IPL 2025 সবাতোকৈ দামী ১০ খেলুৱৈ, পিছে প্ৰদৰ্শন দেখিলে আচৰিত হ’ব আপুনি…

IPL 2025: বৰ্তমান চলি আছে আই পি এল ২০২৫। চলিত আই পি এলত সবাতোকৈ ধনী বা বেছি মূল্যত বিক্ৰী হোৱা খেলুৱৈৰ নাম জানেনে? ইয়াৰোপৰি এওঁলোকৰ প্ৰদৰ্শনৰ বিষয়ে শুনিলেও আচৰিত হ'ব আপুনি।

IPL 2025 সবাতোকৈ দামী ১০ খেলুৱৈ, পিছে প্ৰদৰ্শন দেখিলে আচৰিত হব আপুনি...

আই পি এল

Published: 

26 Mar 2025 19:31 PM

আই পি এল ২০২৫ (IPL 2025) ৰ ১০টা দলে নিজৰ প্ৰথমখন মেচ ইতিমধ্যে খেলিছে। এই খেলত আই পি এল ২০২৫ ত সৰ্বাধিক ধন লাভ কৰা ১০ গৰাকী খেলুৱৈও নিজৰ প্ৰথম মেচ খেলে। এই লেখাটোত আই পি এলৰ সবাতোকৈ ধনী বা বেছি মূল্যত বিক্ৰী হোৱা খেলুৱৈৰ নাম উল্লেখ কৰা হব, যত বহু দলৰ অধিনায়কও আছে। কিন্তু আই পি এলৰ প্ৰথমখন খেলত এই  খেলুলৈ কেইগৰাকীৰ প্ৰদৰ্শন কেনে আছিল। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-

ঋষভ পন্ট(২৭ কোটি- লক্ষ্ণৌ ছুপাৰ জায়েন্টছ)

কেৱল আই পি এল ২০২৫তেই নহয়, এই লীগৰ ইতিহাসত সবাতোকৈ বেছি দামত বিক্ৰী হোৱা খেলুৱৈ ঋষভ পন্ট। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে তেওঁক ২৭ কোটি টকাৰ নিবিদা দি নিজৰ লগত সংলগ্ন কৰিছে আৰু তেওঁক অধিনায়ক নিৰ্বাচিত কৰিছে। কিন্তু, ইয়াৰ পাছতো পণ্টে আই পি এল ২০২৫ৰ প্ৰথমখন মেচত প্ৰতিটো ফ্ৰণ্টতে ব্যৰ্থ হয়। প্ৰথমতে, বেটিঙত তেওঁ শূণ্যত আউট হয়  আৰু দ্বিতীয়তে, প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁৰ দলটোৱে পৰাজয়ৰ সন্মুখীন হয়।

শ্ৰেয়াছ আয়েৰ (২৬.৭৫ কোটি- পঞ্জাৱ কিংছ)

আই পি এলৰ ইতিহাসত বিক্ৰী হোৱা দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ শ্ৰেয়াছ আয়াৰ। তেওঁক ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছিল পঞ্জাব কিংছে। পঞ্জাৱ কিংছৰ হৈ শ্ৰেয়াছ আয়েৰে সুন্দৰ প্ৰদৰ্শন কৰিছে। প্ৰথমখন মেচত আয়াৰে নটআউট হৈ ৯৭ ৰান কৰিবলৈ সক্ষম হয়। তেওঁৰ অধিনায়কত্বত দলটোৱে জয় লাভ কৰে।

ভেংকটেশ আয়াৰ (২৩.৭৫ কোটি- কলকাতা নাইট ৰাইডাৰ্ছ)

এই ছিজনৰ তৃতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ। পিছে তেওঁৰ প্ৰদৰ্শন প্ৰথমখন খেলত ভাল নাছিল। আৰ চি বিৰ বিৰুদ্ধে তেওঁ ক্লিন বলিং কৰিছিল। ইয়াৰোপৰি কে কে আৰ পৰাস্ত হৈছিল।

আৰ্শদ্বীপ- চাহাল (১৮ কোটি- পঞ্জাৱ কিংছ)

আইপিএল ২০২৫ৰ বাবে পঞ্জাব কিংছে সৰ্বাধিক ব্যয়বহুল চুক্তি কৰিছে। অৰ্শদ্বীপ সিং আৰু যুজবেন্দ্ৰ চাহাল একেটা শৃংখলৰ অংশ। এই দুয়োগৰাকী বলাৰক পাঞ্জাব কিংছে ১৮ কোটিকৈ প্ৰদান কৰিছে। প্ৰথমখম মেচ অৰ্শদ্বীপে ৪ অভাৰত ৩৬ ৰান দি ২ উইকেট দখল কৰে। ইয়াৰ বিপৰীতে চাহালে ৩ অভাৰত ৩৪ ৰান দিয়ে। অৱশ্যে কোনো উইকেট লাভ কৰিব নোৱাৰিলে।

জোছ বাটলাৰ (১৫.৭৫ কোটি- গুজৰাট টাইটানছ)

ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰক গুজৰাট টাইটানছে ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলা প্রথমখন মেচত বাটলাৰে ৩৩টা বলত ৫৪ ৰান সংগ্ৰহ কৰে। এই মেচত দলটো পৰাজিত হৈছিল।

কে এল ৰাহুল

নিলামত ক্ৰয় কৰা দিল্লী কেপিটেলছৰ আটাইতকৈ দামী খেলুৱৈ কে এল ৰাহুল, কিন্তু প্ৰথমখন মেচত তেওঁ খেলিব নোৱাৰিলে।

জোফ্ৰা আৰ্চাৰ (আৰ আৰ), ট্ৰেণ্ট ব’ল্ট (এম আই), জোছ হেজলউড (আৰ চি বি)

আই পি এল ২০২৫ত জোফ্ৰা আৰ্চাৰ, ট্ৰেণ্ট ব’ল্ট আৰু জোছ হেজলউডে লাভ কৰিছে ১২.৫০ কোটি টকা। আৰ্চাৰক ৰাজস্থান ৰয়েলছে, ব’ল্টক মুম্বাই ইণ্ডিয়ানছ আৰু হেজলউড ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অংশ। আই পি এলৰ প্ৰথমখন মেচত আৰ্চাৰে এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহয়। আনহাতে হেজলউডে আই পি এল ২০২৫ চনৰ প্ৰথমখন খেলত ৪ অভাৰত ২২ ৰানত ২ উইকেট দখল কৰে।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?