ৰাজপথৰ গাঁত নোহোৱা কৰিবলৈ বনোৱা হ’ব বিশেষ এপ: ক’লে মুখ্যমন্ত্ৰীয়ে…
অতি সহজে সমাধান হ'ব পথত থকা গাঁতৰ সমস্যা। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰিছে এক বিশেষ ঘোষণা। এপ্ৰিল-মে' মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বাবে মুকলি কৰা হ'ব বিশেষ এপ।
আমি প্ৰায়ে অসমৰ পথৰ দুৰৱস্থাৰ বাতৰি লাভ কৰো। জৰাজীৰ্ণ পথৰ বাবে বহু সময়ত ৰাইজে প্ৰতিবাদ কৰাও দেখা যায়। পথত থকা গাঁতৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। কেৱল গাঁও বুলিয়ে নহয় ৰাষ্ট্ৰীয় ঘাইপথসমূহতো সৃষ্টি হয় গাঁতৰ। যাৰ বাবে পথচাৰীসকল সমস্যা সন্মুখীন হ’ব লগা হয়। গুৱাহাটী মহানগৰীটো এনে বহু জৰাজীৰ্ণ পথ আছে। যাৰ বাবে মহানগৰবাসীয়ে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগী আহিছে। কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই। অতি সহজে সমাধান হ’ব পথত থকা গাঁতৰ সমস্যা। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰিছে এক বিশেষ ঘোষণা। এপ্ৰিল-মে’ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
ফেচবুক লাইভৰ জৰিয়তে এই ঘোষণা মুখ্যমন্ত্ৰীৰ। ইয়াৰ বাবে চৰকাৰে মুকলি কৰিব এটা বিশেষ এপ। য’ত আপুনি নিজেই দিব পাৰিব আপোনাৰ অঞ্চলত থকা পথৰ গাঁতৰ ফটো দিয়ক। তাৰ লগে লগে আৰম্ভ হ’ব এক্সন। এপছত আপলোড দিয়াৰ লগে লগেই লোকনিৰ্মাণ বিভাগে ল’ব ব্যৱস্থা। পিছদিনাই PWDএ ৰাস্তাৰ গাঁতৰ পুতি থৈ আহিব। এই আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৫খন চহৰত আৰম্ভ কৰা হ’ব এই ব্যৱস্থা। পাছত এই ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, “ৰাস্তাৰ কথা ভাবি থাকোতে মোৰ এটা আইডিয়া আহিছে। ৰাস্তাত দেখা গাঁতবোৰৰ ফটো মাৰি আপুনি যদি এটা এপত দিয়ে আৰু PWDয়ে সেই ফটো চাই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আমি তেনেকুৱা ব্যৱস্থা কৰিবলৈ এটা এপ বনাব পাৰো। প্ৰথমৱস্থাত সমগ্ৰ ৰাজ্যত নহলেও গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, এই ৫খন চহৰৰ বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম। য’তে ৰাস্তা গাঁত দেখা তাৰ পৰাই ফটো মাৰি ঠাইখনৰ সংকেত দিব। তাৰ পাছত দুদিনৰ ভিতৰতে গৈ PWDয়ে গৈ গাঁতটো মাৰি দিব।”
তেওঁ লগতে কয়, “এয়া হ’ব নতুন অসম। মই বিষয়াসকলক কৈছোঁ, লাহে লাহে গোটেই অসমত কৰিম। কিন্তু এতিয়া ৫খন চহৰৰ বাবে এপ মুকলি কৰক। যাতে য’তে ৰাস্তাৰ গাঁত দেখিলে ৰাইজে ফটো তুলিব। তাৰ পাছত লোক নিৰ্মাণ বিভাগক দিব। লাহে লাহে আমি গৈ গাঁতবোৰ নোহোৱা কৰিম। মই তেওঁলোকক দুমাহ সময় দিছোঁ। সুন্দৰকৈ এপটো বনাই দিয়ক । এদিন আমি সকলোৱে বহি এই এপটো মুকলি কৰিম।”