এই ১০ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে সামৰিলে কেৰিয়াৰঃ এগৰাকীয়ে কৰি আছে বেংকত চাকৰি…
মিশ্ৰিত ফলাফলেৰে এই বৰ্ষটি সামৰণিৰ দিশেৰে আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলে। এফালে টি-২০ বিশ্বকাপ জয় আৰু আনফালে নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাত শোচনীয় পৰাজয় এই বৰ্ষত ভাৰতীয় ক্ৰিকেটৰ দুই গুৰুত্বপূৰ্ণ দিশ। ইফালে এই বৰ্ষত ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও তাৰকাই বিদায় দিছে ক্ৰিকেটক। এই ক্ৰিকেটাৰকেইগৰাকীৰ বিষয়ে চাওঁ আহক।
চলিত বৰ্ষটো বিদায় ল’বলৈ মাজত আৰু কেইটামান দিন। মিশ্ৰিত ফলাফলেৰে এই বৰ্ষটি সামৰণিৰ দিশেৰে আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলে। এই বৰ্ষটি বিশেষকৈ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। আনহাতে শেহতীয়াকৈ নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাত শোচনীয় পৰাজয় এই বৰ্ষত ভাৰতীয় ক্ৰিকেটৰ বাবে আটাইতকৈ অনাকাংক্ষিত আৰু হতাশাজনক ফল হিচাপে পৰিগণিত হয়। ইফালে এই বৰ্ষত ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও তাৰকাই বিদায় দিছে ক্ৰিকেটক।
২০২৪ বৰ্ষত ক্ৰিকেটক বিদায় দিয়া দেশৰ তাৰকা ক্ৰিকেটাৰকেইগৰাকীৰ বিষয়ে চাওঁ আহক-
বিৰাট কোহলী
সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰা বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপ জয় কৰাৰ ঠিক পিছতেই অৱসৰৰ কথা ঘোষণা কৰিছিল। অৱশ্যে তেওঁ কেৱল টি-২০ ফৰ্মেটৰ পৰাহে অৱসৰ গ্ৰহণ কৰিছিল। টেষ্ট আৰু এদিনীয়া ফৰ্মেটত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এতিয়াও জাতীয় দলক প্ৰতিনিধিত্ব কৰি আছে।
ৰোহিত শৰ্মা
দীৰ্ঘদিনীয়া খৰাঙৰ অন্ত পেলাই ভাৰতক টি-২০ বিশ্বকাপৰ ৰূপত এক আইচিচি ট্ৰফী তুলি দিয়া ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মায়ো খিতাপ জয়ৰ পিছতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়ে। অৱশ্যে এদিনীয়া আৰু টেষ্ট ফৰ্মেটৰ অধিনায়ক হিচাপে এতিয়াও দায়িত্ব বহন কৰি আছে ৰোহিতে।
ৰবীন্দ্ৰ জাদেজা
ভাৰতীয় দলৰ তাৰকা অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো ৰোহিত আৰু বিৰাটৰ লগতে টি-২০ বিশ্বকাপ জয়ৰ পিছত আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা অৱসৰ ঘোষণা কৰে। ৰোহিত-বিৰাটৰ দৰে জাদেজায়ো অৱশ্যে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটক এইপৰ্যন্ত বিদায় দিয়া নাই।
কেদাৰ যাদৱ
ভাৰতৰ হৈ ৯খন টি-২০ আৰু ৭৩খন এদিনীয়া মেচ খেলা কেদাৰ যাধৱে চলিত বৰ্ষৰ জুন মাহত অৱসৰৰ কথা ঘোষণা কৰিছিল। সামাজিক মাধ্যমৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰা কেদাৰ যাদৱে এগৰাকী মিডল অৰ্ডাৰ বেটাৰৰ লগতে নিৰ্ভৰযোগ্য স্পিনাৰ হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
সিদ্ধাৰ্থ কৌল
ভাৰতীয় দলক তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ্ত প্ৰতিনিধিত্ব কৰা সিদ্ধাৰ্থ কৌলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে। ২৮ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা সিদ্ধাৰ্থ এতিয়া ভাৰতীয় ষ্টেট বেংকত কৰ্মৰত।
বৰুণ এৰণ
২০১১ চনত ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটোৱা বৰুণ এৰণে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। সামাজিক মাধ্যম যোগে অৱসৰৰ সিদ্ধান্ত সদৰী কৰা এৰণে অৱশ্যে দীৰ্ঘদিনৰ পৰা জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা নাছিল
দীনেশ কাৰ্তিক
ভাৰতীয় দলৰ উইকেটকীপাৰ বেটাৰ দীনেশ কাৰ্তিকেও চলিত বৰ্ষত ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটায়। চলিত বৰ্ষৰ ১ জুনত ৩৯ সংখ্যক জন্মদিন পালন কৰা কাৰ্তিকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
ঋদ্ধিমান সাহা
ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ৯ খন এদিনীয়া মেচ খেলা আন এগৰাকী উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহায়ো ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। বিগত নৱেম্বৰ মাহত ক্ৰিকেট কেৰিয়াৰৰ যৱনিকা পেলায় সাহাই।
সৌৰভ তিৱাৰী
আইপিএলৰ জৰিয়তে জাতীয় দলৰ পথ মুকলি কৰা বাওঁহতীয়া বেটাৰ সৌৰভ তিৱাৰীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে। ভাৰতীয় দলৰ হৈ ৩ খন এদিনীয়া মেচ খেলা সৌৰভ বৰ্তমান লংকা টি-১০ ছুপাৰ লীগত ‘নুৱাৰা এলিয়া কিংছ’ দলৰ নেতৃত্বত আছে।
শিখৰ ধাৱান
ভাৰতীয় ক্ৰিকেটৰ অন্যতম এগৰাকী আগশাৰীৰ অপেনাৰ তথা তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱানে চলিত বৰ্ষৰ আগষ্ট মাহত ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ভাৰতৰ হৈ ১৬৭খন এদিনীয়া, ৩৪খন টেষ্ট আৰু ১৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ধাৱানে।