ফ্ৰান্সৰ টেবুল টেনিছ খেলুৱৈ পৃথিকা পাভডেৰ ওপৰতো অনুৰাগীৰ দৃষ্টি থাকিব। পৃথিকাৰ পিতৃৰ জন্ম হৈছিল পুডুচেৰীত। ২০০৩ চনত বিবাহৰ পিছত পেৰিছত বসতি স্থাপন কৰে আৰু এবছৰৰ পিছত পৃথিকাৰ জন্ম হয়। নিজে টেবুল টেনিছ খেলুৱৈ হোৱা পিতৃয়ে তেওঁক এই খেলৰ সৈতে পৰিচয় কৰাই দিছিল। ১৬ বছৰ বয়সত তেওঁ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিছিল। এইবাৰ পৃথিকাই মহিলা একক, মহিলা ডাবল আৰু মিক্স ডাবলছত খেলিব।