কাহিনী আৰু তাৎপৰ্য সম্পৰ্কে জানক…

Dhanteras 2024: দেৱালী উৎসৱ ৫ দিনীয়াকৈ উদযাপন কৰা হয়। এই পাঁচদিনীয়া দীপোৎসৱ ধনতেৰাচৰ পৰা আৰম্ভ হয় আৰু ভাই দুজৰ লগত সমাপ্ত হয়। ধনতেৰাচত বজাৰ কৰাৰ পৰম্পৰা আছে। ধনতেৰাচত সোণ আৰু ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেতিয়া আৰম্ভ হৈছিল জানক।

Dhanteras 2024: ধনতেৰাচত সোণ, ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ কাহিনী আৰু তাৎপৰ্য সম্পৰ্কে জানক...

ধনতেৰাচত সোণ, ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল?

Published: 

27 Oct 2024 13:30 PM

Dhanteras 2024: দেৱালী উৎসৱ ৫ দিনীয়াকৈ উদযাপন কৰা হয়। এই পাঁচদিনীয়া দীপোৎসৱ ধনতেৰাচৰ পৰা আৰম্ভ হয় আৰু ভাই দুজৰ লগত সমাপ্ত হয়। ধনতেৰাচত বজাৰ কৰাৰ পৰম্পৰা আছে। ধনতেৰাচত সোণ আৰু ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেতিয়া আৰম্ভ হৈছিল জানক।

দীপাৱলী পোহৰৰ উৎসৱ। পাঁচদিনীয়া দেৱালী উৎসৱ ধনতেৰাচৰ লগত আৰম্ভ হয় আৰু ভাই দুজত সমাপ্ত হয়। ধনতেৰাচ উৎসৱ প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত উদযাপন কৰা হয়। এই দিনটোত দেৱী লক্ষ্মী আৰু কুবেৰ দেৱতাৰ লগতে ভগৱান ধন্বন্তৰিক পূজা কৰা হয়। ধনতেৰাচৰ দিনা সোণ, ৰূপ আৰু আন বহুতো নতুন বস্তু ক্ৰয় কৰি ঘৰলৈ আনে। ধনতেৰাচত সোণ আৰু ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল জানো আহক।

ধনতেৰাচ উৎসৱে হিন্দু ধৰ্মত বিশেষ গুৰুত্ব বহন কৰে। এই দিনটো ধন আৰু স্বাস্থ্যৰ প্ৰতীক হিচাপে পালন কৰা হয়। ধনতেৰাচ ভগৱান ধন্বন্তৰিৰ সৈতে সম্পৰ্কিত। যি সাগৰ মন্থনৰ সময়ত অমৃত কলহৰ লৈ প্ৰকট হৈছিল। ধনতেৰাচৰ ধৰ্মীয় তাৎপৰ্য সম্পৰ্ক জানো আহক।

ধনতেৰাচত সোণ আৰু ৰূপ কিয় ক্ৰয় কৰো?

পৌৰাণিক কাহিনী অনুসৰি, ভগৱান ধন্বন্তৰি সাগৰ মন্থন কৰাৰ সময়ত প্ৰকট হৈছিল। ভগৱান ধন্বন্তৰিক চিকিৎসাৰ দেৱতা বুলি গণ্য কৰা হয়। যেতিয়া ভগৱান ধন্বন্তৰি প্ৰকট হৈছিল, তেওঁৰ হাতত অমৃত কলহ আছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে ধনতেৰাছ উপলক্ষে ৰূপৰ লক্ষ্মী, গণেশ, বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰা হয়। ইয়াৰ লগতে ধনতেৰাচৰ দিনা সোণ ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ভগৱান ধন্বন্তৰিয়ে পিতলৰ ধাতু ভাল পায়, সেয়েহে এই দিনটোত পিতলেৰে তৈয়াৰ কৰা বস্তু ক্ৰয় কৰা হয়।

ধনতেৰাচ ২০২৪ শুভ সময়

ধনতেৰাচ উপলক্ষে গোটেই দিনটো বজাৰৰ বাবে শুভ বুলি গণ্য কৰা হয়। এই দিনটোত সামগ্ৰী ক্ৰয় কৰাৰ শুভ সময় হৈছে ২৯ অক্টোবৰৰ পুৱা ১০:৩১ বজাৰ পৰা ৩০ অক্টোবৰৰ দুপৰীয়া ১:১৫ বজালৈ। যিসকলে চোঘাদিয়া মুহুৰ্তৰ মতে ধনতেৰাছত বজাৰ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে সময়বোৰ তলত দিয়া হৈছে-

  • চৰ (স্বাভাৱিক) ৰাতিপুৱা ৯:১৮ বজাৰ পৰা ১০:৪১ বজালৈ
  • লাভ (উন্নতি) ৰাতিপুৱা ১০:৪১ বজাৰ পৰা ১২:০৫ বজালৈ
  • অমৃত (শ্ৰেষ্ঠ) আবেলি ১২:০৫ বজাৰ পৰা ০১:২৮ বজালৈ
  • লাভ (উন্নতি) সন্ধিয়া ০৭:১৫ বজাৰ পৰা ০৮:৫১ বজালৈ

ধনতেৰাচত বজাৰৰ সৰ্বশ্ৰেষ্ঠ সময়

ধনতেৰাছৰ দিনা ত্ৰিপুষ্কৰ যোগ গঠন হৈছে, যাক বজাৰৰ বাবে আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। এই যোগ ২৯ অক্টোবৰৰ পুৱা ৬:৩১ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা ৩০ অক্টোবৰৰ পুৱা ১০:৩১ বজালৈকে চলিব। এই সময়ত ক্ৰয় কৰা সামগ্ৰী তিনিগুণ বৃদ্ধি হয়।

হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গ্ৰীণ টি অতি উপকাৰী, জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
বুৰ্জ খলিফাই হেৰুৱাব স্বীকৃতি, এই দেশত নিৰ্মাণ হৈ আছে বিশ্বৰ আটাইতকৈ সু-উচ্চ তথা বৃ্হৎ অট্টালিকা
শনিবাৰৰ দিনটোত কৰক এই ৫টা প্ৰতিকাৰ, জীৱনত কেতিয়াও নহ'ব ধনৰ অভাৱ!
দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?