হঠাতে মেলবৰ্ণত অজিত আগাৰকাৰঃ ৰোহিতৰ কেৰিয়াৰ সন্দৰ্ভত হ’ব আলোচনা!
টেষ্ট ফৰ্মেটত ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে ৰোহিত শৰ্মা। এনে ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। তাৰ মাজতে ভাৰতীয় দলৰ মুখ্য অজিত আগৰকাৰ মেলবৰ্ণত উপস্থিত হৈছে। আগাৰকাৰৰ এই ভ্ৰমণে ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন কৰিছে।
মেলবৰ্ণত অব্যাহত আছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বক্সিং ডে’ টেষ্ট। আজি টেষ্টখনৰ তৃতীয় দিনা ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজয়ৰ সম্ভাৱনা ৰোধৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ভাৰতীয় দলে। ঘৰুৱা দলটোৰ বিশাল স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে এতিয়াও ফ’ল’অন ৰক্ষাৰ বাবে যুঁজ দি আছে। বেটিঙত পৰিলক্ষিত হোৱা ব্যৰ্থতাই ভাৰতীয় দলক বিপৰ্যয়ৰ দিশলৈ ঠেলি দিছে। খোদ দলৰ অধিনায়ক ৰোহিত শৰ্মাই এই শৃংখলাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। চলিত মেলবৰ্ণ টেষ্টতো এই ব্যৰ্থতাৰ ধাৰা অব্যাহত আছে ৰোহিতৰ।
পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত অনুপস্থিতিৰ পিছত ৰোহিতে দ্বিতীয় আৰু তৃতীয় টেষ্টত মিডল অৰ্ডাৰত বেটিং কৰিছিল। কিন্তু দুয়োখন টেষ্টতে চূড়ান্ত ব্যৰ্থ হৈছিল ভাৰতীয় অধিনায়কগৰাকী। মেলবৰ্ণ টেষ্টত ৰোহিতে দলৰ অপেনিঙৰ দায়িত্ব লৈ ক্ৰীজত নামিছিল যদিও মাত্ৰ ৩ ৰান কৰিয়েই নিজৰ উইকেট তুলি দিছিল অষ্ট্ৰেলিয়াৰ হাতত। এনে ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
এনে চৰ্চাৰ মাজতে ভাৰতীয় দলৰ মুখ্য অজিত আগৰকাৰ মেলবৰ্ণত উপস্থিত হৈছে। আগাৰকাৰৰ এই অষ্ট্ৰেলিয়া ভ্ৰমণক কেন্দ্ৰ কৰি এক বিশেষ দাবী উত্থাপন হৈছে। ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দৰ্ভত আলোচনাৰ বাবে মুখ্য নিৰ্বাচক আগাৰকাৰ অষ্ট্ৰেলিয়াত উপস্থিত হোৱা বুলি দাবী কৰা হৈছে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি আগাৰকাৰে ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা কৰিব পাৰে।
এই প্ৰতিবেদন অনুসৰি ভাৰতীয় দলে যদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰে, তেন্তে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনীত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ অন্তিম টেষ্ট ৰোহিতৰ কেৰিয়াৰৰো অন্তিম টেষ্ট হ’ব পাৰে। অহা বৰ্ষৰ আৰম্ভণিৰ ফালে চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। প্ৰতিবেদন অনুসৰি আগৰকাৰে ৰোহিতৰ সৈতে আলোচনাত মিলিত হৈ টেষ্টৰ দায়িত্বৰ পৰা আঁতৰাই চেম্পিয়নছ ট্ৰফীত মনোনিৱেশৰ বাবে সন্মত কৰাব পাৰে।
উল্লেখ্য যে ৰোহিত শৰ্মাই টেষ্ট ফৰ্মেটত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত তেওঁ ৪ ইনিংছত ৫.৫ গড়ে মাত্ৰ ২২ ৰানহে কৰিছে। এই চাৰিটা ইনিংছত ৰোহিত শৰ্মাৰ বেটৰ পৰা আহিছে ক্ৰমে ৩,৬,১০ আৰু ৩ ৰানৰ ইনিংছ। আনহাতে টেষ্টৰ শেহতীয়া ১৪টা ইনিংছত তেওঁ ১১.০৭ গড়ে মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছে।
এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা মাত্ৰ ১টা অৰ্ধশতকহে আহিছে। এই ১৪ ইনিংছত ৰোহিতে ৫ বাৰ দহকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে ১০ ৰানৰ কম স্ক’ৰত ৯ বাৰ আউট হৈছিল। একে সময়তে ৰোহিতৰ নেতৃত্বত শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰতে ০-৩ ব্যৱধানত টেষ্ট শৃংখলাত পৰাস্ত হৈছিল ভাৰতীয় দল। এনে পৰিস্থিতিৰ পিছত সংকটাপন্ন হৈ পৰিছে ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা।