শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘হয়তো আৰু পুনৰবাৰ নেখেলিম…’! আই পি এলৰ প্ৰাকক্ষণত এয়া কি ক’লে কোহলীয়ে

আই পি এলক লৈ চলি থকা চৰ্চাৰ মাজতে দেশৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এক বিশেষ মন্তব্য কৰিছে। কোহলীৰ এই মন্তব্যই এতিয়া অনুৰাগীসকলকো উদ্বিগ্ন কৰি তুলিছে। বিগত কিছুদিনৰ পৰা ভাৰতীয় দলৰ একাংশ জ্যেষ্ঠ খেলুৱৈৰ কেৰিয়াৰৰ ভৱিষ্যতক লৈ ব্যাপক চৰ্চা চলিছে। কোহলীৰ আজিৰ মন্তব্যই এই বিষয়তো বিশেষ ইংগিত প্ৰদান কৰিছে।

‘হয়তো আৰু পুনৰবাৰ নেখেলিম…’! আই পি এলৰ প্ৰাকক্ষণত এয়া কি ক’লে কোহলীয়ে
বিৰাট কোহলীৰ মন্তব্যক লৈ চলিছে চৰ্চা
monjit-dutta
Monjit Dutta | Published: 15 Mar 2025 23:18 PM

বিশ্বৰ আটাইতকৈ ব্যয়বহুল তথা জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। প্ৰতিযোগিতাখনৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে আৰম্ভ কৰিছে অনুশীলন। প্ৰস্তুতিত ব্যস্ত ৰথী-মহাৰথীসকল। ইফালে প্ৰতিযোগিতাৰ ৰোমাঞ্চ উপভোগৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অনুৰাগীসকলেও। আই পি এলক লৈ এই চৰ্চাৰ মাজতে দেশৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এক বিশেষ মন্তব্য কৰিছে। কোহলীৰ এই মন্তব্যই এতিয়া অনুৰাগীসকলকো উদ্বিগ্ন কৰি তুলিছে।

বিগত কিছুদিনৰ পৰা ভাৰতীয় দলৰ একাংশ জ্যেষ্ঠ খেলুৱৈৰ কেৰিয়াৰৰ ভৱিষ্যতক লৈ ব্যাপক চৰ্চা চলিছে। এনে চৰ্চাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই অৱসৰৰ সম্ভাৱনা অস্বীকাৰ কৰিছে। দলৰ আন এগৰাকী জ্যেষ্ঠ তাৰকা বিৰাট কোহলী সন্দৰ্ভতো এই বিষয়ত আলোচনা চলি আছে। এই সন্দৰ্ভত কোহলীয়ে আজি এক বিশেষ মন্তব্য কৰিছে। মূলতঃ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত কোহলীয়ে এই মন্তব্য কৰিছে।

তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আজি নিজ আই পি এল ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ এটা ইভেণ্টত অংশ লয়। এই ইভেণ্টত কোহলীক তেওঁৰ শেহতীয়া ফৰ্মৰ বিষয়ে এক প্ৰশ্ন কৰা হৈছিল। ভাৰতৰ চেম্পিয়নছ ট্ৰফী অভিযানৰ অন্যতম সফল সদস্য কোহলীয়ে প্ৰতিযোগিতাখনৰ পূৰ্বে অষ্ট্ৰেলিয়া ভ্ৰমণত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছিল। এই ভ্ৰমণত তেওঁৰ বেটৰ পৰা এটা শতক আহিছিল যদিও সামগ্ৰিক প্ৰদৰ্শন আছিল নিৰাশাজনক।

সাধাৰণতে নিজ কেৰিয়াৰত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত সদাসফল হোৱা কোহলীয়ে শেহতীয়া ভ্ৰমণত ৰান সংগ্ৰহৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগা হৈছিল। প্ৰায় একেধৰণেই কেইবাবাৰো অষ্ট্ৰেলিয়ান বলাৰৰ চিকাৰ হৈছিল তাৰকাগৰাকী। আজিৰ ইভেণ্টত কোহলীক অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁৰ এই ব্যৰ্থতা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কোহলীয়ে কয়, “মই হয়তো আৰু অষ্ট্ৰেলিয়া ভ্ৰমণত খেলিব নোৱাৰিম, গতিকে আগতে যি হৈছিল তাতেই মই সন্তুষ্ট।”

উল্লেখ্য যে ভাৰতীয় দলে পৰৱৰ্তী অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ২০২৭ চনৰ শেষৰ ফালে। অৰ্থাৎ এই ভ্ৰমণলৈ মাজত আৰু দুটা বছৰ আছে। কোহলীৰ আজিৰ উত্তৰে তেওঁ যে এই দুই বছৰৰ ভিতৰতে টেষ্টৰ পৰা অৱসৰ ল’ব পাৰে, তাৰ সম্ভাৱনাই প্ৰকাশ পাইছে। কোহলীৰ এই মন্তব্যৰ পিছত এতিয়া তেওঁ যিকোনো সময়তে টেষ্টক বিদায় জনাব পাৰে বুলি অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলিছে।