অভিষেক শৰ্মাৰ সৈতে কি ঘটিছিল দিল্লী বিমান বন্দৰত ? কৰ্মচাৰীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ তাৰকা ক্ৰিকেটা গৰাকীৰ
সামাজিক মাধ্যমত সদৰী কৰা মতে, ইণ্ডিগ' কৰ্মচাৰীয়ে বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ৰিকেটাৰ অভিষেক শৰ্মাই । কাউণ্টাৰ মেনেজাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অভিষেকে।
দিল্লী বিমান বন্দৰত কি হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ অভিষেক শৰ্মাৰ সৈতে ? সামাজিক মাধ্যমৰ জৰিয়তে বিমান বন্দৰৰ সমগ্ৰ ঘটনা বিৱৰণ দাঙি ধৰিছে ক্ৰিকেটাৰ গৰাকীয়ে । সামাজিক মাধ্যমত সদৰী কৰা মতে, ইণ্ডিগ’ কৰ্মচাৰীয়ে বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ৰিকেটাৰ অভিষেক শৰ্মাই । কাউণ্টাৰ মেনেজাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অভিষেকে। অভিষেকে অনুভৱ প্ৰকাশ কৰি কয় যে, ইমান বেয়া অভিজ্ঞতা আগতে কেতিয়াও হোৱা নাছিল।
অভিষেক শৰ্মাই কয় যে, তেওঁ সঠিক সময়ত সঠিক কাউণ্টাৰত উপস্থিত হৈছিল । ইয়াৰ পিছতো তেওঁক অপ্ৰয়োজনীয়ভাৱে কাউণ্টাৰ মেনেজাৰে আন এটা কাউণ্টাৰলৈ যাবলৈ ক’লে। অভিষেকৰ মতে, এই ধৰণৰ কাৰ্যৰ বাবে তেওঁ বিমানেৰে যাত্ৰা কৰিব নোৱাৰিলে । অৰ্থাৎ যিখন বিমানেৰে তেওঁ যাত্ৰা কৰিবলগীয়া আছিল সেই বিমানখনত যাত্ৰা কৰিব নোৱাৰিলে । কাউণ্টাৰ মেনেজাৰ সুষমিতা মিত্তলৰ মান উল্লেখ কৰি এই অভিযোগ উত্থাপন কৰিছে ভাৰতীয় তাৰকা ক্ৰিকেটা গৰাকীয়ে ।
অভিষেকে আৰু কয় যে, তেওঁৰ মাত্ৰ এদিনৰ ছুটী আছে। কিন্তু এতিয়া বিমানখনত যাত্ৰা কৰিব নোৱাৰাৰ বাবে সেই সময় নষ্ট হৈছে। লগতে বিমান সংস্থাটোৱে কোনো ধৰণৰ সহায় নকৰাৰো অভিযোগ উত্থাপন কৰিছে অভিষেক শৰ্মাই । তেওঁ কয় যে, যিকোনো বিমান সংস্থাৰ সৈতে তেওঁৰ এইটোৱেই আটাইতকৈ বেয়া অভিজ্ঞতা।
শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দলত নিৰ্বাচিত হৈছে অভিষেক শৰ্মা। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত সঞ্জু চেমছনৰ সৈতে অভিষেক শৰ্মাই অপেনিং কৰাৰ সম্ভাৱনা আছে । অভিষেক শৰ্মাৰ বৰ্তমান ভাল ফৰ্মত আছে । চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত ভাল প্ৰদৰ্শন কৰে অভিষেক শৰ্মাই। ইংলেণ্ডৰ বিৰুদ্ধেও অভিষেক শৰ্মাই একে ফৰ্ম অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে।