যোৱা ছিজনৰ খংবোৰ যেন ম্লান পৰিল, ৱাংখেড়েত দৰ্শকে হাৰ্দিকৰ প্ৰতি দেখুৱালে মৰম
আইপিএলত যোৱা ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অধিনায়ক হিচাপে ৰিটেইন কৰিছিল হাৰ্দিকক । তালিকা প্ৰকাশৰ পাছত খবৰ ওলাল যে ট্ৰেডিঙত গুজৰাট এৰি মুম্বাইত যোগ দিছে তেওঁ । গুজৰাট আৰু মুম্বাইৰ অনুৰাগীৰ চকুত এইটোৱেই হয়তো আছিল ডাঙৰ অপৰাধ । যোৱা ছিজনত প্ৰতিখন মেচত কটুক্তিৰ সন্মুখীন হৈছিল হাৰ্দিক । কিন্তু এইবাৰ হৃদয় জিনিছে দৰ্শকৰ ।

Redemption is well and truelly complete…। প্রেক্ষাপট সম্পূৰ্ণ পৃথক । হাৰ্দিক পাণ্ডিয়াৰ ক্ষেত্রত ক’ব পাৰিনে এইদৰে? তাৰ পূৰ্বে এই শাৰীটোৰ প্রেক্ষাপট জনাতো প্রয়োজন । হয়তো অনেকে জানে, বা অনেকেই নাজানে ।
এসময়ত অষ্ট্ৰেলিয়াত আধুনিক ক্ৰিকেটৰ ডন ব্ৰেডমেন আখ্যা দিয়া হৈছিল ষ্টিভ স্মিথক । কিংবদন্তি ডন ব্ৰেডমেনৰ সৈতে স্মিথৰ তুলনা । এই কথাই স্পষ্ট কৰে যে তেওঁৰ কদৰ কিমান । কিন্তু ২০১৭ চনৰ এটা ঘটনাই কাৰ্যতঃ কাঠগড়াত ঠিয় কৰাইছিল স্মিথক । দক্ষিণ আফ্ৰিকাৰ মাটিত বল টেম্পাৰিং কাণ্ড, ক্ৰিকেট ইতিহাসৰ কুখ্যাত ‘ছেণ্ড পেপাৰ গেট’ নামে পৰিচিত এই ঘটনা । ছিৰিছ কাগজেৰে বল পলিচ কৰিছিল সতীৰ্থই । কেমেৰাত ধৰা পৰে সেই ঘটনা । অধিনায়ক ষ্টিভ স্মিথ আৰু সহঃঅধিনায়ক ডেভিড ৱাৰ্ণাৰে দোষ স্বীকাৰ কৰিব লগীয়া হয় এই কাণ্ডৰ ।
অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে তাৎক্ষণিকভাৱে দেশলৈ মাতি পঠিয়াই দুয়োকে । ব’ৰ্ডে নিৰ্বাসন দিয়ে তেওঁলোকক । ষ্টিভ স্মিথৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱন যেন এক মুহূৰ্তত তনচন হৈ গৈছিল । সংবাদমেলত ক্ষমা বিচৰাৰ সময়ত কান্দোনত ভাঙি পৰে স্মিথ । ভুলৰ উপলব্ধি কৰিলেও ক্ষমা কৰিব পৰা নাছিল ক্ৰিকেটপ্ৰেমীয়ে । নিৰ্বাসনৰ অন্তত দেশীয় দললৈ ওভতাৰ পাচতো দেশে-বিদেশে কটুক্তিৰ সন্মুখীন হয় স্মিথ । আটাইতকৈ কঠিন পৰিস্থিতি আছিল ২০১৯ চনৰ বিশ্বকাপত । ইংলেণ্ডত এনে কোনো খেলপথাৰ নাছিল য’ত অনুশীলন আৰু মূল মেচত তেওঁক ‘চিটাৰ’ বুলি উপহাস কৰা হোৱা নাছিল ।
