পুনৰ ২২ গজৰ যুঁজত ভাৰত-পাকিস্তানঃ কেতিয়া হ’ব এই হাইপ্ৰফাইল মেচ!
যোৱা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হৈছিল ভাৰত আৰু পাকিস্তানৰ এই মেচখন। সমগ্ৰ ক্ৰিকেট বিশ্বই চুবুৰীয়া এই ক্ৰিকেট শক্তি দুটাৰ মাজত এক ৰোমাঞ্চকৰ যুঁজ আশা কৰিছিল যদিও ভাৰতে একপক্ষীয়ভাৱেই মেচখনত জয়লাভ কৰে। আগন্তুক কেইমাহমানৰ ভিতৰতে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ ২২ গজৰ আকাংক্ষিত যুঁজ হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছে।

পুনৰ ভাৰত-পাকিস্তানৰ মেচ
সমগ্ৰ ক্ৰিকেট বিশ্বৰ চকু এতিয়া চেম্পিয়নছ ট্ৰফীৰ ওপৰত। চলিত এই প্ৰতিযোগিতাত ভাৰত আৰু নিউজিলেণ্ডে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আয়োজক পাকিস্তান আৰু বাংলাদেশ, ইংলেণ্ডে বিদায় লৈছে। আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত ছেমিৰ আন দুটা স্থান পূৰণৰ বাবে চলিব যুঁজ। আয়োজক পাকিস্তানৰ বিদায়ে সম্প্ৰতি দেশখনৰ ক্ৰিকেটপ্ৰেমীক যথেষ্ট ক্ষোভিত কৰি তুলিছে। ভাৰতৰ বিপক্ষে পৰাজয়েই দলটোৰ বিদায়ৰ পথ মুকলি কৰি দিয়ে।
যোৱা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হৈছিল ভাৰত আৰু পাকিস্তানৰ এই মেচখন। সমগ্ৰ ক্ৰিকেট বিশ্বই চুবুৰীয়া এই ক্ৰিকেট শক্তি দুটাৰ মাজত এক ৰোমাঞ্চকৰ যুঁজ আশা কৰিছিল যদিও ভাৰতে একপক্ষীয়ভাৱেই মেচখনত জয়লাভ কৰে। সেয়ে ভাৰত-পাকিস্তানৰ মাজত এখন হাইপ্ৰফাইল ৰোমাঞ্চকৰ যুঁজৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মনত পুনৰ এবাৰ আকাংক্ষা জাগিছে বুলিব পাৰি। অনুৰাগীৰ এই অপেক্ষা শীঘ্ৰেই পূৰণৰ পথত।
চেম্পিয়নছ ট্ৰফীৰ মাজতে ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এই সুখবৰ। আগন্তুক কেইমাহমানৰ ভিতৰতে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ ২২ গজৰ আকাংক্ষিত যুঁজ হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছে। চেম্পিয়নছ ট্ৰফীৰ পিছত এইবাৰ আলোচনালৈ আহিছে এছিয়া কাপ। এই প্ৰতিযোগিতাতে ভাৰত আৰু পাকিস্তানৰ মাজত কমেও ৩খন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ক্ৰিকবাজে প্ৰকাশ কৰিছে এক প্ৰতিবেদন।
ক্ৰিকবাজৰ এই প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত অহা ছেপ্টেম্বৰ মাহত প্ৰতিযোগিতাখন আয়োজনৰ বাবে অনুমোদন জনোৱা হৈছে। প্ৰতিবেদন অনুসৰি, ৮টা দলৰ এই প্ৰতিযোগিতাখন ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা চতুৰ্থ সপ্তাহৰ ভিতৰত অনুষ্ঠিত হ’ব। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এছিয়া কাপো টি-২০ ফৰ্মেটতে অনুষ্ঠিত হ’ব।
ভাৰত আৰু পাকিস্তানৰ উপৰিও শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, ইউ এ ই, ওমান, আৰু হংকঙে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। এই ৮টা দলক ৪টাকৈ দুটা গ্ৰুপত ভাগ কৰা হ’ব। ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা হ’ব পাৰে বুলি চৰ্চা চলিছে আৰু এনে পৰিস্থিতিত গ্ৰুপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত। যদি দুয়োটা দল পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰে, তেন্তে ছুপাৰ-৪ পৰ্যায়তো পৰস্পৰৰ মুখামুখি হ’ব পাৰে।
ইয়াৰ পৰাই প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা দল দুটাই ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু যদি ভাৰত আৰু পাকিস্তান ছুপাৰ-৪ৰ শীৰ্ষ দুটা স্থানত থাকে, তেতিয়া ফাইনেলত তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ’ব পাৰে। অৰ্থাৎ কেইদিনমানৰ ব্যৱধানতে সমগ্ৰ ক্ৰিকেট বিশ্বই ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখনকৈ হাইপ্ৰফাইল মেচ উপভোগৰ সুযোগ লাভ কৰিব পাৰে।