শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণা, ক’লে- এয়া মোৰ বাবে এক সন্মান…

আই পি এল ২০২৫ৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে। যাৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল অনুৰাগীয়ে। অৱশ্যে এই নামে কিছু আচৰিত কৰি তুলিছে অনুৰাগীক। 

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণা, ক’লে- এয়া মোৰ বাবে এক সন্মান…
কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণাImage Credit source: X/KKR
trishna-kalita
Trishna Kalita | Updated On: 03 Mar 2025 19:51 PM

কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৫ৰ পূৰ্বে শ্ৰেয়াছ আয়াৰক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল। যিজন যোৱা ছিজনলৈকে দলটোৰ অধিনায়কৰ দায়িত্বত আছিল আৰু দলটোক চেম্পিয়ন কৰি তুলিছিল। এনে পৰিস্থিতিত আই পি এল ২০২৫ৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে। কেকেআৰে অজিংক্য ৰাহানেক অধিনায়ক হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে কতৃপক্ষই। একে সময়তে ভেংকটেশ আয়াৰে লাভ কৰিছে ভাইচ অধিনায়কৰ দায়িত্ব। উল্লেখ্য যে, আই পি এল ২০২৫ৰ মেগা নিলামৰ সময়ত কেকেআৰে অজিংক্য ৰাহানে কিনিছিল।

অজিংক্য ৰাহানে দ্বিতীয়বাৰৰ বাবে এই দলৰ অংশ হৈ পৰিছে। ইয়াৰ পূৰ্বে ২০২২ চনত তেওঁ এই কেকেআৰৰ অংশ আছিল। একে সময়তে এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছে মেগা নিলামত অজিংক্য ৰাহানেৰ বাবে ১.৫ কোটি টকা ব্যয় কৰিছিল। অৰ্থাৎ কেকেআৰে তেওঁক কেৱল ভিত্তি মূল্যত কিনিছিল। এনে পৰিস্থিতিত অজিংক্য ৰাহানেৰ বাবে এইটো এটা ডাঙৰ সুযোগ হ’বলৈ গৈ আছে। এই ঘোষণাৰ সময়ত কেকেআৰৰ চিইঅ’ ভেংকি মহীশূৰে কয়, ‘আমি সুখী যে আমি অজিংক্য ৰাহানেৰ দৰে খেলুৱৈক অধিনায়ক হিচাপে নিযুক্তি দিছোঁ, যিয়ে নিজৰ নেতৃত্বৰ ক্ষমতা আৰু অভিজ্ঞতাৰে দলটোক শক্তিশালী কৰিব। একে সময়তে ভেংকটেশ আয়েৰো কেকেআৰৰ বাবেও গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু তেওঁৰ গাঁত নেতৃত্ব লোৱাৰ গুণ আছে। আমি নিশ্চিত যে এই দুয়োজনে মিলি আমাৰ দলৰ বাবে সঠিক দিশ নিৰ্ধাৰণ কৰিব আৰু আমি আমাৰ খিতাপ ৰক্ষা কৰাত সফল হ’ম।

 

View this post on Instagram

 

A post shared by Kolkata Knight Riders (@kkriders)

ইফালে এই সিদ্ধান্তক লৈ অজিংক্য ৰাহানে কয় যে, আই পি এলৰ অন্যতম সফল ফ্ৰেঞ্চাইজি কে কে আৰৰ অধিনায়কত্ব লাভ কৰাটো মোৰ বাবে এক সন্মান। আমাৰ এটা ডাঙৰ আৰু সন্তুলিত দল আছে। মই সকলো খেলুৱৈৰ সৈতে কাম কৰি আমাৰ খিতাপ ৰক্ষাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আগ্ৰহী। এইবাৰ ২২ মাৰ্চৰ পৰা KKRৰে আৰম্ভ কৰিব অভিযান। ইডেন গাৰ্ডেনত আৰচিবিৰ দলৰ বিৰুদ্ধে খেলিব দলটোৱে।

অজিংক্য ৰাহানেৰ আই পি এল কেৰিয়াৰ

আই পি এলৰ এগৰাকী অন্যতম অভিজ্ঞ খেলুৱৈ অজিংক্য ৰাহানে। তেওঁ এই লীগত মুঠ ১৮৫খন মেচ খেলিছে, য’ত তেওঁ গড়ে ৩০.১৪ ৰান কৰি ৪৬৪২ ৰান সংগ্ৰহ কৰিছে। আই পি এলত তেওঁৰ নামত ৩০টা অৰ্ধশতক আৰু ২টা শতক আছে। একে সময়তে ৰাহানে কেকেআৰৰ হৈ ৭খন মেচ খেলিছে, য’ত তেওঁৰ নামত ১৩৩ ৰান আছে। আনহাতে অধিনায়কত্বৰ কথা ক’লে তেওঁ ইয়াৰ পূৰ্বে আই পি এলত ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব কৰিছিল।