স্মিথে তাতোকৈও বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈছিল ইংলেণ্ড এছেজ ছিৰিজৰ সময়ত । খেল পথাৰত প্ৰৱেশৰ সময়ত, টীমৰ সৈতে বাছত উঠাৰ সময়ত, বাউণ্ডেৰীত ফিল্ডিং কৰাৰ সময়ত প্ৰতিমুহূৰ্তত তেওঁৰ কাণ ভাঁহি উঠিছিল সেই একেটাই শব্দ, ‘চিটাৰ’ । এছেজত দুৰ্দান্ত আছিল স্মিথৰ প্ৰদৰ্শন । ইংলেণ্ডৰ গেলাৰী, যিয়ে প্ৰতি নিয়ত অষ্ট্ৰেলিয়াৰ খেলুৱৈক চাপত ৰাখিবলৈ চেষ্টা কৰিছিল, তেওঁলোকেই কিন্তু মেচৰ শেষত থিয় হৈ অভিবাদন জনাইছিল স্মিথক । ধাৰাভাষ্যকাৰ ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে এই দৃশ্য দেখি কৈছিল ষ্টিভ স্মিথৰ প্ৰায়শ্চিত্ত সম্পূৰ্ণ ।
হাৰ্দিক পাণ্ডিয়াই এনে কোনো কাণ্ড কৰা নাই । তথাপিও আইপিএলৰ যোৱাটো ছিজনত বিভিন্ন ষ্টেডিয়ামত বিদ্ৰুপৰ সন্মুখীন হৈছিল তেওঁ । আটাইতকৈ কষ্টকৰ আছিল ঘৰুৱা খেল পথাৰ অৰ্থাৎ ৱাংখেড়েতো যেতিয়া গেলাৰীৰ পৰা ভাঁহি আহিছিল বিদ্ৰুপ আৰু নানা কটুক্তি । পাণ্ডিয়াই এনে কি ভুল কৰিছিল? আইপিএলত যোৱা ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অধিনায়ক হিচাপে ৰিটেইন কৰিছিল হাৰ্দিকক । তালিকা প্ৰকাশৰ পাছত খবৰ ওলাল যে ট্ৰেডিঙত গুজৰাট এৰি মুম্বাইত যোগ দিছে তেওঁ ।
গুজৰাট আৰু মুম্বাইৰ অনুৰাগীৰ চকুত এইটোৱেই হয়তো আছিল ডাঙৰ অপৰাধ । সমস্যা অধিক বৃদ্ধি পায়, যেতিয়া মুম্বাইক পাঁচবাৰকৈ চেম্পিয়ন কৰা ৰোহিতক নমাই হাৰ্দিকক দিয়া হয় অধিনায়কৰ দায়িত্ব । অথচ ৰোহিতক ৰিটেইন কৰা হৈছিল অধিনায়ক হিচাপে । ট্ৰেডিঙত হাৰ্দিক উভতি অহাৰ পাচতেই পৰিস্থিতি সলনি হয় । ৰোহিতো হয়তো অভিমানী হৈছিল, কিন্তু সেয়া বুজিবলৈ নিদিলে ।
যোৱা বছৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত মুম্বাইত ভাৰতীয় দলৰ বাছ পেৰেড দেখা যায় । ৱাংখেড়ে ষ্টেডিয়ামত মূল অনুষ্ঠান । তাতেই গেলাৰীৰ পৰা হাৰ্দিকক প্ৰেমেৰে উপচাই দিছিল অনুৰাগীয়ে । আইপিএলৰ পূৰ্বে কিন্তু আশংকা সম্পূৰ্ণ শেষ হোৱা নাছিল । কাৰণ, সাফল্য হওক বা ব্যৰ্থতা, কোনো স্থায়ী নহয় । এই ছিজনত দুটা পৰাজয়ৰ পাছত এতিয়া ঘৰুৱা খেল পথাৰত মেচ, গেলাৰীৰ আচৰণ কেনে হ’ব? এয়াই আছিল প্ৰশ্ন ।
হাৰ্দিকৰ বুদ্ধিদীপ্ত অধিনায়কত্ব, বলিঙত সুন্দৰ প্ৰদৰ্শনেৰে কেকেআৰক শোচনীয়ভাৱে পৰাস্ত কৰে মুম্বায়ে । গেলাৰীত দেখা গ’ল উল্লাস । গুঞ্জৰিত হাৰ্দিক হাৰ্দিক ধ্বনি । গেলাৰীৰ দৰ্শকলৈ হাৰ্দিকৰ ফ্লায়িং কিছ্ । সৰু সৰু নানা মুহূৰ্তই সলনি কৰিছিল সকলো । হাৰ্দিকক আঁকোৱালি ল’লে মুম্বায়ে । হয়তো এই দৃশ্যসমূহৰ বাবেই বিভিন্ন দৃষ্টিকোণৰ পৰা ক’ব পাৰি, ভুল থাকক বা নাথাকক, প্ৰায়শ্চিত সম্পূৰ্ণ হ’ল হাৰ্দিকৰ ।
প্ৰতিবেদন- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা